৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.Com , September 23/2022:-
1. ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান।
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন। আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
2. বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাত, বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী সীমান্তবাসী ৰাইজৰ ।
3. ধেমাজি উপায়ুক্তৰ কার্যালয়ৰ দুই কর্মচাৰীক অপসাৰণ।
চাকৰিৰ পৰা আঁতৰোৱাৰ নির্দেশ উচ্চ ন্যায়ালয়ৰ।
দুই কর্মচাৰী হৈছে বর্ণালী দত্ত চাংমাই আৰু মৌচুমী ডেকা।
4. মঙলদৈত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ মন্তব্য-
সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে PFI ।
5. ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ।
দুৰ্গোৎসৱ উপলক্ষে 29 ছেপ্তম্বৰতে লাভ কৰিব দৰমহা।
ঘোষনা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাই।
6. গোলাঘাটত বিলাতী সুৰাৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
বিভিন্ন স্থানৰ পৰা জব্দ দেশীয় আৰু বিদেশী সুৰা।
7. গোৱালপাৰাত আয়ুষ্মান কাৰ্ডক লৈ ৰমৰমীয়া বেহা।
ভুৱা আয়ুষ্মান কাৰ্ড বনোৱা প্ৰতিষ্ঠানৰ মফিদুল ইছলাম আৰু আতিফুল ৰহমানক গ্ৰেপ্তাৰ।
8. কলিয়াবৰত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু। কলিয়াভোমোৰাৰ নৱনিৰ্মিত সেতু পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
9. ওদালগুৰিৰ ভেৰগাৱত শুক্লাই নৈৰ বুকুত অবৈধ খনন।
সাংবাদিকৰ কেমেৰা দেখি পলায়ন দুষ্কৃতিকাৰি।
10. বোকাখাতত পুনৰ গৰু ভৰ্তি ট্ৰাক জব্দ।
ট্ৰাকখনৰ পৰা জব্দ ২৩ টাকৈ চোৰাং গৰু।
11. দুখীয়া ল’ৰা-ছোৱালীৰ কাৰণে প্ৰয়োজন হ’লে ২০ ঘন্টালৈ ইন্টাৰনেট কাটিম- ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
12. সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী প্ৰতিবাদ। দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত জিলা সমিতিৰ প্ৰতিবাদ।
13. “কথা বিষম হ’ব” বুলি বঙাইগাঁও আক্ৰাছুৰ সকিয়নী বিধায়ক ফণীভূষণ চৌধুৰী আৰু পৰমানন্দ ৰাজবংশীক।
14. বিধবা মহিলাক আৰ্থিক সাহায্য দিব চৰকাৰে। এককালীনভাৱে বিধবা মহিলাক দিব ২৫হাজাৰ টকা।
15. নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত আছু আৰু ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ।
16. নগাঁৱত ঘোচ লৈ জালত পৰিল লাটমণ্ডল ৰঞ্জিত মহন্ত।
17. আজি ভাৰত-ভূটান সংযোগী প্ৰৱেশদ্বাৰ মুকলি কৰা হল।
ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল আঢ়ৈ বছৰ।
মুকলি কৰা হ’ল দাদগিৰি-গেলেংকু প্ৰৱেশদ্বাৰ।
18. নিযুক্তি লাভ কৰা সকললৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন।
‘নিৰ্বাচনৰ সময়ত আমি
১ লাখ চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিম বুলি প্রতিশ্রুতি দিছিলোঁ’
আমি সংকল্প লৈছিলো, প্রতিশ্রুতি পূৰণৰ বাবে আমি প্রচেষ্টা কৰিম’। অনাগত দিনবোৰত এনেকুৱা বহু সিদ্ধান্ত দেখিবলৈ পাব’
১ লাখ নিযুক্তি সম্পূৰ্ণ নোহোৱালৈকে এই প্রচেষ্টা অব্যাহত থাকিব।
19. জখলাবন্ধা আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি এখন নৈশ বাছ।
অৰুণাচলৰ পৰা ৰূপহী অভিমুখে গৈ থকা সময়তে জব্দ বাছখন।
20. প্ৰবল বৃষ্টিপাতত জনজীৱন ব্যাহত উত্তৰ প্ৰদেশত।
কৃত্ৰিম বানপানীৰ ফলত বন্ধ বিভিন্ন কাৰ্যালয়, শিক্ষানুষ্ঠান।
News Editor Sangita Dutta Reports R News India 24