৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Rnewsindia24.com September 30/2022 :-

1. বৃহৎ নদীবান্ধ নির্মাণ কার্য বন্ধ কৰাৰ দাবীত প্রতিখন জিলাই জিলাই NHPCৰ নদীবান্ধ বিৰোধী শ্ল’গানেৰে উত্তাল প্রতিবাদ সদৌ অসম ছাত্র সন্থাৰ।সদৌ অসম ছাত্র সন্থা উন্নয়নৰ বিৰোধী নহয় বুলি উল্লেখ কৰি বৃহৎ নদীবান্ধৰ নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা অনিশ্চিত হোৱাৰ বাবেই বৃহৎ প্রকল্পৰ পৰিৱর্তে সৰু সৰু প্রকল্পৰ জৰিয়তে বিদ্যুতৰ চাহিদা পূৰণৰ দাবী উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ।

2. ১ অক্টোবৰত পুৱা ১০ বজাত নতুন দিল্লীত ইণ্ডিয়া মবাইল কংগ্ৰেছৰ অনুষ্ঠানত মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5G সেৱা।Narendra Modi

 

3.আৰ্য নগৰত নিৰ্মাণ কৰা নৱনিৰ্মিত ফ্লাইঅভাৰ মুকলি কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আৰ্যনগৰ উৰণীয়া সেতু মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে- ম‘জু-ৰোডৰ উৰণীয়া সেতুখনো ২০২৪ৰ ব’হাগ বিহুৰ পূৰ্বে মুকলি কৰিম’।

4. ধুবুৰীত ব্রহ্মপুত্রত প্রায় ৩০ জন যাত্রীসহ নাও ডুব যোৱা ঘটনাই প্রায় ৩৬ ঘণ্টা পাৰ হ’ল যদিও এতিয়াও সন্ধান নাই ধুবুৰীৰ ৰাজহ চক্র বিষয়া সঞ্জু দাসৰ।
SDRF, NDRF আৰু BSFৰ তৎপৰতাত উদ্ধাৰ অভিযান চলিছে যদিও ব্যৰ্থ হৈছে।
সঞ্জু দাসৰ ঘৰখনত এতিয়া যেন মাত্র অন্তহীন উৎকণ্ঠাই বিৰাজ কৰিছে।

5. আৰম্ভ হ’ল গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ যাত্রা।
শুকুৰবাৰে আহমেদাবাদত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ফ্লেগ অফ কৰি এই যাত্রাৰ শুভাৰম্ভ কৰে।
বন্দে ভাৰত এক্সপ্রেছত উঠি নিজেও ভ্রমণৰ আনন্দ ল’লে প্রধানমন্ত্রী গৰাকীয়ে।
একেদিনাই প্রধানমন্ত্রীয়ে আহমেদাবাদ মেট্রো প্রকল্প উদ্বোধন কৰাৰ লগতে ৭,২০০ কোটি টকাৰ বিভিন্ন প্রকল্পৰো শুভাৰম্ভ কৰে।

6. মুক্তমনে অসমৰ ৰাইজে দূৰ্গা পূজা পালন কৰিব পাৰিব।
স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই বাৰৰ দূৰ্গা পূজাত কোনোধৰণৰ SOP নাথাকে।
ঘোষণা কৰিলে – স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

7. আজি কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন।
আজি মনোনয়ন দাখিল কৰিলে বৰ্ষীয়ান কংগ্ৰেছ নেতা দিগ্বিজয় সিঙ আৰু শশী থাৰুৰে।

8. ৮ অক্টোবৰত আছিল বিজেপিত যোগদান কাৰ্যসূচী।
অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী বাতিল।
প্রাঞ্জল ঘাটোৱাৰৰ যোগদানক লৈ সৃষ্টি হোৱা অন্তঃকন্দলৰ বাবে বাতিল হ’ল বিজেপিৰ যোগদান কাৰ্যসূচী।

9. ৰিজাৰ্ভ বেংকে পুনৰ বৃদ্ধি কৰিলে ৰেপ’ৰেট।
ৰেপ’ৰেট ৫০ ‘বেছিছ পইণ্ট’ বৃদ্ধি।
ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে।

10. সলনি হ’ব গুৱাহাটী মহানগৰীৰ ৰূপ।
আন্ত: গাঠনি উন্নয়নকলৈ ১০টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

11. ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ডাঙৰ সিদ্ধান্ত।
ইউক্ৰেইনৰ চাৰিটা বৃহৎ অঞ্চল হ’ব ৰাছিয়াৰ অন্তৰ্ভুক্ত।

12. চৰকাৰে মাধ্যমৰ হাত নিদিব।
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাটো ভালকৈ শিকাওক।
মন্তব্য কৰে ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যই।

13. ২৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা ইউক্রেইন আক্রমণৰ ৭টাকৈ মাহ পাৰ হ’ল।
এতিয়াও এই যুদ্ধখন নিৰ্ণায়ক স্থিতিত উপনীত হোৱা নাই।
কিন্তু ইয়াৰ মাজতে পূব ইউক্রেইনৰ চাৰিটা অঞ্চল ৰাছিয়াই নিজৰ লগত সংযুক্ত কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে।
ইতিমধ্যে অঞ্চল চাৰিটাত অনুষ্ঠিত গণভোটৰ ৰায় ৰাছিয়াৰ পক্ষত অহা বুলি যোৱা বুধবাৰেই ঘোষণা কৰিছে মস্কোৱে।
আৰু এই ঘোষণাৰ পিছত প্রত্যাশিতভাৱেই নাটো, ইউৰোপীয়ান ইউনিয়ন আৰু ৰাষ্ট্রসংঘই নাকচ কৰিছে ৰাছিয়াৰ ঘোষণা।

14. ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান “দাদা চাহেব ফাল্কে” বঁটা গ্ৰহন কৰে অভিনেত্ৰী আশা পাৰেখে।

15. ২০২২-২৩ বর্ষত গুৱাহাটীৰ পানী যোগান আঁচনিৰ কাম সম্পূর্ণ হোৱাৰ আশা নাই।
এইবাৰ মুখ্যমন্ত্রীয়ে দিলে ২০২৪ বর্ষৰ ডেডলাইন।
কিন্তু ২০২৪ বর্ষত দুখন পানী যোগান আঁচনিৰ কাম সম্পূর্ণ হ’ব বুলি ক’লেও দক্ষিণ-পূব পানী যোগান আঁচনিৰ কাম সম্পূর্ণ হোৱা-নোহোৱাৰ ক্ষেত্রত একো উল্লেখ নকৰিলে মুখ্যমন্ত্রীয়ে।
বহুবাৰ প্রতিশ্রুতি দিয়াৰ পাছতো সঠিকভাৱে কাম কৰিব নোৱাৰাৰ বাবে আশিংকভাৱে পানী যোগানৰ কথা কৈয়েই দায়িত্ব সামৰিছে গুৱাহাটী উন্নয়ন দপ্তৰে।

16. মহানগৰীৰ খাৰঘুলিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা মন্দিৰৰ নৱনিৰ্মিত মন্দিৰ ভৱন মুকলি কৰে।
মন্দিৰভাগ মুকলি কৰাৰ লগতে পূজা-অৰ্চনাও আগবঢ়ায় মুখ্যমন্ত্রী গৰাকীয়ে।

17. দিব্যাংগসকলৰ জীৱন সংগ্রামৰ আধাৰত নিৰ্মাণ কৰা নতুন অসমীয়া ছবি ‘ৰাইজিং চান’ৰ বিশেষ প্রদৰ্শনী।
গীত ফ্লিম মেকাৰৰ্ছৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ জ্যোতি চিত্রবনত প্রদৰ্শন হয় বিশেষ প্রদৰ্শনী।
ইতিমধ্যে ছবিখনে লাভ কৰিছে কেইবাটাও ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় বঁটা।
বিশেষ দৰ্শনী চাই পৰিচালক-প্রযোজকৰ পদক্ষেপক শলাগ ললে জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ এ আৰু সকলোকে চাবলৈ অনুৰোধ জনালে।

18. তানহাজী চলচ্চিত্ৰ খনৰ বাবে অজয় দেৱগণে আজি শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান গ্ৰহন কৰে।

19. কোনো সাম্প্ৰদায়িক শক্তিৰ লগত কংগ্ৰেছ নাই- মন্তব্য কৰে ভূপেন বৰাই।

20. গোলাঘাট জিলাৰ দেৰগাঁৱৰ পূজা সমগ্ৰ ৰাজ্যতে চৰ্চিত।
মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে দেৰগাঁৱৰ দেৱগ্ৰাম ৰাজহুৱা পূজা মণ্ডপ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
নিয়মীয়কৈ পঢ়িবলৈ নাপাহৰিব ৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ধন্যবাদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *