৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com November 14/2022:-
1. আজিৰে পৰা মুকলি হ’ল মিছন বসুন্ধৰা-২.০
শংকৰদেৱ কলাক্ষেত্ৰত ‘মিছন বসুন্ধৰা’ শুভাৰম্ভণি অনুষ্ঠান।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মিছন বসুন্ধৰা ২.০ ৰ অধীনত সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন অৰ্থাৎ এই সেৱাৰ জৰিয়তে অসম চৰকাৰৰ প্ৰচলিত ভূমি নীতিৰ আধাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক সাধাৰণ খেতি আৰু ঘৰ বস্তিৰ বাবে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টনৰ ব্যৱস্থা কৰি ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
2. সৰ্বশিক্ষা অভিযানৰ অধীনত কাহিলীপাৰাত অনুষ্ঠিত হৈছে ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক বিদ্যালয় অনুদান প্ৰদান কাৰ্যসূচী।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত বিশিষ্ট কবি, গীতিকাৰ, সাহিত্যিক প্ৰয়াত কৈলাশ নাথ শৰ্মা সোঁৱৰণী সাহিত্য বঁটা প্ৰদান অনুষ্ঠান।
উপস্থিত থাকে শিক্ষামন্ত্ৰী গৰাকী।
3. আজি শিশু দিৱস।
১৮৮৯ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহৰু জন্ম হৈছিল।
ৰাজ্যজুৰি পালন কৰা হৈছে শিশু দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী।
কণ-কণ শিশু সকলে প্ৰদৰ্শন কৰিছে বিভিন্ন প্ৰতিভা।
দেশজুৰি স্মৰণ কৰিলে জৱাহৰলাল নেহৰুৰ জন্মদিনত।
4. মামণি ৰয়ছম গেস্বামীৰ আজি ৮১ সংখ্যক জন্মদিন।
১৯৪২ চনৰ আজিৰ দিনটোত জন্ম গ্ৰহন কৰিছিল মামণি ৰয়ছম গেস্বামী।
বহু গল্প, উপন্যাস আৰু গৱেষনামূলক গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে এই গৰাকী মহীয়সী নাৰীয়ে।
‘মামৰে ধৰোৱা তৰোৱাল’ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
5. পঞ্চম ইণ্ডো-নেপাল ৰীয়েল গ’ল্ড ৰ’লাৰ স্কেটিং।
৪০০ মিটাৰ আৰু ২০০ মিটাৰ শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিলে গুৱাহাটীৰ সুশাংকৰ বৰাই।
২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা।
কমনৱেলথত স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক প্ৰদান কৰা হ’ব অৰ্জুন বঁটা।
কমনৱেলথত লন বলৰ দলীয় শাখাত স্বৰ্ণপদক লাভ কৰিছিল শইকীয়াই।
৩০ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা।
শ্বিলঙত অনুষ্ঠিত নৰ্থ-ইষ্ট অলিম্পিকৰ গ’ল্ফ ইভেণ্টত চেম্পিন।
৫টা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জ পদকেৰে শ্ৰেষ্ঠত্বৰ খিতাপ অসমৰ দলটোৰ। প্ৰতিযোগিতাত BPTLৰ অধ্যক্ষ সঞ্জীৱ জয়ছোৱালে লাভ কৰে স্বৰ্ণ পদক।
6. অসমত উপস্থিত বলিউদৰ ড্ৰীম গাৰ্ল হেমা মালিনী আৰু বলিউডৰ জনপ্ৰিয় অভিনেতা গোৱৰ্ধন আচৰানী। অভিনেতাগৰাকীয়ে
ভিণ্টেজ বাহনেৰে আদৰি নিয়া হয় হেমা মালিনীক।
আজি নিশা নলবাৰী ৰাস মহোৎসৱত অংশ লব দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।
অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰলৈ আহিছে বলীউড তাৰকা হৃতিক ৰোশন।
১০ দিন ধৰি তেজপুৰৰ সমীপৰ বিমান ঘাটীত চলিব শ্বুটিং।
7. ১৮ নৱেম্বৰত বাংলাদেশ ভ্রমণলৈ যাব অসম বিধানসভাৰ এটা বৃহৎ দল।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যাবলগীয়া এই দলটোত আছে ৩৫ গৰাকী বিধায়ক, বিষয়া-কর্মচাৰী আৰু সাংস্কৃতিক দল।
8. মঙলদৈৰ লুহুৰী চৰত বাঘৰ আতংক৷
বাঘৰ আক্ৰমণত দুটা পশুধনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
ইফালে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বাঘৰ খোজৰ চিহ্ন ৷
