কল স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, ঠিক তেনেকৈ কলৰ বাকলিও স্বাস্থ্যৰ বাবে উপকাৰী।
কলৰ বাকলিত এণ্টি অক্সিডেণ্ট, ভিটামিন এ, বি, চি, ই, পটাছিয়াম, জিংক, আয়ৰণ আৰু মেংগানিজ থাকে।
কলৰ বাকলিয়ে বহু বেমাৰ নিৰাময় কৰে।
জানো আহক কলৰ বাকলিত কি কি ঔষধী গুণ আছে-
১/ কলৰ বাকলিৰ দাঁত ঘঁহিলে দাঁতবোৰ উজ্জ্বল হয়।
যেতিয়া ইয়াক ঘঁহি দিয়া হয়, ইয়াত থকা খনিজ পদাৰ্থবোৰে দাঁতত উজ্জ্বলতা সৃষ্টি কৰে।
২/ যদি আপুনি শালমনৰ সমস্যাত ভুগি আছে, কলৰ বাকলি মুখত ঘঁহিলে ভাল হয়।
৩/ কলৰ বাকলি এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি সমৃদ্ধ, সেয়েহে ই ছাল শোটোৰা পৰা কমোৱাত সহায় কৰে। ইয়াৰ লগতে ছালৰ দাগ নোহোৱা কৰে।
৪/ কলৰ বাকলিত কেৰিটিনোইড আৰু পলিফেনল থাকে।
ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণ আছে, যি পেটৰ বিষ উপশম কৰাত সহায় কৰে।
৫/ কলৰ বাকলিত আঁহ থাকে আৰু নিয়মীয়াকৈ খালে পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰে।
৬/ কলৰ বাকলিয়ে কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়াৰ সমস্যা উপশম কৰাত সহায় কৰে।
ইৰিটেবল বোৱেল চিণ্ড্ৰোমৰ সমস্যা থকা লোকে কলৰ বাকলি নিয়মীয়াকৈ খাব লাগে।
৭/ কলৰ বাকলিত এণ্টিঅক্সিডেণ্ট থাকে।
এই এণ্টিঅক্সিডেণ্টৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।
গতিকে এই মাৰাত্মক ৰোগৰ পৰা আঁতৰি থাকিবলৈ কলৰ বাকলি খাব ।
৮/ কল বাকলিৰে চুলি ধুলে চুলি দীঘল আৰু ক’লা হয় ।
গতিকে আজিৰ কলৰ বাকলি খাওক আৰু শৰীৰটো ভালে ৰাখক।
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24