পদ্মশ্ৰী হেমা মালিনীৰ জীৱনযাত্ৰাঃ

Spread the love

হেমা মালিনীৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ অক্টোবৰত।

তেখেত একাধাৰে এগৰাকী অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ আছিল।

তেওঁৰ পিতৃৰ নাম ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃৰ নামজয়া লক্ষ্মী চক্ৰৱৰ্তী।

অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল তুম হাচীন ম্যে জৱান আৰু ইয়াৰ পাছতেই দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ আৰম্ভণি হয়।
অভিনেতা ধৰ্মেন্দ্ৰ ইতিমধ্যে এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দুটি সন্তানৰ পিতৃ আছিল।
তথাপি ধৰ্মেন্দ্ৰৰ সৈতে একেলগে অভিনয় কৰা প্ৰথমখন ছবিৰ মুক্তিৰ প্ৰায় ১০ বছৰ পাছত অৰ্থাৎ ১৯৮০ চনত তেওঁ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

তামিল ছবি ইধু চাথিয়ামত তেওঁ সহ অভিনেত্ৰী হিচাপে কাম কৰিছিল।
এয়াই আছিল তেওঁৰ চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ আৰম্ভণি।
১৯৬৮ চনত তেওঁ ৰাজ কাপুৰৰ বিপৰীতে চপনৌ কে চৌদাগৰত অভিনয় কৰিছিল আৰু এয়াই আছিল তেওঁৰ বলিউদৰৰ ড্ৰিম গাৰ্ল হোৱাৰ আৰম্ভণি।
ইয়াৰ পাছত জনী মেৰা নাম আন্দাজ, লাল পাত্থৰ ইত্যাদি ছবিত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে।
১৯৭২ চনত সীতা ঔৰ গীতা নামৰ চলচ্চিত্ৰখনত ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰৰ বিপৰীতে অভিনয় কৰে।
এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত হেমা মালিনীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিনোদ খান্নাৰ হৈ পাঞ্জাবৰ গুৰদাসপুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
ইয়াৰ পাছত ২০০৪ চনত হেমা মালিনীয়ে আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।
তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দ্বাৰা মনোনীত হৈ ২০০৩-৯ লৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা লোকসভা সমষ্টিত জয়ন্ত চৌধাৰীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

তেখেতৰ অভিনীত চলচ্চিত্ৰসমূহ হৈছে-

অনুৰাধা, শ্বৰাফত,
অভিনেত্ৰী, আঁচূ ঔৰ মুস্কান, জনী মেৰা নাম, শ্বৌলেই, ইধু চাথিয়াম,পাণ্ডৱ ৱনৱাসম, চপনৌ কা চৌদাগৰ
ৱাৰিচ, জাহা প্যাৰ মিলে, তুম হাচীন ম্যে জৱান ইত্যাদি ।

তেখেতে ২০০০ চনত পদ্মশ্ৰী উপাধি লাভ কৰে।
১৯৭০ চনত সীতা ঔৰ গীতা চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু ১৯৯৯ চনত ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে ।

ধন্যবাদ।
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *