ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
অৰ্থাৎ ১৯৬৬ চনৰ আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল।
এই বিশেষ দিনটোক সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰ তাৰিখটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।
এই দিনটোৰ উদ্দেশ্য হৈছে গণতন্ত্ৰত এখন স্বতন্ত্ৰ সংবাদ মাধ্যমৰ গুৰুত্ব কঢ়িয়াই অনা।
সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জনা যায়।
সেয়ে কোৱা হয়, সাংবাদিকসকল সমাজৰ এক আইনা, যি প্ৰতিকূল পৰিস্থিতিতো সত্য উলিয়াই আনে।
এই দিনটো সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সমাজৰ প্ৰতি ইয়াৰ দায়বদ্ধতাৰ প্ৰতীক।
ভাৰতীয় প্ৰেছ কাউন্সিলে এই দিনটোতে কাম কৰা আৰম্ভ কৰিছিল।
এক বিধিবদ্ধ আৰু অৰ্ধ-ন্যায়িক প্ৰতিষ্ঠান প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে 16 নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।
আজিৰ এই শুভক্ষণত প্ৰতিটো সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী সংবাদসেৱীক প্ৰেছ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অনাগত দিনত তেওঁলোকে প্ৰকৃত কৰ্মৰ জৰিয়তে সমাজখনক নতুনত্ব প্ৰদান কৰক।
লগতে সংবাদ সেৱাৰ জৰিয়তে দেশ আৰু জাতিৰ বাবে কাম কৰিবলৈ গৈ অকালতে জীৱন হেৰুৱাবলগা ব্যক্তি সকলক গভীৰ শ্ৰদ্ধা নিবেদিছোঁ।
News Editor Sangita Dutta R News India 24