৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Rnewsindia24.com October 5/2022:- 

১/ নৱেম্বৰত হ’বলগীয়া বিধানসভা নির্বাচনৰ পূর্বে হিমাচল প্রদেশত প্রধানমন্ত্রীয়ে বজালে বিজেপিৰ ৰণশিঙা।
১,৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হিমাচল প্ৰদেশৰ বিলাসপুৰৰ AIIMS উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কেইবাটাও প্রকল্পৰ শুভাৰম্ভ কৰে।
কুল্লুত দশেৰা উৎসৱতো অংশ লয় প্রধানমন্ত্রী গৰাকীয়ে।Narendra Modi

 

২/ আধুনিক প্রযুক্তিৰ সহায়ত ভাৰতত প্রথমবাৰৰ বাবে মানুহ কঢ়িয়াব পৰা বৰুণ নামৰ এখন ড্রোন নিৰ্মাণ কৰা হৈছে।বৰুণ ড্রোন কেমেৰা পুনেৰ এটা ষ্টাৰ্টআপ কোম্পানীয়ে নিৰ্মাণ কৰিলে মানুহ কঢ়িয়াব পৰা ড্রোন খন।
অচিৰেই ভাৰতীয় নৌ-সেনাত অন্তৰ্ভুক্তিৰ সম্ভাৱনা আছে বৰুণ নামৰ ড্রোনখন।

৩/ ভাৰত-চীনৰ সীমান্তত উপস্থিত হৈ ভাৰতক জোকাই নল’বলৈ শত্রু ৰাষ্ট্রলৈ সকীয়নি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ।
বিজয়াদশমী উপলক্ষে উত্তৰাখণ্ডৰ আউলি সেনা শিবিৰত উপস্থিত হৈ অস্ত্র পূজা কৰে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে।
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ঐতিহাসিক অসম বিজয়া দশমী মহোৎসৱৰ অনুষ্ঠানত উপস্থিত থাকে ড° হিমন্ত বিশ্ব শৰ্মা।
কলিয়াবৰৰ পূজা মণ্ডপত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

৪/মাজুলীত হৃদয়বিদাৰক ঘটনা।
গুৰুজনাৰ জন্মজয়ন্তীৰ অনুষ্ঠানত ভাগ লৈ থাকোতেই হঠাৎ অসুস্থ হৈ আকস্মিকভাৱে মৃত্যু হ’ল উদীয়মান কণ্ঠশিল্পী তেজস্বীতা বৰুৱা।

৫/ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱ।
মহাপুৰুষ শংকৰদেৱৰ আৰ্বিভাৱ তিথি উপলক্ষে ডিব্ৰুগড়ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

৬/ উত্তৰাখণ্ডৰ উত্তৰ কাশীত ভয়াৱহ হিমস্খলন।
বৰফৰ পাহাৰ খহি পোত গ’ল ৪১জন পৰ্বতাৰোহী।
৪ জন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
অসমৰ যুৱতী দ্বীপশিখা হাজৰিকা সন্ধানহীন।
দুদিন ধৰি নিখোজ হৈ আছে বৰফৰ মাজত।

৭/ RSS ৰ ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱস।
১৯২৫ চনৰ আজিৰ দিনটোতে সংগঠনটোৰ জন্ম হৈছিল।
নাগপুৰত RSS ৰ উদ্যোগত বিজয়া দশমী।
RSSৰ মুৰব্বী ড° মোহন ভাগৱতে উদ্বোধন কৰিলে এই কাৰ্যসূচী।

৮/ ৰসায়ন বিজ্ঞানী কেৰ’লিন আৰ বাৰ্টোজি, মৰ্টেন মেলদাল আৰু কে বেৰি শ্বাৰ্পলেছলৈ ২০২২ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ।

৯/ ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধক লৈ বিশ্বত পুনৰ চৰ্চা।
প্ৰধানমন্ত্ৰী মোদীলৈ ফোন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ।
আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে যুদ্ধ শেষ কৰাৰ পোষকতা।

১০/ এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত।
দুৰ্ঘটনাত পতিত হোৱা সেনাৰ হেলিকপ্টাৰখনৰ পাইলট গৰাকীৰ মৃত্যু হোৱাৰ লগতে আন এজন পাইলট অতি গুৰুতৰ ভাৱে আহত হৈছে।

১১/ ডুবাইত নতুন বিশাল হিন্দু মন্দিৰ।
মন্দিৰত স্থাপন কৰা হ’ল ১৬টা দেৱ-দেৱীৰ প্ৰতিমূৰ্তি।
১৯৫৮ চনৰ পিছত ডুবাইত নিৰ্মান হোৱা দ্বিতীয়টো হিন্দু মন্দিৰ।

১২/ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকললৈ জৰুৰী খবৰ।
ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব।
অন্যথা লাভ নকৰিব ৰেচন কাৰ্ডৰ সকলো সুবিধা।
দেশজুৰি বলবৎ হব One nation one ration

১৩/ বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস ভাৱে হত্যা ।
কেৰেলাত হত্যাৰ বলি হ’ল ডুলু ৰাজবংশী নামৰ যুৱকজন ।
দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে ডুলু ৰাজবংশীক।

১৪/ মৰাণৰ চেপনত ৰাজধানী এক্সপ্রেছৰ খুন্দাত থিতাতে নিহত হৈছে এজন যুৱক।
নিহত যুৱকজনক চেপনৰ অৰুণ মুণ্ডা বুলি চিনাক্ত কৰে।

১৫/ সোণাপুৰৰ পাটৰকুছিত ভয়ংকৰ অগ্নিকাণ্ড।
পাটৰকুছিৰ ডিলাইট ধাবাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ধাবাখনৰ লক্ষাধিক টকাৰ সামগ্রী ভস্মীভূত হয়।

১৬/ পুনৰবাৰ অশান্ত হৈ পৰিছে ভূস্বৰ্গ জম্মু-কাশ্মীৰ।
মঙলবাৰে নিশা কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে।
জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সংঘটিত হৈছে এই ঘটনা।

১৭/ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী কমিটিৰ আমেৰিকাৰ প্ৰতিনিধিৰ দ্বায়িত্বভাৰ লাভ কৰিছে ভাৰতীয় মূলৰ বিবেক মুৰ্থীয়ে।
এই দ্বায়িত্বভাৰ শল্য চিকিৎসক গৰাকীক অৰ্পণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে।

১৮/ “কেৱল বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা শিক্ষা পোৱা নাযায়। শিক্ষা আৰু সংস্কাৰৰ আৰম্ভ হয় এখন সমাজৰ পৰা” – মন্তব্য কৰে RSS নেতা মোহন ভাগৱতে।

১৯/ নগাঁৱৰ নেহেৰুবালিত প্ৰতিমা বিসৰ্জন দিবলৈ আহি আৰক্ষী জোৱানৰ সৈতে কঁকাল ভাঙি নাচিলে জোনমণি ৰাভাই।

২০/ কৰিমগঞ্জৰ নুৰুল হকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিবলৈ ৪ মাহৰ কষ্টৰে সাজি উলিয়াইছে এখন বিলাসী বাহন।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ ঌ

প্ৰতি দিনে ৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *