অসমীয়া ভাষাৰ গুৰি ধৰোঁতা আনন্দৰাম ঢেকিয়াল ফুকন দেৱৰ জীৱনযাত্ৰাঃ
অসমীয়া ভাষাৰ বাবে কি কি কৰিছিল অসম গৌৰৱ বিশিষ্ট সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকনে ?
আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক, যি গৰাকী ব্যক্তিৰ আপ্ৰাণ চেষ্টাৰ ফলতেই বঙালী ভাষাৰ পৰিবৰ্তে অসমীয়া ভাষা অসমত প্ৰৱৰ্তন কৰিছিল।
তেখেত হৈছে আনন্দৰাম ঢেকিয়াল ফুকন।
তেওঁক অসমীয়া নৱজাগৰণৰ নায়ক বুলি অভিহিত কৰে।
ঊনবিংশ শতিকাৰ শিক্ষিত আৰু জাতি সচেতন অসমীয়াসকলৰ চিন্তাত বাঙালী ভাষাৰ আগ্ৰাসন প্ৰতিহত কৰা আৰু অসমীয়া ভাষা, সাহিত্য পুনৰ উদ্ধাৰ তথা প্ৰতিষ্ঠাৰ জাতীয় মহাৰণখনৰ ৰণশিঙা বজাই দিয়া প্ৰথম আৰু প্ৰধান মানুহজনেই আছিল আনন্দৰাম ঢেকিয়াল ফুকন।
তেখেত জন্ম হৈছিল ১৮২৯ চনত ২২ ছেপ্টেম্বৰত গুৱাহাটীত।
পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথম আহোম ৰজাৰ বিষয়া আছিল।
আনন্দৰাম ঢেকিয়াল ফুকন দুই বছৰ হওঁতে পিতৃৰ মৃত্যু হয়।
পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকনক উমানন্দৰ সংস্কৃত টোলত নাম লগাই দিয়ে।
১৮৩৭ চনত তেখেতে গুৱাহাটীৰ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰে।
জেম্ছ মেথিউ আৰু জেন্কিন্সৰ তত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল।
১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়।
সেই সময়ত ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল।
তাৰ পিছত কলিকতাৰ হিন্দু কলেজত নামভৰ্তি কৰে।
তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।
উভতি আহি তেখেতে সুধী বৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে, উৰ্দু আৰু ফাৰ্চী ভাষাৰ শিক্ষা গ্ৰহণ কৰে।
১৮৪৬ চনত তেওঁ মাহেন্দ্ৰী দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয়।
বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল।
তাৰ পিছত তেওঁ গুৱাহাটীত আইন অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুনোদইত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে।
১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ ‘জিম্মাদাৰ‘ হিচাপে নিযুক্ত হয়।
তেখেতে ‘ইংলেণ্ডৰ বুৰঞ্জী‘ নামৰ পুথি এখন প্ৰকাশ কৰে।
১৮৪৯ চনত ‘সহকাৰী আয়ুক্ত‘ৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ‘বিজনী ৰাজ এষ্টেট‘ৰ’ পদত দেৱান নিযুক্তি লাভ কৰে।
সেই পদত থাকোঁতেই তেখেতে ‘Estate Administration‘ নামৰ পুথি এখন ৰচনা কৰে।
ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ ‘উপ-সহকাৰী আয়ুক্ত‘ হিচাপে কাম কৰে।
১৮৫২ চনত তেখেতে স্থায়ী ভাৱে বৰপেটা ৰ ‘উপ-সহকাৰী আয়ুক্ত’ আৰু ‘উপায়ুক্ত‘ হিচাপে নিযুক্তি লাভ কৰে।
১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায়।
১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ‘ নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে।
১৮৫৩ চনত ঢেকিয়াল ফুকনে মি.এ.জে. মোফাট মিল্ছ চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবঢ়ায়।
ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁওৰ ‘উপায়ুক্ত’ পদলৈ বদলি কৰে।
১৮৫৫ চনত তেখেতৰ ‘দেৱানী মামলাৰ নিষ্পত্তি‘ গ্ৰন্থখন প্ৰকাশিত হয় একে সময়তে তেখেতে এখন অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে আৰু ‘A few remarks on the Assamese Language‘ নামৰ গ্ৰন্থখন ৰচনা কৰে।
তেওঁ ১৭ বছৰ বয়সত লিখা-মেলা কৰিবলৈ লয়।
প্ৰথমে অৰুনোদই ৰ বাবে লিখিবলৈ লৈছিল।
ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল ‘অসমীয়া ল’ৰাৰ মিত্ৰ‘।
এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।
তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা।
আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল।
১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিল্ছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি ডাঙি ধৰি আবেদন কৰিছিল।
বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ “য়েছে দৰজে ঠংচি” লৈ চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে।
এইজনা মহান ব্যক্তি ১৮৫৯ চনৰ ১৬ জুনত ২৯ বছৰ বয়সত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱন যাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24