৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com November 21 / 2022 :-
1. সমগ্ৰ শিক্ষা অভিযান সঞ্চালকৰ কাৰ্যালয়ত ৰাজ্যৰ শিক্ষানুষ্ঠানৰ শৈক্ষিক কাম-কাজত গতিশীলতা আৰু স্বচ্ছতা অনাৰ উদ্দেশ্যে তিনিটা ডিজিটেল এপ মুকলি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।
ৰাজ্যৰ ২৬ হাজাৰ ঠিকাভিত্তিক শিক্ষক, ষ্টেট পুলৰ ৯ হাজাৰ শিক্ষকৰ সা-সুবিধা আৰু ৪৬ হাজাৰ বিদ্যালয় উন্নয়নৰ লক্ষ্য এই এপৰ অন্যতম উদ্দেশ্য।
ঠিকাভিত্তিক শিক্ষকৰ বাৰ্ষিক দৰমহা বৃদ্ধিৰ ব্যৱস্থাও এই এপত সন্নিবিষ্ট কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিব দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।
2. সৰুসজাই ষ্টেডিয়ামত সেনাবাহিনীৰ পূৰ্বোত্তৰ স্বাভিমান উৎসৱ।
অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ভাৰতীয় সেনাৰ শৌৰ্য-বীৰ্য।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ GOC
3. ১ ফেব্ৰুৱাৰীৰ পৰা কৰ্মচাৰী পৰিষদৰ আন্দোলন।
পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত আন্দোলনৰ ঘোষণা কৰে।
NPS ব্যৱস্থা বাতিলৰ দাবী সদৌ অসম কৰ্মচাৰী পৰিষদৰ।
কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত।
4. লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নলবাৰীত পুতলা নাচৰ আয়োজন।
লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে নলবাৰী জিলা প্ৰশাসনে পুতুলা নাচ প্ৰদৰ্শন কৰে।
5. “এতিয়া ভাৰতত বিলিয়েনাৰ সকলৰহে সপোন দেখাৰ অধিকাৰ আছে”- মন্তব্য ৰাহুল গান্ধীৰ।
6. কাজিৰঙাৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিলে ৪ জন যুৱকে।
‘ইউনিক্লীন’ নামৰ এক অত্যাধুনিক লন্ড্ৰী মুকলি কৰে ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।
7. ২৪ নৱেম্বৰ লাচিত দিৱসত প্ৰতিজন অসমীয়াক ঘৰৰ সন্মূখত এগছিকৈ ছাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
8. “গুৱাহাটীত ৰিক্সা চলালেও টেক্স দিব লাগিব।
ৰাইজৰ ওপৰত মাধমাৰ পৰিছে।
কেইদিনমানৰ পাছত খোজ কাঢ়িলেও দিব লাগিব টেক্স”- বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ প্ৰতিক্ৰিয়া।
9. লখিমপুৰৰ বঙালমৰাত অঘটন।
SBI বেংকৰ সন্মুখৰ পৰা মাৰণাস্ত্ৰ দেখুৱাই ধন লুট কৰে।
পেট্ৰ’ল পাম্পৰ ধন জমা দিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়।
অস্ত্ৰধাৰী যুৱকে ৫.৫০ লাখ টকা লুটি নিলে কৰ্মচাৰীৰ পৰা।
10. ওদালগুৰিত এবছুৰ বাইক ৰেলী ।
চাৰিটা মূল দাবী লৈ ৰাইজৰ মাজত সজাগতা মূলক এই বাইক ৰেলী ।
ট্ৰাইবেল্ট এণ্ড ব্লকৰ ভূমি সংৰক্ষণ কৰা , শিক্ষাৰ মানদণ্ড উন্নত কৰা, সমাজত প্ৰচলিত হোৱা মদ জুৱা,ডাইনী হত্যা, মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰোধ কৰা লগতে বড়ো ভূমিৰ হৈ সশস্ত্ৰ সংগ্ৰাম কৰি কাৰাগাৰত থকা সকলক শান্তিৰ স্বাৰ্থত মুকলি কৰি দিবলৈ দাবী জনাই এই বাইক ৰেলীৰ আয়োজন কৰা হয়।
11. পাঞ্জাবাৰীত গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু।
পুৰৱী ডায়েৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।
GMCHত মৃত্যু ৰঞ্জিত বৰাৰ।
মহানগৰীত দিন দুপৰতে ৰঞ্জিত বৰাক হত্যা কৰি দুৰ্বৃত্তই লুটিলে ২.৫০ লাখ টকা ।
12. গোলাঘাটত বিভিন্ন দল-সংগঠনৰ ঐতিহাসিক ধোদৰআলিৰ মেৰামতিৰ দাবীত প্ৰতিবাদ।
বিধ্বস্ত হৈ পৰিছে ঐতিহাসিক ধোদৰআলি।
যান বাহন চলাচলৰ লগতে সমস্যাত পৰিছে পথচাৰী।
চৰকাৰক অতিশীঘ্ৰে ধোদৰআলি মেৰামতিৰ দাবী সংগঠনসমূহৰ।
13. মহানগৰীত চাইকেল-ৰিক্সাৰ কৰ বৃদ্ধি ।
শীঘ্ৰে GMCয়ে সংগ্ৰহ কৰিব বৰ্ধিত কৰ।
প্ৰতিখন চাইকেলৰ বাবদ গৰাকীয়ে দিব লাগিব ১০ৰ পৰা ৪০ টকা কৰ।
প্ৰতিখন ৰিক্সাৰ বাবদ ৭০ টকাকৈ কৰ।
গুৱাহাটীত বন্ধ হ’ব মটৰচালিত ৰিক্সা।
শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব GMC কৰ্তৃপক্ষই।
14. ইণ্ডোনেছিয়াৰ জাকাৰ্টাত প্ৰবল ভূমিকম্প।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬।
ভূমিকম্পত এই পৰ্যন্ত কমেও ৪৪জন লোক নিহত হৈছে।আহত হৈছে আন ৩ শতাধিক লোক।
জাকাৰ্টাৰ পশ্চিম জাভাত এই ভূমিকম্প সংঘটিত হৈছে।
15. চিকিৎসাধীন হৈ আছে পাকিস্তানৰ বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদী।
এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰৰ পিছতে সুস্থ হোৱাৰ কামনাৰে সকলোকে প্ৰাৰ্থনা কৰিবলৈ সামাজিক মাধ্যমত অনুৰাগীলৈ আহ্বান আফ্ৰিদীৰ।
ক্ৰিকেটাৰগৰাকীয়ে সামাজিক মাধ্যমত লিখিলে ‘আপোনাৰ প্ৰাৰ্থনাত মোক মনত পেলাব’।
16. গুৱাহাটীত জব্দ কৰা হৈছে ১৬ হাজাৰ য়াবা টেবলেট, হেৰ’ইনভৰ্তি চাবোনৰ ৫টা বাকচ এটা মোবাইল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰপেটাৰ আনোৱাৰ আলী নামৰ সৰবৰাহকাৰীটোক।
17. গুৱাহাটীত নিশা বৃহত্ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।
গড়চুক আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪ কোটি টকা মূল্যৰ ড্ৰাগছ।
আনোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰীটোক লখৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
18. গুজৰাটত জামনগৰ সমষ্টিৰ প্ৰাৰ্থী ৰিৱাভা জাদেজা আৰু ক্ৰিকেটাৰ স্বামী ৰবীন্দ্ৰ জাদেজাক আজি সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
19. ড° হীৰেন গোঁহাই লৈ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ “প্ৰজ্ঞাসাধক” উপাধি প্ৰদান।
20. “ভস্মাসুৰৰ দৰে ভস্মীভূত হ’ব হাগ্ৰামা”- মন্তব্য প্ৰমোদ বড়োৰ।