অসমীয়া সংগীতৰ জগতৰ উজ্জল নক্ষত্ৰ স্বৰূপ জয়ন্ত হাজৰিকা দেৱৰ জীৱন যাত্ৰা ।
অসমীয়া সংগীতৰ জগতৰ এক উজ্জল নক্ষত্ৰ স্বৰূপ জয়ন্ত হাজৰিকা দেৱৰ উপজা দিন।
তেখেতৰ এই বিশেষ দিনটোত Rnewsindia24 ৰ পৰিয়ালে গভীৰ শ্ৰদ্ধাৰে সুৱৰিছোঁ।
তেখেত একাধাৰে গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ।
বহুতো কালজয়ী গীত আগবঢ়াই থৈ অসমীয়া সংগীত জগতৰ ভঁৰাল চহকী কৰি গৈছে।
তেওঁ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।
জয়ন্ত হাজৰিকাৰ জীৱনযাত্ৰাঃ
তেখেতে জন্ম হৈছিল ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত।
পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃ নাম শান্তিপ্ৰিয়া হাজৰিকা।
জয়ন্ত হাজৰিকাক ঘৰত ৰানা বুলি মাতিছিল।
ড॰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক।
তেখেতে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল।
১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে।
জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল।
গীতটো লিখিছিল ককায়েক নৃপেন হাজৰিকাই।
১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰ পৰা পঁচিছ টকা লৈ ঘৰৰপৰা নিৰুদ্দেশ হৈছিল।
পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল।
এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল।
১৯৬২ চনত কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত ‘আগলি বতাহে কপালে কলৰে পাত‘ (গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈ) আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া‘
(গীতিকাৰ মায়াশ্ৰী বৰকটকী) নামৰ গীত দুটা বাণীবদ্ধ কৰে।
এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে।
ইয়াৰ পাছৰ বছৰতে জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা “মণিৰাম দেৱান” বোলছবিৰ গানত কণ্ঠদান কৰে।
এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল।
ইয়াৰ পাছতে তেখেতে ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।
জয়ন্ত হাজৰিকাই ‘লটিঘটি‘ আৰু ‘চিকমিক বিজুলী‘ অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।
১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
তেওঁলোকৰ সন্তানটিৰ ময়ুখ হাজৰিকাৰ।
১৯৭৭ চনত ‘নতুন আশা‘ বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয়।
তেখেতৰ পত্নী মনীষা হাজৰিকাই তেখেতৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰে।
জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ দিয়াৰ উপৰিও কেইবাবিধো বাদ্য যন্ত্ৰ বজোৱাত পাৰ্গত আছিল।
তেখেতে গীটাৰ, ডুম্ৰা, মেণ্ডোলিন, এক’ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল।
জয়ন্ত হাজৰিকাৰ সংগীত অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনি আছিল।
পশ্চিমীয়া সংগীতৰ সংযোজন আছিল জয়ন্ত হাজৰিকাৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য।
মুখ্ৰা আৰু অন্তৰাৰ অপৰম্পৰাগত সংগীতৰ প্ৰয়োগ তেখেতৰ আন এক বৈশিষ্ট্য ।
তেখেতে ‘সুৰ বাহিনী‘ৰ বাবে ৮টা গীত সৃষ্টি কৰিছিল – লুইতৰ বলীয়া বান, দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ, আজি প্ৰাণৰ মেলা পাতিছোঁ, ভয় নাই ভয় নাই, একো নাই শূন্য হাঁয়, এতিয়াও ৰাতি নাই, অভিযাত্ৰী দূৰৈৰ যাত্ৰী আৰু এইটো প্ৰহৰ শূন্য প্ৰহৰ।
১৯৭৭ চনত গোলাঘটীয়া ৰাইজৰ সহযোগত জয়ন্ত হাজৰিকাই ‘সুৰ-বাহিনী’ নামে এটা অনুষ্ঠান গঠন কৰে।
অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটে-পথে গান পৰিৱেশন কৰি ধন আহৰণ কৰিছিল।
তেখেতৰ এই বাহিনীত কেবাজনো সংগীতজ্ঞই যোগ দিছিল।
সুৰ বাহিনী সৃষ্টি কৰাৰ পাছত জয়ন্ত হাজৰিকাই কৈছিল – “মই এতিয়া কথা ক’ম। কথা ক’ম মোৰ সুৰেৰে, মোৰ গীতেৰে।
মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়।
মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ’ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ।
সংস্কৃতিৰ নামৰ দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে”।
তেখেতে নিজাববীয়াকৈ সংগীত পৰিচালনা কৰা ছবিকেইখন হ’লঃ
বনৰীয়া ফুল, বৃষ্টি,
নিয়তি, ধৰ্মকাই, নতুন আশা।
জয়ন্ত হাজৰিকাই আধৰুৱা কৰি যোৱা ছবিকেইখন :-
ৰঙামেঘ, এনাজৰী,
পোহৰ, উপপথ।
তেখেতৰ উল্লেখযোগ্য গীতসমূহঃ মোৰ মিনতি, সময় গতিশীল, কেতিয়াবা বেজাৰতে, দেখা নাই, মোৰ মন চাতকৰ কণ্ঠই, সোণাৰ বৰণ পাখীৰে তোৰ, জীৱনটো যদি অভিনয় হয় আদি।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবলৈ চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24