বন বিভাগক খবৰ দিয়াৰ পিছতো উপস্থিত হোৱা বন বিভাগৰ কোনো লোক।
9. ৰাজধানী দিল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।
প্রেয়সীক টুকুৰা টুকুৰকৈ কাটি হত্যা কৰিছে যুৱকে।
৩৫ টুকুৰা কৰি কাটি ভৰাই থৈছিল ফ্রিজত।
সুযোগ বুজি উলিয়াই নি পুতি থৈছিল ওচৰৰ হাবিত।
মে’ মাহতে সংঘটিত হৈছিল এই হত্যাকাণ্ড।
যুৱতী গৰাকীৰ পিতৃৰ অভিযোগত তদন্ত কৰিছে আৰক্ষিয়ে।
10. আদালতত হাজিৰ কৰোৱা হল GMC কেলেংকাৰী অভিযুক্ত তছদিকুৰ ৰহমানক।
CM ভিজিলেন্সে পুনৰ জিম্মাত নলয় অভিযুক্ত তছদিকুৰক।
11. ডিব্ৰুগড়ৰ প্ৰবীণ শিল্পী বিজন হাজৰিকাৰ কাষত মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশত উপস্থিত হ’ল ADC সংঘমিত্ৰা বৰুৱা আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাজদ্বীপ বৰুৱা।
দুয়ো গৰাকীয়ে শিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে।
12. আজি আদালতত হাজিৰ হ’ল ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা।
তদন্তত গাফিলতি কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।
মঙলদৈ আদালতলৈ লৈ যোৱা হয় আশীৰ্বাদ হাজৰিকাক।
ৰাজমোহন ৰায়ক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়।
13. তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত সেনাৰে-উগ্রপন্থীৰ গুলীয়াগুলী।
ডিগবৈ-পেঙেৰী সংযোগী ফাচীদলঙত এই ঘটনা সংঘটিত হৈছে।
গাৰোৱাল ৰেজিমেণ্টৰ দলৰ সৈতে গুলীয়াগুলী উগ্রপন্থীৰ।
প্রথমে বিস্ফোৰণ তাৰ পিছত গুলীয়াগুলী দুয়োপক্ষৰ মাজত।
বন্ধ কৰি দিয়া হৈছে পেঙেৰী-ডিগবৈ সংযোগী পথ।
সেনাই অভিযান চলাইছে পেঙেৰী বনাঞ্চলত।
14. ফাঁচী বজাৰত তৃণমূল কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান।
সামগ্ৰীৰ আকাশলংগী দাম বৃদ্ধি, পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতা গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী।
ফাঁচী বজাৰ চাৰিআলি পইণ্টত মহানগৰীত খোৱা পানী যোগান নিশ্চিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
15. গোগামুখত কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদ।
পৃথক কমতাপুৰ দাবীত প্ৰতিবাদ।
বৰদলনিত ৰেলপথ অৱৰোধৰে প্ৰতিবাদী কাৰ্যসূচী।
প্ৰতিবাদ ৰুধিবলৈ সষ্টম আৰক্ষী প্ৰশাসনৰ।
16. পুৰাতত্ত্ব বিভাগৰ অকৰ্মণ্যতাত, সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে শিৱসাগৰৰ ঐতিহাসিক হৰগৌৰী দৌল।
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালতে ১৭০০ শতিকাত নিৰ্মান কৰা হৈছিল হৰগৌৰী দৌল।
দৌলৰ ভিন্ন ঠাইত বৃহৎ বৃহৎ ফাত মেলিছে ধৰিছে।
বৰ্তমান দৌলটোৰ ভিতৰলৈ সোমাবলৈ ৰাইজে ভয় কৰিছে।
17. শ্বিলঙত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট অলিম্পিকৰ আজি পঞ্চমটো দিন৷
সৰ্বমুঠ ৮২টা পদক লাভেৰে শীৰ্ষত আছে অসম দল।
১৬ নৱেম্বৰত অন্ত পৰিব নৰ্থ ইষ্ট অলিম্পিক।
18. ‘ভাৰত জোড়ো যাত্ৰাত চতুৰালি কৰিছে ভূপেন বৰাই৷ আগত খিলঞ্জীয়া, পাছত মিঞা মানুহ লৈ খোজ কাঢ়িছে বৰাই’- মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাৰ।
19. “মদ্যপানৰ ক্ষেত্ৰত দেশৰ ৫ ৰাজ্যৰ ভিতৰত অন্যতম হ’ব অসম।
ৰাজহ সংগ্ৰহৰ বাবে প্ৰতিখন গাঁৱতে একোখনকৈ ৱাইন শ্ব’প খুলিব চৰকাৰে”- মন্তব্য ভূপেন বৰাৰ।
20. ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল বৰপেটাৰ তিনি যুৱক।
বৰপেটাৰ জিলা স্বাস্থ্য বিষয়া দেৱাশ্ৰী বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত কৰ্মচাৰী তিনিজনক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে।