অসমৰ শিক্ষা জগতৰ অন্যতম কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক জেহিৰুদ্দিন আহমদ দেৱৰ জীৱন যাত্ৰাঃ

Spread the love

জেহিৰুদ্দিন আহমদ জন্ম হৈছিল হৈছিল ১৮৮৬ চনৰ ১৬ জুন তাৰিখে।

দেউতাকৰ নাম আছিল ডাঃ কেৰামত আলি আৰু মাতৃৰ নাম আছিল বিলাতী।

তেওঁৰ দেউতাক আহোম ৰজাৰ দিনৰ দা-ধৰা বংশৰ উপৰিপুৰুষ আছিল।

কেৰামত আলি যোৰহাটৰ প্ৰথম ডাক্তৰ আছিল।

তেখেতে নিজেও যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা এণ্ট্ৰেন্স পাছ কৰি কলিকতাত পঢ়িবলৈ যায়।

পঢ়ি থকা অৱস্থাতেই কলিকতা এৰি আহি যোৰহাটত চৰকাৰী বালক বিদ্যালয়ৰে সহকাৰী শিক্ষকৰ পদত সোমায়।

সেই সময়ৰ অসমৰ স্কুল ইন্সপেক্টৰ দুৰ্গাধৰ বৰকটকীয়ে তেখেতক চাকৰিত সুমুৱাই দিছিল।

চাকৰি কৰি থকাৰ মাজতে তেখেতে ঢাকা বিশ্ববিদ্যালয়ৰপৰা বি এ ডিগ্ৰী আৰু বি টি সম্পূৰ্ণ কৰে।

১৯১১ চনত তেখেতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে।

পিছলৈ তেখেত সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়।

১৯৩১ চনৰপৰা ১৯৪২ চনলৈ প্ৰায় ১২ বছৰ প্ৰধান শিক্ষক হৈ থকাৰ সময়ছোৱাত তেখেতে স্কুলখনৰ সৰ্বাংগীন উন্নতি সাধন কৰে।

যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ তেখেত ত্ৰয়োদশ গৰাকী প্ৰধান শিক্ষক আছিল আৰু তেখেতৰ শিক্ষকতাৰ কালছোৱাক এই বিদ্যালয়ৰ সোণালী যুগ আখ্যা দিয়া হৈছিল।

তেওঁ পদ্ধতি মতে বুদ্ধিয়ক আৰু প্ৰখৰ ছাত্ৰক একে ক্লাচতে ১২ মাহ ৰখাই নথৈ পাঠ শেষ কৰাৰ লগে লগে পৰীক্ষা পাতি উৰ্ত্তীণ হ’লে ওপৰৰ শ্ৰেণীলৈ প্ৰমোচন দিয়া।

অসমত প্ৰথম যোৰহাট চৰকাৰী বালক বিদ্যালয়ত ডেল্টন পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ আৰম্ভ কৰা হৈছিল।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বিদ্যালয়সমূহ গৃহ সামৰিক কাৰ্যৰ বাবে অধিগ্ৰহণ কৰাত ১৯৪২ চন মানৰপৰা এই শিক্ষা ব্যৱস্থা উঠাই দিয়া হয়।

তেখেতৰ কাৰ্যকালত ১৯৩৫ চনৰ পৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ ছাত্ৰৰ বাবে আকাশী ৰঙৰ ইউনিফৰ্ম বাধ্যতামূলক কৰা হয়।

১৯১৫ চনত আহমদ আছিল স্কুলৰ গেইম চুপাৰিণটেন্‌ডেণ্ট।

তেখেতে ছাত্ৰৰ পঢ়া-শুনাৰ উপৰি শাৰিৰীক সুস্থতাৰ ওপৰত গুৰুত্ব দিছিল।

তেখেতৰ শিক্ষকতাৰ সময়ত চৰকাৰী হাইস্কুলত ফুটবল, ভলীবল, হকী, বেডমিণ্টন খেলাৰ উপৰি টেনিচ কৰ্টৰো ব্যৱস্থা আছিল।

দৈনিক বিয়লি খেলপথাৰত উপস্থিত থাকি তেখেতে ছাত্ৰ সকলক উৎসাহিত কৰিছিল।

দ্বিতীয় মহাসমৰৰ প্ৰাক্‌মুহুৰ্তত মণিপুৰৰ মহাৰজাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অসম অলিম্পিকৰ মূল নায়ক ৰূপে তেখেতক গণ্য কৰা হৈছিল।

১৯৩৫ চনত ব্ৰিটিছ সাম্ৰাজ্যৰ ৰজা জৰ্জ পঞ্চমৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত ক্ৰীড়াৰ সাফল্যৰ গুৰিতে আছিল জেহিৰুদ্দিন আহমদ।

