৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com November 16/2022:-
1. মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বাবে ব্যাপক আয়োজন ৰাজ্য চৰকাৰৰ।
জনতা ভৱনত লাচিত দিৱসৰ ‘থীম ছং’ উদ্বোধনী কাৰ্যসূচী।
গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
খানাপাৰাত কৃষি বিভাগৰ অসম মিলেট অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান।
হিতাধিকাৰীৰ মাজত বিতৰণ কৰিলে কৃষি যন্ত্ৰপাতি।
উপস্থিত থাকে মুখ্যমন্ত্ৰী গৰাকী।
2. দিল্লীত ৭০ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
অনুষ্ঠানত উপস্থিত থাকে বি টি আৰৰ প্ৰধান প্ৰমোদ বড়ো, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।
3. মিজোৰামৰ নাথিয়াল জিলাৰ ভূমিস্খলনস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।
উদ্ধাৰ কৰা হৈছে ১১টাকৈ মৃতদেহ।
এই ঘটনাক লৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
নিহতৰ পৰিয়াললৈ ২লাখ টকা আৰু আহত পৰিয়াললৈ ৫০ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
4. আজিৰ দিনটোত বিশ্বৰ জনসংখ্যাই অতিক্ৰম কৰিলে ৮০০ কোটিৰ ঘৰ।
বিশ্ব জনসংখ্যা দিৱস উপলক্ষ্যে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
২০২৩ বৰ্ষত চীনক পিছ পেলাই ভাৰতে।
বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হব ভাৰত।
5. ৰাজ্যৰ নৱমখন মেডিকেল কলেজ ধুবুৰী চিকিৎসা মহাবিদ্যালয়।
আজিৰে পৰা আৰম্ভ হ’ল পাঠদান।
শপতগ্ৰহণেৰে পাঠগ্ৰহণৰ আৰম্ভণি কৰিলে প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে।
উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা।
6. পুনৰ চানডুবিলৈ আহিব অভিনেত্ৰী কংগনা ৰাণাৱট।
‘ইমাৰজেন্সি’ ছবিৰ শ্বুটিঙৰ বাবে আহিব চানডুবিলৈ।
ছবিৰ শ্বুটিঙত ব্যৱহৃত এখন বাহৰ দলং নিৰ্মানত চানডুবিত এতিয়া ব্যস্ত একাংশ স্থানীয় যুৱক।
7. কৰিমগঞ্জৰ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ।
জিলাখনৰ দক্ষিণ কৰিমগঞ্জৰ ইলাচপুৰ গাঁও পঞ্চায়তত কেলেংকাৰী।
৩ কোটিৰো অধিক টকা হৰলুকী পঞ্চায়তটোৰ।
পঞ্চায়তটোৰ ১০ টা ৱাৰ্ডৰ বহুকেইটা পথ নিৰ্মানৰ বাবে অহা টকাখিনি কাম নকৰাকৈয়ে আত্মসাত কৰাৰ অভিযোগ সভাপতি ছামিয়া ৰাৰীখান আৰু পঞ্চায়ত প্ৰতিনিধি আমিৰুদ্দিনৰ বিৰুদ্ধে।
উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ।
8. ভেৰগাঁৱৰ ২নং বৰঙ্গাজুলিত নিশা চুৰি ঘটনা।
ঘৰত কোনো নথকাৰ সুযোগত লুটি নিয়ে নগদ ৫লাখ টকাৰ লগতে কেইবালাখ টকাৰ সামগ্ৰী।
অঞ্চলটোৰ লক্ষ্মণ লামাৰ ঘৰত সংঘটিত হয় এই ঘটনা।
9. শিৱসাগৰ আমগুৰিৰ ৭৮ টা চাহ জনগোষ্ঠীৰ পৰিয়ালে শৰণ ললে শ্ৰীমন্ত শংকৰদেৱ সংঘত।
হাঁহ, কুকুৰা পালন নাইবা আন জনগোষ্ঠীৰ ৰীতি-নীতি পালনত সংঘৰ সংবিধানত বাধা নাই বুলি উল্লেখ কৰে সংঘৰ বিষয় ববীয়াই।
10. পেঞ্চনাৰসকলৰ বাবে সুখবৰ।
