৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ । - RnewsIndia24
Skip to content
Rnewsindia24.com October 25/2022:-
1. চাবুৱাত খহনীয়াগ্রস্ত এলেকা পৰিদৰ্শন কৰিলে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।
শীঘ্রেই দুয়োখন চৰকাৰে ৰাজ্যৰ বান সমস্যা আৰু খহনীয়া প্রতিৰোধৰ বাবে গ্রহণ কৰিব নতুন প্রকল্প।
১১০ কোটি টকা ব্যয় সাপেক্ষে দীনজান সেনা চাউনীৰ খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে।
2. কাছাৰীত মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী ।
পুৰণি DC কাৰ্যালয় পুনঃনিৰ্মান কাৰ্য পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
“DC কাৰ্যালয়ৰ স্থানত নিৰ্মাণ হ’ব নদী পৰ্যটনৰ প্ৰকল্প”- মন্তব্য ড° হিমন্ত বিশ্ব শৰ্মাৰ।
3. ম্যানমাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
নাগৰিকৰ ওপৰত বোমা পেলালে ম্যানমাৰৰ সেনাই। অতি কমেও ৮০ জনৰ মৃত্যু হৈছে।
ম্যানমাৰৰ কাছিন প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। এটা সংগীতানুষ্ঠান চলি থকাৰ সময়তে বোমাৰে আক্ৰমন কৰে।
4. ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা।
বৰপেটাৰ বাঘবৰৰ ৰামাপাৰা পামৰ চৰত অঘটন।
ভুটভুটী নাৱেৰে অত্যাধিক যাত্ৰী লৈ নদী পাৰ হওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।
কোনোমতে প্ৰাণ ৰক্ষা পৰিল ৫০ গৰাকী ব্যক্তিৰ।
5. ডিব্রুগড়ৰ লাহোৱালত গুলীচালনা।
AK-47 গুলীত শুই থকা অৱস্থাত ঘৰৰ টিনপাত ফুটি গুলীবিদ্ধ হ’ল প্রাৰ্থনা গগৈ নামৰ যুৱতীগৰাকী।
বৰ্তমান AMCH ত চিকিৎসাধীন হৈ আছে।
6.পুৱাই অৰুণাচলৰ নাহৰলগুনৰ দৈনিক বজাৰত সংঘটিত হ’ল অগ্নিকাণ্ড।
কেইবাখনো দোকান সম্পূৰ্ণ ৰূপে বিধস্ত হৈ গ’ল।
অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈকে জানিব পৰা নাই।
7. বগীবিল দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
পাজেৰ’ আৰু ফৰছুনাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দলঙৰ ওপৰতে বাগৰি পৰিল দুৰ্ঘটনাগ্রস্ত বাহন দুখন।
মাছ বিক্ৰি কৰিবলৈ অহা দুখন বাইকত খুন্দা মাৰে চাৰিচকীয়া বাহন খনে।
অব্যাহত আছে উদ্ধাৰ অভিযান।
8. চাবুৱাৰ বিন্ধাকটাত প্রবল খহনীয়া।
খহনীয়াত খেতিপথাৰ জাহ যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক সকলৰ মাজত।
খহনীয়াৰ কবলত নিশ্চিহ্ন হৈছে খেতিপথাৰ।
9. মহানগৰীৰ সমীপৰ চন্দ্রপুৰত ভাগিল বৈদ্যুতিক খুঁটা।
ৰাজগড়ত বিদ্যুতৰ খুঁটা পৰি বন্ধ হয় পথটো।
বতাহত গছ উভালি লাইনৰ তাঁৰত পৰাৰ ফলত ভাগিল খুঁটা।
10. গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰিলে মিউজিয়ামৰ।
গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰিছিল মিঞা মিউজিয়ামটো।
মিউজিয়াম স্থাপনৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
আজি প্ৰশাসনে তলা লগাই ছীল কৰি দিয়ে মিউজিয়ামটো।
মিঞা মিউজিয়াম খোলা মহৰ আলীক আটক কৰা হৈছে।
মিঞা পৰিষদৰ সভাপতি হিচাপে আছিল এই মহৰ আলী।
11. অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।
নেমকেয়াৰ হাস্পতালত অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে অভিনেতা গৰাকীৰ চিকিৎসা।
12. অসমৰ সম্পদ চুৰি কৰি মিঞা মিউজিয়াম স্থাপনৰ বাবে চেষ্টাও নকৰিব, সাহসো নকৰিব। মিঞা মিউজিয়ামত যদি অকল লুঙীখন ৰাখে তেন্তে আমাৰ কোনো আপত্তি নাই”- মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।
13. নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে কাৰ্বি লাংপি নৈৰ জলপৃষ্ঠ।
খুলি দিয়া হৈছে জল বিদ্যুৎ প্ৰকল্পৰ ৪খনকৈ গেট।
জলপ্ৰলয়ৰ আশংকাত আতংকিত এতিয়া নৈপৰীয়া ৰাইজ।
14. ভাৰত জোড়ো যাত্ৰাৰ ৪৮ দিন।
ৰাহুল গান্ধীৰ নেতৃত্বত ৭ চেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক পদযাত্ৰাই ৪৮ দিন অতিক্ৰম কৰিলে।
ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত ‘ভাৰত জোড়ো যাত্ৰা’
ধুবুৰীৰ পৰা শদিয়ালৈ APCCৰো ‘ভাৰত জোড়ো যাত্ৰা’।
15. বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি আমৌ হাজিৰ ৯৪ বছৰ বয়সত ইৰাণত মৃত্যু হয়।
৫০ বছৰে গা ধোৱা নাছিল তেওঁ।
16. “বিজেপি মানুহৰ হৃদয় আছে, কংগ্ৰেছে খোজ কাঢ়ি লাভ নাই”- মন্তব্য ড° হিমন্ত বিশ্ব শৰ্মাৰ।
17. চিত্ৰাং ঘূৰ্ণীবতাহৰ ফলত বাংলাদেশত কমেও ৯ জন লোকে প্ৰাণ হেৰুৱাইছে।
চিত্ৰাং ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা প্ৰতিকুল বতৰৰ বাবে উপকুল অঞ্চলৰ লক্ষাধিক লোক আৰু পশুধনক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হয়।
ঘূৰ্ণীবতাহৰ ফলত দেশখনত কালী পূজা আৰু দীপাৱলীৰ আনন্দ যথেষ্ট ম্লান পৰে।
18. ৭০ দিন ধৰি অসমত চলিব কংগ্ৰেছৰ ভাৰত জড়ো অভিযান।
৮৩৫ কিলোমিটাৰ পদযাত্ৰাত অংশ ল’ব কেন্দ্ৰীয় নেতৃত্বই।
ধুবুৰীৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত জড়ো অভিযান।
19. বাক্সাৰ মুছলপুৰত উপস্থিত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো।
হস্ততাত বস্ত্ৰশিল্পত প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰিলে প্ৰমোদ বড়ো এ।
20. GMCH ত মৃত্যু হল বিজেপি নেতা সুকুমাৰ বিশ্বাসৰ।
ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ আছিল সুকুমাৰ বিশ্বাস।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
Post navigation
Go Top