৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com September 24/2022 :-
1. গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দ্বিতীয়টো
ৰেডিঅ’লজী যন্ত্র মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ মন্তব্য কৰে- ‘এই যন্ত্রটোৰ জৰিয়তে কৰ্কট ৰোগীসকল উপকৃত হ’ব’।
2. ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ কৰ্মশালা।
খানাপাৰা ষ্টাফ কলেজত দুদিনীয়াকৈ কৰ্মশালা খনি আয়োজন কৰে।
3.বিহাৰৰ কিষাণগঞ্জৰ বিখ্যাত পুৰণি কালী মন্দিৰ দৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।
মা কালী দেৱীক পূজা-অৰ্চনা মন্ত্ৰী গৰাকীৰ।
ফতেহপুৰ, পেকটল, বেৰিয়া, আমগাচী আৰু ৰাণীগঞ্জৰ সীমান্ত চেক পইণ্ট উদ্বোধন কৰে অমিত শ্বাহে।
4.পেঙেৰী-বৰডুমছা সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা।
পথৰ মাজত থকা গাঁতৰ বাবে সঘনে সংঘটিত হৈছে দুৰ্ঘটনা।
5. আজিৰে পৰা কাজিৰঙাৰ কহৰা বৰগছ ৰিজৰ্টত বিজেপিৰ তিনিদিনীয়াকৈ চিন্তন শিবিৰ।
২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি বৈঠকৰ আয়োজন।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
6. বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ,
আমগুৰি-মৰিয়নীৰ সীমামুৰীয়া এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক।
7. অৱশেষত টেনিছ ক’ৰ্টৰ পৰা বিদায় ল’লে ৰজাৰ ফেডেৰাৰে।
শুকুৰবাৰে লেভাৰ কাপত তেওঁৰ সংগী ৰাফেল নাডালৰ কাপত সৈতে ডাবলছ মেচত পৰাস্ত হোৱাৰ লগে লগে তেওঁৰ বৰ্ণিল কেৰিয়াৰৰ অন্ত পৰে।
কেৰিয়াৰৰ অন্তিমখন মেচ খেলাৰ পিছত যথেষ্ট আবেগিক হৈ পৰা দেখা যায় ফেডেৰাৰক।
তেওঁ কান্দি থকা দেখি ৰাফেল নাডালৰো চকুলো নিগৰে।
8. নামনি সোৱণশিৰি বান্ধৰ নামনি অংশত বৃহৎ ক্ষতি।
মূল বান্ধৰ ওপৰেৰে ২নং গেট ভাঙি পানী বাগৰিছে।
9. ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাত ডকাইতি কাণ্ড, চাহ বাগিচাৰ পৰিচালকৰ পৰা ডকাইতৰ দলে লুটি নিলে নগদ ধন।
10. গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে অসম দলৰ KIT মুকলি। মুখ্যমন্ত্ৰী হিমন্ত বি্শ্ব শৰ্মাই মুকলি কৰে KIT
11. দেশজুৰি CBIৰ বৃহৎ অভিযান।
অসমতো চলিছে CBIৰ অভিযান।
শিশু পৰ্ণগ্ৰাফী চক্ৰৰ বিৰুদ্ধে “অপাৰেচন মেঘদূত’। ইণ্টাৰপ’লৰ তথ্যৰ ভিত্তিত CBIৰ এই অভিযান।
12. ডিব্ৰুগড়ত মুকলিকৈ চলিছে মদ,জুৱা আৰু গাঞ্জাৰ আদ্দা।
13. PFI ৰ বিৰুদ্ধে সৰৱ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ।
PFI ক অসমৰ পৰা পুলিয়ে পোখালিয়ে উভালি পেলাবলৈ আহ্বান।
14.অটল অমৃত-আয়ুস্মান কাৰ্ডক লৈ বৃহৎ ঘোষণা ড° হিমন্ত বিশ্ব শৰ্মাৰ।
২লাখৰ পৰিবৰ্তে লাভ কৰিব ৫ লাখ টকা আৰু ৰেচন কাৰ্ড থাকিব লাগিব।
15. চলিত বৰ্ষৰ ৪ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ শ্বিলঙত অনুষ্ঠিত হ’ব পাহাৰ উৎসৱ।
মেঘালয়ৰ স্থানীয় জনগোষ্ঠীসমূহে ২ দিনীয়া বাৰ্ষিক উৎসৱত নিজৰ পৰম্পৰাগত শিল্প, সংগীত, ৰান্ধনীশাল প্ৰদৰ্শন কৰিব।
16. অটল অমৃত কাৰ্ড থকা সকলৰ বাবে ভাল খবৰ ।এতিয়াৰ পৰা অটল অমৃত কাৰ্ড ৰূপান্তৰিত হব আয়ুস্মান কাৰ্ডলৈ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
17. ধৰালৈ নামিল শৰৎ।
শৰৎ বুলি কোৱাৰ লগে লগে দুৰ্গোৎসৱৰ এক উখল মাখল পৰিবেশ।
এইবাৰ নিউ বঙাইগাঁৱৰ বিজি কলনিত দিল্লীৰ অক্ষৰ ধামৰ আৰ্হিত চলিছে মণ্ডপ নিৰ্মাণ।
বাঁহ, কাঠ, প্লাইউডৰ সহায়ত নিৰ্মাণ চলিছে অক্ষয় ধামৰ আৰ্হিৰ পূজা মণ্ডপৰ নিৰ্মাণকাৰ্য।
এই মণ্ডপৰ উচ্চতা হ’ব প্ৰায় সত্তৰ ফুট।
18. ৰাষ্ট্ৰপতি ভৱনত ২০২০-২১ বৰ্ষৰ এন এছ এছ বঁটা প্ৰদান অনুষ্ঠান।
দৰবাৰ হলত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে প্ৰদান কৰিলে বঁটা।
19. নগাৱঁৰ কামপুৰৰ ৰূদালী বৰুৱা নামৰ এগৰাকী ছাত্ৰীয়ে শুদ্ধ উত্তৰ লিখিও পৰীক্ষাত নম্বৰ নোপোৱাৰ অভিযোগ।
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভূলৰ পৰিণতি।
20. দুলীয়াজানৰ তেলপানী চহৰিকটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভূতবাংলাত পৰিণত হৈছে।
বিধায়ক তেৰছ গোৱালা কিম্বা স্বাস্থ্য বিভাগৰ।
চিকিৎসক,নাৰ্ছ,কৰ্মচাৰীৰ আবাসগৃহ,কাণসাৰ নাই।