গুৱাহাটীৰ SBIৰ ডিজিটেল লাইফ চাৰ্টিফিকেট সেৱা।
ঘৰত বহিয়েই লাইফ চাৰ্টিফিকেট জমা দিয়াৰ ব্যৱস্থা কৰা হৈছে।
SBI ৰ নিউ গুৱাহাটী শাখাত আজি এই সেৱা উদ্বোধন কৰে।
11. নিউ গুৱাহাটীত ৰে’ল বিভাগৰ সামগ্ৰী ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে।
আদালতৰ বিচাৰাধীন হৈ থকা সামগ্ৰী চোৰাংকৈ বিক্ৰীৰ চেষ্টা ব্যৰ্থ হৈ পৰিছে।
RPF ৰ এজন উপ-পৰিদৰ্শকে জব্দ কৰে ট্ৰাকখন।
সামগ্ৰী ভৰ্তি ট্ৰাকখনৰ সৈতে আটক কৰা হৈছে দুজন ব্যক্তিক।
12. নৰ্থ ইষ্ট অলিম্পিকত উজ্বলিল অসম এথলেটিকছ দল।
প্ৰতিযোগিতা খনত ১২ টা স্বৰ্ণৰে ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰিলে অসম দলে।
লগতে শ্ৰেষ্ঠ এথলেটিকছ সন্মান অসম দলৰ খেলুৱৈক।
শ্বিলঙত অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ-ইষ্ট অলিম্পিক গেম্ছ।
৯ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্টিত হৈছিল।
৭৮ স্বৰ্ণ অৰ্জনেৰে প্ৰথম স্থানত লাভ কৰিলে মণিপুৰ এ।
13. গোৱালপাৰাৰ দুধনৈত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা।
ফফলস্থিত শ্ৰী শ্ৰী বনবাসী মন্দিৰত পূজা-অৰ্চনা কৰিলে মন্ত্ৰীগৰাকীয়ে।
দুধনৈত এক চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ গৈছিল নন্দিতা গাৰ্লোছা।
14. আহমেদাবাদৰ ঘাটলোদিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটেলৰ ৰোড শ্ব’।
15. কাইলৈ পূৰ্ণ হ’ব কাৰ্বি আংলং জিলা গঠনৰ ৭১ বছৰ।
তাৰালাংছ’ত মাৰাথন দৌৰ, বাইক ৰেলীৰে দুদিনীয়া কাৰ্যসূচী।
কাৰ্বি পাহাৰত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।
মূল কাৰ্যসূচীত অংশ লব নাগালেণ্ড আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে।
16. G20 সন্মিলনত চিৰিৰে উঠি যোৱাৰ সময়ত উজুতি খালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে হাতত ধৰি কথমপি ৰক্ষা কৰে বাইডেনক।
17. ‘আমাক ব্লেকমেইলাৰ নসজাব।
গুণোৎসৱৰ নামত আমি কোনো ব্লেকমেইলিং কৰা নাই’- মন্তব্য অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাপুন গোস্বামীৰ।
18. ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ৫০ বছৰীয়া জন্মদিন।
জুবিন গাৰ্গৰ ফেনক্লাৱ আৰু শুভাকাংক্ষীয়ে যোৰহাটত পাতিব জন্মদিন।
উলহ-মালহেৰে যোৰহাটত জন্মদিন পালন কৰিব শিল্পী গৰাকীয়ে।
19. বিলাসীপাৰাৰ বৰকান্দাত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল।
আৰক্ষীৰ জালত পৰিল বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
ৱাটছএপ গ্ৰুপ খুলি একাংশ পৰীক্ষাৰ্থীক যোগান ধৰিছিল প্ৰশ্ন।
অধ্যক্ষ জমচেৰ আলী আৰু পুত্ৰ তফিউৰ ৰহমানক আটক কৰে আৰক্ষীয়ে।
20. ঢেকীয়াজুলিৰ কিশোৰীগৰাকীক হত্যা কৰা লম্পট হজৰত আলীৰ মন্তব্য- “মই গৈছিলো বেয়া কাম কৰিবলে।
কিন্তু ছোৱালীজনীয়ে চিঞৰা কাৰণে ডিঙি চেপি মাৰিলো”।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।