৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com November 26/2022:-
1. অসমত উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে।
সিন্দে বাহিনীক বিমানবন্দৰত অসম চৰকাৰৰ তিনি গৰাকী মন্ত্ৰী- বিমল বৰা, ডাঃ ৰণোজ পেগু, অজন্তা নেওগে আদৰণি জনালে।
বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যাত উপস্থিত হয়।
মা কামাখ্যাৰ আশীষ ললে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু ১৯৫জনীয়া সাংসদ-বিধায়কৰ দলটিয়ে।
2. মধ্যাহ্ন ভোজনৰ ৰান্ধনী- সহায়িকালৈ ভাল খবৰ।
অসম চৰকাৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাই পাবলগীয়া মাহিলি পাৰিতোষিক ১০০০ টকাকৈ ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা আজিলৈ কাৰ্যকৰী হোৱাকৈ অহা সপ্তাহৰ ভিতৰত মুকলি কৰিব।
সহায়িকাৰ অতিৰিক্ত ৰাজ্যিক শ্বেয়াৰ ৫০০ টকা ইতিমধ্যে ২০২২ৰ ছেপ্তেম্বৰ মাহলৈ দিয়া হৈছে।
ছচিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
3. জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান৷
পুৱা শেষ নিশ্বাস ত্যাগ কৰে চিৰঞ্জীৱ দত্তই৷
মৃত্যু সময়ত চিৰঞ্জীৱ দত্তৰ বয়স আছিল ৫৬ বছৰ৷
নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীৰ৷
4. ২০১৯-২০-২১ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা।
অসমৰ কেইবাগৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে এই সন্মান।
সত্ৰীয়া নৃত্যত ৰঞ্জুমণি শইকীয়া, পৰিচালক অবিনাশ শৰ্মা, অভিনেতা প্ৰাঞ্জল শইকীয়া, নৃত্যশিল্পী ত্ৰিলোচন মহন্ত, প্ৰসন্ন গগৈ, দৰঙৰ ওজাপালিত ধৰ্মেশ্বৰ নাথ ওজালৈ আগবঢ়োৱা হৈছে এই বঁটা।
5. মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪ বছৰ৷
আজি সেই অভিশপ্ত ২৬/১১ ৷ ২০০৮ চনৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৪ গৰাকী লোকে৷
নিমিষতে তেজেৰে ৰাঙলী হৈ পৰিছিল মায়ানগৰীৰ ভিন্ন প্ৰান্ত৷
৩ শতাধিকৰো অধিক লোক আহত হৈছিল এই ঘটনাত৷
6. “বিগ ব্ৰাডাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছে”- মন্তব্য বিধায়ক বিশ্বজিৎ ফুকন।
7. পুথিভঁৰাল সেৱা সঞ্চালকালয়ত বিত্তীয় কেলেংকাৰি।
কেলেংকাৰিৰ গোচৰত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰণৱ গোস্বামীক।
ৰুমী গোস্বামী আৰু উত্তম শৰ্মাৰ কাৰ্যকালত হৈছিল এই কেলেংকাৰি।
8. বিশ্বকাপত আৰ্জেণ্টিনাক পৰাস্ত কৰা ছৌদি আৰবৰ খেলুৱৈলৈ সুখবৰ৷
ছৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন ছালমানে বিশেষ উপহাৰ ঘোষণা কৰে।
খেলুৱৈসকলক দিয়া হ’ব একোখনকৈ ROLLS ROYCE PHANTOM গাড়ী৷
দলটোৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব এই বিলাসী গাড়ি।
ভাৰতীয় মূল্যত এই গাড়ীখনৰ দাম প্ৰায় ৯ কোটি টকা।
9. বোকাখাতৰ কমাৰগাঁৱৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই ধাননি পথাৰত বাগৰিল স্কুল বাছ৷ দুৰ্ঘটনাত আহত হৈছে দুগৰাকী ছাত্ৰী৷
বৰ্তমান আহত ছাত্ৰী দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বাছখনত আৰোহন একাডেমীৰ ছাত্ৰ ছাত্ৰী আছিল।
মাটিভৰ্তি এখন ট্ৰেক্টৰৰ দ্ৰুতগতিৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা।
আৰক্ষীয়ে জব্দ কৰিছে ট্ৰেক্টৰখন।
10. দেৰগাঁও আৰক্ষীৰ চক্ৰ পৰিদৰ্শক ময়ূৰজিৎ গগৈলৈ দুৰ্নীতি নিবাৰক সহনশীলতা বঁটা।
গোলাঘাট জিলা সমিতিয়ে ২০২২ বৰ্ষৰ বাবে আগবঢ়াইছে এই বিশেষ সন্মান।
11. “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া সীমা সমস্যা সমধানৰ দিশে গৈ আছে”- মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।
12. কাজিৰঙাত কংগনাৰ ৰাণাৱটৰ ছবিৰ দৃশ্যগ্ৰহণৰ নামত বিতৰ্ক সৃষ্টি হৈছে।
বিভাগীয়ৰ অনুমতি নোলোৱাকৈয়ে চলিল কংগনাৰ ছবিৰ দৃশ্যগ্ৰহণ৷
এই অভিযোগৰ খোদ কাজিৰঙা অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীৰ।
দৃশ্যগ্ৰহনেৰে জড়িত স্থানীয় ব্যক্তি স্বপন তামুলীৰ বিৰুদ্ধে
এই অভিযোগ।
13.ৰঞ্জিত বৰা হত্যাকাণ্ডৰ জড়িত নহয় বিজু বসুমতাৰী।
গড়চুক আৰক্ষীয়ে শুকুৰবাৰে গ্রেপ্তাৰ কৰিছিল বিজু বসুমতাৰীক।
অন্য এক গোচৰৰ বাবেহে গ্রেপ্তাৰ কৰিছিল বিজু বসুমতাৰীক।
14. মুক্ৰ’ৰ ঘটনাক লৈ লখিমপুৰত প্ৰতিবাদ।
মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ।
মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পুত্তলিকা দাহ কৰিলে অসমীয়া যুৱ মঞ্চই।
15. মৰাণ ডাম্পিং গ্রাউণ্ডত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।
দু্স্কৃতিকাৰীয়ে ডাম্পিং গ্রাউণ্ডত জুই লগোৱাৰ সন্দেহ কৰা হৈছে।
৩খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই।
16. হাইলাকান্দিত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰা হৈছে ৪২০০টা য়াবা টেবলেট।
গ্রেপ্তাৰ কৰে আলতাফ হুছেইন চৌধুৰী নামৰ সৰবৰাহকাৰীটো।
জব্দকৃত য়াবা টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য ১৬ লাখ টকা বুলি জানিব পৰা গৈছে।
17. সংবিধান দিৱস উপলক্ষে অধিবক্তা মণ্ডলিৰ উদ্যোগত সমাৰোহ।
হেঙেৰাবাৰীৰ সুদৰ্শনালয়ত অনুষ্ঠিত হৈছে এই অনুষ্ঠান।
বক্তৃতা প্ৰদান কৰে মন্ত্ৰী ৰঞ্জিত দাস, অধিবক্তা বিজন মহাজন, মহাধিবক্তা দেৱজিৎ শইকীয়াই।
18. কাছাৰত বৃহত্ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে।
বৰখলাত নৈশ বাছৰ পৰা গাঞ্জাসহ ২জনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ তালাচীত বাছখনৰ পৰা জব্দ কৰে ২৪ কিলোগ্ৰাম গাঞ্জা।
আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী আছিল নৈশ বাছখন।
19. বোকাজানৰ বালিপথাৰত পথ দুৰ্ঘটনা সংঘটিত হৈছে।
খাৱৈত সোমাল অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক৷
কমলাৰ তলত লুকুৱাই আনিছিল সুৰাখিনি।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ পৰা ৩০০ কাৰ্টুন সুৰা জব্দ কৰে।
ডিমাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।
ঘটনাস্থলীত আবকাৰী বিভাগৰ তদন্ত অব্যাহত।
20. লখিমপুৰত ডকাইতৰ ৰূপত আৰক্ষীৰ গাড়ী চালক৷
আৰক্ষীৰ জালত পৰিছে হৰি চৰণ দেৱ দাস ওৰফে মানস আৰু ৰিয়াজ আলী৷
হৰিচৰণ দেৱ দাস ঢকুৱাখানা থানাৰ ড্ৰাইভাৰ।
অৰুণাচলী দম্পতীৰ পৰা দুয়োৱে লুটিছিল ২ লাখ টকা।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।