অসমীয়া চুটিগল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জীৱনযাত্ৰা ।
লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনৰ ১৪ অক্টোবৰত ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত লক্ষ্মী পুৰ্ণিমাৰ দিনা।
তেখেত একাধাৰে কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, সমালোচক, জীৱনীলেখক আছিল।
সাংবাদিকতা জগততো বেজবৰুৱাৰ অৱদান অমূল্য।
বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
তেখেতৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী।
দেউতাকৰ চাকৰি সূত্ৰে তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল।
শেষত শিৱসাগৰৰ পৰা ১৮৮৬ খ্ৰীষ্টাব্দত এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰে।
তাৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল।
কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল।
১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেম্ব্লী কলেজৰ পৰা বেজবৰুৱাই বি-এ পাছ কৰে।
এজন উচ্চ খাপৰ উকিল হোৱাৰ ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰিছিল।
লগতে প্ৰেছিডেঞ্চী কলেজত এম-এ শ্ৰেণীতো নাম লগাইছিল।
কিন্তু শেষত বেজবৰুৱা জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা (বি.এল) আৰু একে সময়তে চলি থকা এম.এ পৰীক্ষাৰ এটাতো উত্তীৰ্ণ হ’ব পৰা নাছিল।
তাতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে।
পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায় প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত তেওঁৰ সাক্ষাৎ হয়।
সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল।
লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ ব্যৱসায় আৰম্ভ কৰে।
পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়।
১৯১৬ চনত কলিকতাৰ ‘বাৰ্ড এণ্ড কোম্পানী’ত যোগদান কৰে।
১৯১৭ চনত কোম্পানীৰ কামত সপৰিয়াল তেওঁ উৰিষ্যাৰ সম্বলপুৰলৈ উঠি যায়।
ইয়াৰ পাছৰ পৰা তেওঁ কোম্পানীৰ কামত কলিকতা, বিহাৰ, উৰিষ্যাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে৷
উৰিষ্যাত থকাৰ সময়তে অসমৰ সুকবি যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক হয়।
১৯২৪ চনতে তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে।
১৯২৮ চনত বেজবৰুৱাই বাৰ্ড এণ্ড কোম্পানীৰ কাম ইস্তফা দি সম্বলপুৰত নিজা ব্যৱসায়ৰ পাতনি মেলে।
অৱশ্যে ১৯৩৮ চনত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ সম্বলপুৰ এৰি অসমলৈ ৰাওনা হয়৷
বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল।
সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়।
সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰ সকলক লগত লৈ “অসমীয়া ভাষা উন্নতি সাধিনী সভা“(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে।
এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে ‘জোনাকী‘ নামে এখন আলোচনী প্ৰকাশ কৰে।
এই ‘জোনাকী’ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে।
জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত ‘লিতিকাই‘ নামৰ প্ৰথম প্ৰকাশ কৰে।
ইয়াৰ পিছত তেওঁ নিৰবচ্ছিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়।
‘জোনাকী‘ আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত ‘বাঁহী‘ অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে।
বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল।
লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ পথ-প্ৰদৰ্শক বা জনক বুলি ক’ব পাৰি।
বেজবৰুৱাৰ প্ৰথমটো প্ৰকাশিত চুটিগল্প হৈছে ‘সেউতী’।
‘সেউতী’ গল্পটো জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থটো সংখ্যাত প্ৰকাশিত হৈছিল।
১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত বিবাহপাশত আৱদ্ধ হয়।
অসমৰ সাহিত্যৰসিকসকলে বেজবৰুৱাৰ জীৱনকালতে তেখেতক ‘ৰসৰাজ‘ আৰু ‘সাহিত্যৰথী‘ উপাধি দুটা প্ৰদান কৰিছিল৷
অৱশ্যে বেজবৰুৱাই নিজে দ্বিতীয়টোহে উপাধি পছন্দ কৰিছিল৷
বঙালী নাট্যকাৰ অমৃতলাল বসুকো বঙালী বৌদ্ধিক সমাজে ‘ৰসৰাজ‘ উপাধি আগতে দি থৈছিল৷
সেইবাবে বেজবৰুৱাই ‘ৰসৰাজ’ উপাধিটো বৰকৈ পছন্দ কৰা নাছিল৷
১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা ‘বাঁহী’ আলোচনীত ‘মোৰ দেশ’ নামেৰে গীত এটি প্ৰকাশিত হয়৷
গীতটিৰ শিৰোনাম আছিল ‘অ মোৰ আপোনাৰ দেশ’৷
১৯২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত এই গীতটিক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷
গীতটি বেজবৰুৱাৰ ‘কদম কলি‘ নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে ৷
গীতটিৰ সুৰকাৰ হৈছে কমলাপ্ৰসাদ আগৰৱালা৷
তেখেতৰ উপন্যাস –
পদুমকুঁৱৰী
গল্পপুথি – সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি।
আত্ম-জীৱনী আৰু জীৱনী-
প্ৰথম খণ্ড, ১৯৪৫ চনত মোৰ জীৱন সোঁৱৰণ।
দ্বিতীয় খণ্ড, ১৯৬১ চনত মোৰ জীৱন সোঁৱৰণ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত,শ্ৰীশ্ৰী শংকৰদেৱ
শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ।
চিন্তাশীল ৰচনা – তত্ত্বকথা,
শ্ৰীকৃষ্ণকথা, ভগৱৎ কথা ।
সাধুকথা আৰু শিশু সাহিত্য –
1.বুঢ়ী আইৰ সাধু।
ইয়াত থকা সাধুকেইটা হ’ল:
মেকুৰীৰ জীয়েকৰ সাধু, বান্দৰ আৰু শিয়াল, ঔ-কুঁৱৰী
ঢোঁৰাকাউৰী আৰু টিপচীচৰাই, এজনী মালিনী আৰু এজোপাৰ ফুল, বুধিয়ক শিয়াল, বাঘ আৰু কেঁকোৰা
তেজীমলা, বুঢ়া-বুঢ়ী আৰু শিয়াল, জোঁৱাইৰ সাধু, চম্পাৱতী, ইতাদি ।
2. ককাদেউতা আৰু নাতিল’ৰা।
3. জুনুকা।
হাস্যৰসাত্মক ৰচনা –
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি. বৰবৰুৱাৰ বুলনি.
বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড), বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড),
বৰবৰুৱাৰ চিন্তাৰ শিলগুটি,
বৰবৰুৱাৰ সাহিত্যিক ৰহস্য,
কৃপাবৰ বৰুৱাৰ সামৰণি আদি।
নাটক (ধেমেলীয়া নাটক)- লিতিকাই, নোমল
পাচনি. চিকৰপতি নিকৰপতি।
নাটৰ কুকি – গদাধৰ ৰজা
বাৰেমতৰা,হ-য-ব-ৰ-ল,
হেমলেত, মঙলা ।
বুৰঞ্জীমূলক নাটক – চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী ।
অন্যান্য গ্ৰন্থ – অসমীয়া ভাষা আৰু সাহিত্য, পত্ৰলেখা
কাঁহুদী আৰু খাৰলি, সম্পাদকৰ চ’ৰা।
অনুবাদ – ভাৰতবৰ্ষৰ বুৰঞ্জী।
১৯৩১ চনত ৰসৰাজ উপাধি প্ৰদান।
১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি প্ৰদান কৰা হয়।
ৰত্নকান্ত বৰকাকতিদেৱৰ দ্বাৰা সাহিত্যৰথী অভিধা প্ৰদান।
বেজবৰুৱাৰ নামত অনূদিত ডাক টিকট উন্মোচন কৰে।
১৯১৬ চনত অসম ছাত্ৰ সন্মিলনীৰ সভাপতি আৰু ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল।
তেখেতৰ সাহ্যিত্যৰাজীত মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা প্ৰকাশ পাইছে।
কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল।
তেখেৰ সাহিত্যৰাজী আৰু কম্নৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।
১৯৩৮ চনৰ ২৬ মাৰ্চত তেখেত মৃত্যু হয়।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24