তেখেতৰ দিনত যোৰহাট চৰকাৰী হাইস্কুলে আন্তঃস্কুল টুৰ্ণামেণ্টত ক্ৰিকেট, ফুটবল আদি খেলত পদক জিকি পঢ়া-শুনাৰ লগতে খেল-ধেমালিতো সুনাম অৰ্জন কৰিছিল।

১৯৪৮ চনত তেখেতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্ব লৈ সংন্থাৰ সাংগঠনিক দিশটো সৱল কৰাৰ চেষ্টা কৰিছিল।

ছাত্ৰৰ ইংৰাজী শিক্ষাত সহায় হোৱাকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ বাবে তেখেতে যোৰহাট ইংলিছ ৰিডাৰ নামৰ দুখন পুথি লিখি প্ৰকাশ কৰিছিল।

তেখেতে নিজৰ বিদ্যালয়ত ছাত্ৰসকলৰ বাবে দুপৰীয়া লঘু আহাৰৰ ব্যৱস্থা প্ৰচলন কৰিছিল।

এই আহাৰত কেতিয়াবা বুটমাহ আৰু কেতিয়াবা কল বা আন ফল খুৱাইছিল।

এইবোৰৰ উপৰিও তেখেতে বাধ্যতামূলক ব্যায়াম শিক্ষা, প্ৰতি শনিবাৰে ছুটীৰ পিছত বাধ্যতামূলক তৰ্কসভা, টেষ্ট পৰীক্ষাৰ পাছত বিনামূলীয়া ইংৰাজী আৰু গণিতৰ ক্লাছ, স্কাউট শিক্ষাৰ প্ৰসাৰ আদি ছাত্ৰৰ হিতাৰ্থে প্ৰৱৰ্তন কৰিছিল।

নিজে আগভাগ লৈ তেখেতে স্কুলত সৰস্বতী পূজা আৰু বছেৰেকীয়া বঁটা বিতৰণী সভা পাতিছিল।

তেখেতৰ দিনতে বিদ্যালয় চৌহদৰ পূব প্ৰান্তত মুছলিম ছাত্ৰাবাস বনোৱা হৈছিল।

অসম সাহিত্য সভাৰ প্ৰথম নিয়মাৱলীৰ অন্যতম ৰূপকাৰ আছিল জেহিৰুদ্দিন আহমদ।

শিক্ষক ৰূপে আগবঢ়োৱা তেখেতৰ অৱদানৰ বাবে ব্ৰিটিছ চৰকাৰে তেখেতক ১৯৩৯ চনত “খান চাহেব” আৰু ১৯৪৪ চনত “খান বাহাদুৰ” উপাধি প্ৰদান কৰিছিল।

জেহিৰুদ্দিন আহমদ আছিল এজন অভিজ্ঞ সংগঠক।

তেখেতে বিভিন্নজন লগ লাগি পুঁজি সংগ্ৰহ কৰি যোৰহাট মহাবিদ্যালয় আৰু যোৰহাট বাল্যভৱন স্কুল প্ৰতিষ্ঠাত আগভাগ লৈছিল।

তেখেত যোৰহাট মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

১৯১৪ চনত জেহিৰুদ্দিন আহমদৰ চেষ্টাত যোৰহাট জিলা স্পৰ্টছ এচোছিয়েচনৰ জন্ম হয়।

ই অসমৰ সৰ্বপ্ৰথম ক্ৰীড়া সন্থা।

আহমদ এই সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

অৱসৰৰ পাছত তেখেতে ১৩০ টকা পেন্সন পাইছিল আৰু অতি সাধাৰণ জীৱন যাপন কৰিছিল।

নিজৰ ঘৰতে তেখেতৰ এটা লাইব্ৰেৰী আছিল আৰু ইয়াতে পঢ়া-শুনা কৰি তেখেতে বেছিভাগ সময় পাৰ কৰিছিল।

তেখেতৰ মৃত্যুৰ পাছত যোৰহাট চৰকাৰী বালক বিদ্যালয়ত তেখেতৰ স্মৃতিত শিক্ষাগুৰু জেহিৰুদ্দিন আহমদ স্মৃতি ন্যাস গঠন কৰা হয় আৰু প্ৰতিবছৰে যোৰহাট জিলা ভিত্তিত আন্তঃস্কুল জেহিৰুদ্দিন আহমদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আনহাতে যোৰহাট মহাবিদ্যালয়ে মহাবিদ্যালয়ৰ অন্তৰ্ভাগত জেহিৰুদ্দিন আহমদ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে।

২০১৬ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰপৰা যোৰহাট বি এচ এন এল অফিচলৈকে সুদীৰ্ঘ ৬০০ মিটাৰ পথছোৱা জেহিৰুদ্দিন আহমদ পথ নামেৰে নামাকৰণ কৰা হয়।

১৯৭৩ চনৰ ২৭ ছেপ্টেম্বৰত খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেত মৃত্যু হয়।

 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *