৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com November 12/2022:- 

1. বিশিষ্ট চিত্রশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান।
নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পী গৰাকীয়ে।
আজি পুৱা GMCH ত ৮.৩০ বজাত তেখেতৰ মৃত্যু হয়।

2. ”২৪ তাৰিখে প্ৰধানমন্ত্ৰীৰ ভাষণে লাচিতৰ বিষয়ে নতুন প্ৰজন্মৰ মাজত চিন্তাৰ উন্মেষ ঘটাব”
“শিৱাজীৰ দৰে লাচিত বৰফুকনেও সমগ্ৰ ভাৰততে পাব লাগে উচিত সন্মান”
– মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

3. ১৩ নৱেম্বৰ অৰ্থাৎ অহাকালিলৈ সাহিত্য পৰিষদে ড° হীৰেন গোহাঁইক নিজৰাপাৰৰ ঘৰতে “জীৱনযোৰা সাধনা বঁটা” প্ৰদান কৰিব।

4. হাইস্কুল শিক্ষান্ত-হাইমাদ্রাছা পৰীক্ষাৰ বাবে SEBAৰ জাননী।
বিদ্যালয়সমূহে ১৫নৱেম্বৰ- ১৫ ডিচেম্বৰলৈকে কৰিব পাৰিব অনলাইন প্র-পত্র।
sebaregistration.inত কৰিব পাৰিব আবেদন।

5. CM ভিজিলেন্সৰ জিম্মাত আছে তছদিকুৰ ৰহমান।
বোকা নিষ্কাশন কেলেংকাৰিৰ অন্যতম অভিযুক্ত আছিল তছদিকুৰ।
GMCৰ প্ৰাক্তন মুখ্য অভিযন্তা তছদিকুৰ ৰহমান।
CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰি ৭ দিনৰ জিম্মাত ৰাখিছে ৰহমানক।

6. এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিলে শিৱ থাপাই ।
আঘাতৰ বাবে ফাইনেলৰ ৬৩.৫ কিলোগ্ৰাম ওজনৰ শাখাৰ দ্বিতীয় ৰাউণ্ডত উজবেকিস্তানৰ আব্দুল্লায়েভ ৰুছলানৰ হাতত পৰাস্ত হৈ ৰূপতে ক্ষান্ত থাকিবল’গীয়া হ’ল থাপা।

7. গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত হৈছে।
অপহৰণকাৰীয়ে হত্যা কৰি ব্ৰক্ষ্মপুত্ৰত দলিয়ালে মৃতদেহ।
ভুক্তভোগীৰ ATMৰ পৰা লুটি নিলে লক্ষাধিক টকা।
অপহূত হোৱা লোকজন বিহাৰৰ জয়বৰ্ধন কুমাৰ বুলি জানিব পৰা গৈছে।

8. বোকাজানত জব্দ কৰা হৈছে ৬ কোটি টকাৰ হেৰ’ইন।
খটখটীৰ মাল্টিপুলৰ পৰা জব্দ কৰা হৈছে হেৰ’ইনখিনি।
৫৫টা চাবোনৰ বাকচত সৰবৰাহ কৰি অনা হৈছিল হেৰ’ইনখিনি।
ডিমাপুৰৰ পৰা বোকাজানলৈ সৰবৰাহ কৰা সময়তে আৰক্ষীয়ে জব্দ কৰে হেৰ’ইনখিনি।

9. কোকৰাঝাৰৰ চন্দ্ৰপাৰাত UPPLৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন।
পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ প্ৰধান প্রমোদ বড়ো।

10. কৰিমগঞ্জৰ চুৰাইবাৰীত জব্দ কৰা হৈছে বুজন পৰিমাণৰ গাঞ্জা।
এখন ট্রাকৰ পৰা জব্দ কৰা হৈছে চাৰি কুইণ্টল গাঞ্জা।
জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্রায় ৮ লাখ টকা।

11. কৰিমগঞ্জত জব্দ কৰা হৈছে ১২ কোটি টকাৰ হেৰ’ইন।
অসম-মিজোৰাম সীমান্তৰ পৰা জব্দ কৰা হৈছে হেৰ’ইনখিনি।
এখন বলেৰ’ বাহনৰ পৰা জব্দ কৰা হয় ১১৭টা ড্রাগছভৰ্তি চাবোনৰ বাকচ।
আৰক্ষীয়ে আটক কৰিছে বাহনখনৰ চালকজনক।

12. কাছাৰত আৰক্ষীৰ জালত পৰিছে ৬ দুৰ্ধৰ্ষ ডকাইত।
ডকাইতি কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে ৬ ডকাইতক।
কাছাৰৰ লক্ষীপুৰৰ পৰা আটক কৰে ডকাইতৰ দলটোক।

13. ধূলা কাণ্ডৰ অভিযুক্ত ৰাজমোহন ৰায়ক CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
৩ দিনৰ বাবে CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৰাজমোহন ৰায়ক।
অতিৰিক্ত আৰক্ষী অধিক্ষক ৰূপম ফুকনকো ন্যায়িক জিম্মালৈ প্ৰেৰন কৰা হৈছে।

14. চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল BDOসহ অভিযন্তা।
বাক্সা জিলাৰ আৰক্ষীৰ জালত পৰিল গোৱৰ্ধনা ব্লকৰ প্ৰাক্তন BDO মোজাম্মেল হুছেইন, কনিষ্ঠ অভিযন্তা ৱাজেদ আলী আহমেদ। বড়িগোগ বনভাগ ব্লকৰ সহকাৰী অভিযন্তা ৱাজেদ আলী।
২০১৫ৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ কেলেংকাৰিত অভিযুক্ত আছিল দুয়োগৰাকী।

15. তিনিচুকীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
ৰে’লৱে জংচনত ড্ৰাগছসহ আটক কৰে দুই সৰবৰাহকাৰী।
৬ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল হেৰ’ইনখিনি।
নাহৰকটীয়াৰ পৰা তিনিচুকীয়ালৈ সৰবৰাহৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে জব্দ কৰে।

16. আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
৬৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।
৫৫ লক্ষাধিক ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪১২ গৰাকী প্ৰাৰ্থীৰ।

17. ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা।
বিগত ১০ দিনত ডেংগুত আক্ৰান্ত ৭২৬ জনলৈ বৃদ্ধি।
কাৰ্বি আংলঙত ২৪ ঘণ্টাত ৬৫ গৰাকী ডেংগুত আক্ৰান্ত হৈছে।

18. “শুই থাকিবলৈ চৰকাৰ গঠন কৰা নাই বড়োলেণ্ডত। স্মাৰ্ট, নিৰাপদ আৰু সুৰক্ষিত বড়োলেণ্ড গঠন কৰাই মূল লক্ষ্য UPPLৰ”- মন্তব্য প্ৰমোদ বড়োৰ।

19. ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা।
লামডিংত জব্দ কৰা হৈছে বাৰ্মিজ চুপাৰী।
আৰক্ষীয়ে আটক কৰে সুমন দে আৰু ৰিপন দাস নামৰ লোক দুজনক।

20. মহাৰাষ্ট্ৰত পুনৰ বৃহত্‍ পৰিমাণৰ নকল টকা উদ্ধাৰ কৰে।
৮ কোটিৰ নকল টকা জব্দ কৰা হয় মহাৰাষ্ট্ৰৰ থানেত।
জব্দ কৰা গোটেইখিনি জালনোটেই দুহাজাৰ টকীয়া।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *