৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
1. দিল্লীত ‘ NO MONEY FOR TERROR’ শীৰ্ষক সন্মিলন।
মন্ত্ৰালয়কেন্দ্ৰীক সন্মিলনত অংশগ্ৰহন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
“শূন্য সহনশীল নীতি, একতাৰে সন্ত্ৰাসবাদ ৰোধ কৰিব পৰা যায়। সন্ত্ৰাসবাদে সভ্যতা, মানৱতাক আক্ৰমন কৰে”- মন্তব্য প্ৰধানমন্ত্ৰী গৰাকীৰ।
সন্মিলনত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, NIA সঞ্চালক প্ৰধান দীনকৰ গুপ্তা।
2. গুজৰাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে।
আজি ৩ খন প্ৰচাৰসভাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
3. সমগ্ৰ ৰাজ্যত আজিৰ পৰা আৰম্ভ কৰা হৈছে বীৰ লাচিত বৰফুকনৰ ৪০০ জন্ম জয়ন্তী।
ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠিত হৈছে অসমীয়াৰ সৌৰ্যবীৰ্য্যৰ প্ৰতীক লাচিতৰ জন্মজয়ন্তী।
ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মাৰ্চপাষ্ট আৰু লাচিত বৰফুকনৰ জীৱন সমৃদ্ধ নাটক।
আজিৰে পৰা ২৪ নৱেম্বৰলৈকে হব লাচিত দিৱস।
4. অহা কালিলৈ মুকলি হ’ব অৰুণাচলৰ নৱনিৰ্মিত বিমান বন্দৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব হোলোংগীৰ দঞি পল বিমান বন্দৰ।
ৰাষ্ট্ৰক প্ৰধানমন্ত্ৰীয়ে অৰ্পণ কৰিব কামেং জলবিদ্যুত্ প্ৰকল্প।
5. সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সোণালী জয়ন্তী।
ৰাজপাল প্ৰফেচৰ জগদীশ মুখীৰ উপস্থিতিত শুভাৰম্ভণী অনুষ্ঠান।
অন্তিমদিনাৰ কাৰ্যসূচীত সংগীত পৰিবেশন কৰিব জুবিন গাৰ্গে।
6. ছদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ গৈছে বিধান সভাৰ প্ৰতিনিধি দল।
বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত
বাংলাদেশলৈ ৰাওনা হৈছে দলটো।
7. ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত নিযুক্তি কেলেংকাৰী।
লিখিত পৰীক্ষাত কম নম্বৰ পোৱা প্রাৰ্থীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ।
ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্ত দাবী কৰিলে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে।
8. ‘কংগ্ৰেছে ভাৰত জোড়ো কৰি থাকিলে ২০২৪ আৰু ২০২৬ চনত চৰকাৰ আহিব পাৰে’- মন্তব্য বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইৰ।
9. ‘আমাৰ একাংশই ভুল কৰাটো হয়। মই কোনো ভুল কৰা নাই।’ CM ভিজিলেন্সৰ জালত পৰা সীমান্তজ্যোতি বৰুৱাৰ মন্তব্য।
10. ‘BTRত হাগ্ৰামা মহিলাৰীৰ কোনো স্থান নাই, সস্তীয়া ৰাজনীতি কৰে হাগ্ৰামা মহিলাৰীয়ে’- মন্তব্য প্ৰমোদ বড়োৰ।
11. বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে এথলেটিক প্ৰশিক্ষণ শিবিৰ।
উপস্থিত থাকে মন্ত্ৰী অতুল বৰা।
চটফুত দলিয়াই এমহীয়া ক্ৰীয়া প্ৰশিক্ষনৰ উদ্বোধন মন্ত্ৰীগৰাকীয়ে।
12. গুৱাহাটীৰ বশিষ্ঠাশ্ৰম দেৱালয়ৰ গিৰিন্দ্ৰ মোহন শৰ্মা দলৈৰ দেহাৱসান।
বশিষ্ঠাশ্ৰম দেৱালয়ৰ মূল পুৰোহিত আছিল গিৰিন্দ্ৰ মোহন।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পুৰোহিত গৰাকী।
13. বোকাখাতৰ নিকৰিঘাটত শ্বুটিঙত ব্যস্ত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট।
শ্বুটিঙৰ বাবে অস্থায়ী গাঁও নিৰ্মাণ কৰাৰ লগতে খেতি পথাৰো নিৰ্মাণ কৰিছে।
আনহাতে তেজপুৰত উপস্থিত ঋত্বিক ৰৌশন, দীপিকা পাডুকন, অনিল কাপুৰ।
14. অসম সাহিত্য সভাৰ নিৰ্বাচনত ৰিগিং।
নিৰ্বাচনৰ কাম-কাজত নিয়ম উলংঘাৰ অভিযোগ।
ৰিগিঙৰ অভিযোগ উঠিছে সাংগঠনিক সম্পাদকৰ বিৰুদ্ধে।
নলবাৰীত সংঘটিত হৈছে এই ঘটনা।
15. ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৩ জন ছাত্রক বহিষ্কাৰ কৰা হৈছে।
নিৰাপত্তাৰক্ষীক প্রহাৰ কৰাৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে ছাত্রকেইজনক।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিলে ছাত্রকেইজনক।
দুজন প্ৰাক্তন ছাত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
16. আজি ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান BDF ৰ৷
শিলচৰত BDFৰ সম্পাদক ঋষিকেশ দে’সহ ৪জনক গ্ৰেপ্তাৰ কৰা হৈছে৷
CENTRAL ৰোডৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে চাৰি নেতাক৷
সম্প্ৰতি শিলচৰ সদৰ থানাত ৰখা হৈছে চাৰিওজনকে৷
17. গুৱাহাটীৰ ৰে’ল ষ্টেচনত বিশাল পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে।
কাঞ্চনজংঘা ৰে’লযোগে সৰবৰাহ কৰিছিল চুপাৰিখিনি।
এটা মালবাহী দবাত সৰবৰাহ হৈছিল প্রায় ১৫০ বস্তা চুপাৰি।
বৰ্তমান দবাটো জব্দ কৰি ৰাখিছে চৰকাৰী ৰে’ল আৰক্ষীয়ে।
18. খুমটাইত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
চুঙীহোলা চাপৰিত আৰক্ষীয়ে অভিযান চলাই।
উৎখাত কৰিলে হাবিৰ মাজত থকা এটা বৃহৎ চুলাই ভাটি।
জব্দ কৰা হৈছে ৬০০ লিটাৰ গুৰৰ পাছ।
19. ডিব্ৰুগড় আৰক্ষী আৰু CRPFৰ জালত পৰিছে ৯জনকৈ ব্যক্তি।
মাওবাদীৰে জড়িতৰ সন্দেহত আটক কৰা হৈছে লোককেইজনক।
বৰ্তমান সোধা-পেছা অব্যাহত আছে।
20. ভাৰত–চীনৰ শিহৰণ কাৰী যুদ্ধ অৰুণাচলৰ সীমান্ত অঞ্চল ৱালং যুদ্ধৰ হীৰক জয়ন্তী উদযাপন ভাৰতীয় সেনাৰ।
মাহযোৰা হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত উপস্থিত জিঅচি লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী, আৰ পি কলিতা।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।