৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 7/2022:-
1. জনতা ভৱনত অতুল বৰাৰ সংবাদমেল।
কৃষি বিভাগে জাৰি কৰিলে নতুন SOP.
কৃষি বিপণন পৰিষদক নতুন দায়িত্ব।
ইউৰিয়া সাৰৰ চোৰাং বেহা ৰোধৰ বাবে লৈছে এই পদক্ষেপ।
2. যোৰহাটৰ হাতীগঁড়ত চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক উন্নয়ন সংস্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ছাত্ৰ জনগোষ্ঠীৰ এক সাংস্কৃতিক সমাৰোহ।
অনুষ্ঠানত একেলগে ২০০০যুৱতীয়ে নাচিলে ঝুমুৰ নৃত্য ।
উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছা।
3. গ্ৰেপ্তাৰ কৰা হ’ল GMCৰ প্ৰাক্তন মুখ্য অভিযন্তা তছদিকুৰ ৰহমান।
ৰাজস্থানৰ পৰা CM ভিজিলেন্সৰ এটা দলে গ্ৰেপ্তাৰ কৰিলে পলাতক মুখ্য অভিযন্তাগৰাকীক।
২০ কোটি টকীয়া বোকা নিষ্কাষন কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
4. গোলাঘাট জিলাৰ খুমটাইৰ অকামলুৱা গাঁৱত অনুষ্ঠিত হয় ভোগ দিয়া পৰ্ব।
পুৱাতেই হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজে বৰগছৰ তলত চাকি বন্তি জ্বলায়।
এই পূজা-পাৰ্বনত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক মৃণাল শইকীয়া।
5. অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ধার্য কৰা হৈছে।
২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব শীতকালীন অধিৱেশন।
অধিৱেশনৰ ক্ষেত্ৰত ৰাজ্যপালে জনাইছে অনুমোদন।
বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে নিৰ্ধাৰণ কৰিব মুঠ কৰ্মদিন।
6. জনতা ভৱনৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা।
পুৱা ৯.৪৫ পূর্বে কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
নিজৰ বিভাগৰ উপস্থিতি পৰীক্ষা কৰিব নোৱাৰিব অধীক্ষকে। মুখ্য সচিব পৱন বৰঠাকুৰে দিছে এই নিৰ্দেশনা।
7. বিধানসভা সচিবালয়ত জীনছ, লেগিংছ, টি – ছাৰ্ট নিষিদ্ধ কৰা হৈছে।
বিধানসভা সচিবালয়ে জাৰি কৰিলে নতুন নিৰ্দেশনা।
সাধাৰণ কৰ্মদিনত পুৰুষে পিন্ধিব লাগিব ফৰ্মেল ড্ৰেছ আৰু মহিলাই পিন্ধিব লাগিব চাদৰ মেখেলা।
8. ৰাজ্যজুৰি ডেংগুৰ প্ৰকোপ বৃদ্ধি।
জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে।
তীব্র জ্বৰ, গাঁঠিৰ বিষ হ’লে চিকিৎসকৰ কাষ চপাৰ আহ্বান।
এই পর্যন্ত ৬ খন জিলাত ২৮৫ জন আক্রান্ত ।
কাৰ্বি আংলঙত আক্ৰান্তৰ সংখ্যা ২৭১।
9. হাইলাকান্দিত পুনৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্রাক জব্দ কৰা হৈছে।
অসম-মিজোৰাম সীমান্তৰ বিলাইপুৰ আৰক্ষীয়ে জব্দ কৰে ট্রাকখন।
আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক শ্বেৰমান উদ্দিন লস্কৰক।
জব্দ কৰা চুপাৰিখিনিৰ মূল্য ২০ লাখ টকা।
10. তাঞ্জানিয়াত ভয়ংকৰ বিমান দুর্ঘটনা।
ভিক্টোৰিয়া হ্ৰদত পৰিল যাত্রীবাহী বিমানখন।
ডৰ ইছ ছালামৰ পৰা উৰা মাৰিছিৰ বাহনখনে।
দুৰ্ঘটনাত মৃত্যু হ’ল ১৯ জন ব্যক্তি।
11. “আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৩খন আসনত জিকিবই।
মই চকু মুদি বাওঁহাতেৰে লিখি দিব পাৰোঁ”- মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
12. গোসাঁইগাঁৱত পুনৰ ডাইনী কাণ্ড।
দেৱান মূৰ্মূ নামৰ এজনক ডাইনী সন্দেহত হানি-খুঁচি হত্যা কৰিলে ৩ যুৱকে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এজনক।
13. তামুলপুৰৰ জামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত পতিত সেনাৰ কনভয়ৰ বাহন।
কনভয়ৰ লগত থকা এম্বুলেন্সৰ খুন্দা আন এখন বাহনত।
মৃত্যু হৈছে এজন সেনা জোৱানৰ আৰু আহত হৈছে ৫ জন ব্যক্তি।
নিহত সেনা জোৱানজনৰ নাম পবিন তামাং।
আহত আটাইকেইগৰাকীক বৰ্তমান GMCHলৈ প্ৰেৰণ কৰা হৈছে।
14. মাওবাদীৰ সন্দেহত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।
শিলচৰৰ পৰা ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে ধৰিত্ৰী শৰ্মাক।
কাছাৰৰ সোণাপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নেতাজনক।
15. কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আজি সপ্তম দিন৷
এই যাত্ৰাৰ সপ্তমটো দিনত বঙাইগাঁৱত উপস্থিত হয় গৌৰৱ গগৈ আৰু আব্দুল খালেক৷
16. দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক পুৱাৰে পৰা CIDয়ে জেৰা চলাইছে।
আৰতী তুৰি হত্যাৰ অভিযোগত জেৰা কৰা হৈছে ৰূপম ফুকনক।
ধূলা থানাৰ OC উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত জেৰা কৰা হৈছে ৰূপম ফুকনক।
17. কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি লিমিটেডৰ বেংকত চুৰিকাণ্ড।
সমবায়ৰ বেংকৰ পৰা চোৰে লুটিলে ৫ লক্ষাধিক টকা।
সমবায়ৰ মূল প্ৰৱেশদ্বাৰ, বেংকৰ শাখাটোৰ দৰ্জা ভাঙি প্ৰৱেশ কৰে চোৰে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
18. চাকৰি-শিক্ষাত সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়।
বাহাল থাকিব EWSৰ সংৰক্ষণ নীতি ।
আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে থাকিব ১০শতাংশ সংৰক্ষণৰ ব্যৱস্থা।
19. স্কুলীয়া ছাত্রীক অশালীন ইংগিত দিয়া ৭ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
হাইলাকান্দিৰ চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা।
20. “শংকৰদেৱ আৰু লাচিত বৰফুকনৰ সংগী হোৱা মুছলমানক এতিয়া বেয়া পায় বিজেপিয়ে”- মন্তব্য কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।
বাৰ্তা সম্পাদীকা সংগীতা দত্ত R News India 24