মচুৰ দালিৰ উপকাৰীতা কি কি ?

Spread the love

মচুৰ দালি আমাৰ সকলোৰে পাকঘৰত সদায় থকা এবিধ খাদ্য সামগ্ৰী।

মোক যে মচুৰ দালিৰ তৰকাৰী খন নহলেই নহয়, পিছে আপোনালোকৰো চাগে ?

মচুৰ দালিয়ে কেৱল শৰীৰকে পুষ্টি প্ৰদান নকৰে, ই আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু মসৃণতা বজাই ৰাখে।

মচুৰ দালিত প্ৰ’টিন, ডায়েটৰী ফাইবাৰ, পটাছিয়াম, কেলচিয়াম, জিংক, ফলেট, মেগনেচিয়াম, নিয়াচিন, ভিটামিন-কে, চি ইত্যাদি আৱশ্যকীয় বহু ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ

জানোঁ আহক মচুৰ দালীয়ে আমাৰ শৰীৰৰ কি কি সমস্যা নিৰাময় কৰে :- মচুৰ দালি

ক) মচুৰ দাইলত থকা এণ্টিঅক্সিডেণ্টে ছালৰ চেলবোৰক ফ্ৰি ৰেডিকেলৰ সমস্যাৰ পৰা সুৰক্ষিত ৰাখে আৰু বয়সৰ চাপ হ্ৰাস কৰে।

খ) মচুৰ দাইল প্ৰচুৰ পৰিমাণে ভিটামিন চি সমৃদ্ধ, যি লোহিত ৰক্ত কণিকাৰ উৎপাদনত সহায় কৰে।
ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে।
ইয়াৰ ফলত ছালখনৰ উজ্জলতা বৃদ্ধি হয়।

গ) মচুৰ দাইলে আমাৰ ছালত পৰা বিভিন্ন ধৰণৰ দাগ দূৰ কৰাত আৰু ছালৰ বাবে টোনাৰৰ কাম কৰি ছাল মসৃণ কৰাত সহায় কৰে।
যদি আপুনি ইয়াক ফেচ পেক হিচাপে ব্যৱহাৰ কৰে তেন্তে টেন আৰু ক’লা দাগৰ সমস্যাৰ সমাধান কৰিব পাৰিব।

ঘ) মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত সহায় কৰে ৷

ঙ) মচুৰ দাইলত ফাইবাৰৰ উপৰিও ফলেট, মেগনেচিয়াম পোৱা যায়৷
এইবোৰে হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷
ফলত হাৰ্টৰ সমস্যা হোৱাৰ সম্ভাৱনা নাইকীয়া কৰে।

চ) মচুৰ দাইলত ফাইবাৰ থকাৰ বাবে হজম কৰাত এচিডৰ ক্ষৰণ বঢ়াই তোলে৷
ফলত বদহজম, গেছৰ সমস্যা আদি কমাই ৰাখে৷

ছ) মচুৰ দাইলত থকা চলেবল ফাইবাৰে ব্লাড ছুগাৰৰ লেভেল নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।
ইয়াৰ বাবে ডায়েবেটিছ ৰোগত ভোগাৰ সম্ভাৱনা কমে৷

জ) মচুৰ দাইলত থকা কাৰ্বহাইড্ৰেট, প্ৰ’টিন, ফাইবাৰে বহুসময় ধৰি আমাৰ পেটটো ভৰাই ৰাখে৷
ফলত কিছু সময়ৰ মূৰে মূৰে খোৱাৰ প্ৰৱণতা নাইকিয়া হয়৷

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

গতিকে, আজিৰ পৰা এই কেইটা ঘৰুৱা উপায়েৰে দেহৰ সমস্যাবোৰ নাইকীয়া কৰোঁ আহক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *