৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com December 3/2022:-
1. ‘মোৰ বক্তব্যই যদি ধৰ্মীয় অনুভূতিত আঘাত হানিছে মই দুঃখিত৷
মই মোৰ পূৰ্বৰ বক্তব্য উঠাই লৈছোঁ৷
মোৰ বক্তব্যত যাতে কোনো ধৰ্মৰ মানুহে আঘাত নাপায়৷
চৰকাৰে সংখ্যালঘু মানুহৰ প্ৰতি ন্যায় কৰক’- ক্ষমা প্ৰাৰ্থনা বদৰুদ্দিন আজমলৰ।
2. আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস।
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে আজি বিশেষ দিন।
সমগ্র দেশৰ লগতে অসমৰো বিভিন্ন প্রান্তত পালন কৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস।
বিভিন্ন অনুষ্ঠানত দিব্যাংগ ছাত্র-ছাত্রীসকলৰ মাজত অনুষ্ঠিত হয় খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠান।
কটন বিশ্ববিদ্যালয়ৰ প্রতিবন্ধী ফ’ৰামৰ উদ্যোগত আয়োজন কৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস।
অনুষ্ঠানত ‘হেমকোষৰ ব্রেইল’ সংস্কৰণৰ বাবে সাদিন-প্রতিদিন গোষ্ঠীক কৃতজ্ঞতা জনাই কটন বিশ্ববিদ্যালয়ৰ প্রতিবন্ধী ফ’ৰামে।
3. উত্তৰ গুৱাহাটীৰ নামঘৰ সমাৰোহ ভক্তিৰসত বুৰ গৈছে।
২০০০ নামতীৰ দিহা নাম, শংখ-নাগাৰা-তালেৰে মুখৰিত হৈছে পৰিৱেশ।
৩ দিনীয়াকৈ অনুষ্ঠিত কৰা সমাৰোহত কাইলৈ ভাগ ল’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
নামঘৰ সমাৰোহত আধ্যাত্মিক পৰিৱেশৰ মাজত উপস্থিত থাকে কামৰূপৰ DC কীৰ্তি জলী।
“৫০০বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিকাই গৈছে নাম-কীৰ্তনৰ শক্তি, নৱপ্ৰজন্মই এই পথত আগবাঢ়ি যোৱা উচিত” বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে।
4. “ৰাজ্যৰ টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি নহয়”-আমবাগান ছিনিয়ৰ ছেকণ্ডাৰী স্কুলত হীৰক জয়ন্তী অনুষ্ঠানত মন্তব্য কৰে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে।
5. GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ।
পলাতক আছিল ঠিকাদাৰ মিঠু আগৰৱাল৷
বিহাৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিঠু আগৰৱালাক৷
6. “সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰিতে ধৰ্ম নিৰ্বিশেষে যুঁজাটো আমাৰ সকলোৰে দায়িত্ব”- মন্তব্য লুৰিণজ্যোতি গগৈৰ।
7. “বদৰুদ্দিনক গ্ৰেপ্তাৰেই নহয়, উচিত শাস্তি দিব লাগে, যাতে কোনেও এনেকুুৱা মন্তব্য কৰিবলৈ সাহস নকৰে”- মন্তব্য মন্ত্ৰী অশোক সিংহালৰ।
8. ডিব্ৰুগড় জিলা হেণ্ডবল সন্থাৰ উদ্যোগত চৌকিদিঙী খেলপথাৰত সদৌ অসম ভিত্তিত প্ৰাইজমানী হেণ্ডবল প্ৰতিযোগিতা।
উক্ত প্ৰতিযোগিতা খন উদ্বোধন কৰে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
9. “৫০ শতাংশ মুছলমানে চাৰিগৰাকী বিয়া পাতে, ১০-১৫ টা সন্তান জন্ম দিয়ে। মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়া ফেক্টৰী নেকি” – মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।
10. “ৰেগিঙৰ বিৰুদ্ধে প্ৰথম আইন প্ৰণয়ন কৰিছিলোঁ মোৰ দিনত।
তেনে কঠোৰ আইনৰ প্ৰয়োজন আছে।
কেৱল ৰুল ফ্ৰেমিং কৰিব লাগে”- মন্তব্য প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰাজনীতিবিদ থানেশ্বৰ বড়োৰ ।
11. শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷
‘আজমলে যাতে সহানুভূতি আদায় কৰিব নোৱাৰে তাতো নজৰ ৰখা হ’ব’৷
আইনী যি ব্যৱস্থা আছে সেয়া লোৱা হ’বই বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই৷
12. ১৯৮২ চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল মিথালীয়ে৷
৪০ বছৰীয়া হ’ল ভাৰতীয় মহিলা দলৰ প্ৰাক্তন অধিনায়ক মিথালী ৰাজ৷
২০০৪ চনৰ পৰা ২০২২ চনলৈ ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আছিল মিথালী।
মিথালী মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ ভিতৰত এজন বুলি গণ্য ধৰা হয়।
13. মহানগৰবাসীয়ে ৩১ ডিচেম্বৰৰ ভিতৰত GMCক দিব লাগিব সম্পত্তিৰ কৰ আৰু APDCLৰ সৈতে সংযোগ কৰিব লাগিব হ’ল্ডিং নম্বৰ।
ডেডলাইন মিছ কৰিলেই কৰ্তন হ’ব পাৰে ঘৰৰ বিদ্যুৎ সংযোগ।
14. গোৱালপাৰা জিলাৰ কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
ট্ৰাক খনৰ চালক দুজন গুৰুত্বৰ ভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।
দুয়োজন চালককে উন্নত চিকিৎসালয় লৈ প্ৰেৰন কৰা হৈছে।
15. জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসকৰ অভাৱত হাহাকাৰ ৰোগীৰ মাজত।
চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক, এগৰাকী চিকিৎসকে চলাই আছে চিকিৎসা সেৱা।
চিকিৎসলয়খনত পৰ্য্যাপ্ত পৰিমাণৰ চিকিৎসক নিযুক্তি দিয়াৰ লগতে ঔষধ পাতি যোগান ধৰিবলৈ দাবী স্থানীয় ৰাইজৰ।
16. ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত গোধনৰ অবৈধ বেহা।
বকোত গৰুসহ আটক কৰে ৪ ব্যৱসায়ীক।
আৰক্ষীয়ে জব্দ কৰে ১০ টাকৈ গৰু।
17. কাছাৰ জিলাৰ লক্ষীপুৰত ভয়াৱহ ঘটনা সংঘটিত হৈছে।
ইটা ভাটাৰ চিমনি ভাগি ৫ জন লোক নিহত হয়।
শিলচৰ মেডিকেল কলেজত আন কেইবাজনো লোক মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।
18. ৰূপহীহাটত ৰে’লৰ খুন্দাত এজন অচিনাক্ত লোকৰ মৃত্যু হয়।
মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখি আহি আছিল ৰে’ল খন।
মৃত্যু হোৱা লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
19. গোলাঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
ৱেল্ডিং কৰি থকা সময়তে বিস্ফোৰণ ঘটে টেংকাৰৰ।
গেছ টেংকাৰ বিস্ফোৰণ হৈ এজনৰ মৃত্যু হয়।
এৰেঙাপাৰাত সংঘটিত হৈছে এই ঘটনাটো।
20. গহপুৰৰ ৰাজগড়ত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে।
অসম-অৰুণাচল আৰক্ষীৰ অভিযান ৪৬ কেজি গাঞ্জা জব্দ কৰে।
আটক কৰে নাবাম বিষ্ণু নামৰ লোকজনক।