প্ৰসিদ্ধ কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ জীৱনযাত্ৰাঃ
“সোণৰ খাৰু নেলাগে মোক
বিয়াৰ বাবে আই,
চেনেহ জৰি তইদিয়া মোক হাততে শুৱাই”।
দীপালী বৰঠাকুৰ জন্ম হৈছিল ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমনি বাগানত।
তেওঁৰ পিতৃৰ নাম বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃৰ নাম আইমণি বৰঠাকুৰ।
তেওঁ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।
তেখেতে সংগীত চৰ্চা আৰম্ভ কৰিছিল ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে।
১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।
শিৱসাগৰৰ শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰ নিয়োজিত হয়।
ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়।
১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’।
নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’।
ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰিছিল।
তেখেতৰ জীৱনযাত্ৰাত লাভ কৰা বঁটা আৰু সন্মান সমূহ হৈছে-
১৯৯৮ চনত ‘পদ্মশ্ৰী’ উপাধি।
২০১২ চনত আইদেউ সন্দিকৈ বঁটা।
২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা।
২০০৭ চনত ‘লিঅ’ এক্সপো শিল্পী সন্মান লাভ কৰে।
১৯৫৬ চনত ‘অসম সংগীত নাটক একাডেমী’ৰ উদ্যোগত অনুষ্ঠিত ‘সংগীত সমাৰোহ’ত শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰে।
ইয়াৰোপৰি তেওঁ প্ৰতি মাহে
৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।
তেওঁ অসমৰ সংগীত জগতখন স্বকীয় সুৰ আৰু স্বকীয় গীতৰ পোহৰেৰে জিলিকাই ৰাখিছিল।
আজিও কাণত বাজি উঠে তেখেতৰ সুমধুৰ কণ্ঠৰ গীতসমূহ।
সকলোৰে বাবেই তেওঁ মৰমৰ আৰু শ্ৰদ্ধাৰ আছিল।
তেওঁৰ প্ৰতিটো গীতৰ মাজত তেওঁৰ আত্মা, মন, প্ৰাণ লুকাই আছিল।
আৱেগৰ ঢৌ আৰু মাটিৰ পৰশেৰে জীপাল হৈছিল গীতৰ কথাত।
তেখেতৰ জনপ্ৰিয় গীত কেইটা হৈছে – জোনধনে জোনালীতে, আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে, চেনাই মই যাওঁ দেই, অ’ বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা,সোণোৱালী বুটা বছা অসমীয়া পাট, আগলি কলাপাত লৰে কি চৰে, আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া।
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল ‘লুইত নেযাবি ঐ‘ গীতটি।
এইখিনি সময়তে দীপালী বৰঠাকুৰ ‘মটৰ নিউৰণ ৰোগ’ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো ‘হুইল চকী’ৰ আশ্ৰয় ল’বলগীয়া হয়।
১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
তেওঁলোকৰ প্ৰেম কাহিনী বৰ্তমানেও সাধাৰণ জনৰ মুখে মুখে চৰ্চা ।
তেওঁলোকৰ প্ৰেম আছিল এক আদৰ্শ, এক উদাহৰণ।
২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত মৃত্যু হয়।
নিজা সুললিত কণ্ঠৰে অসমৰ সংগীত জগতক স্বকীয় মাত্ৰা প্ৰদান কৰা দিপালী বৰঠাকুৰৰ মৃত্যুবাৰ্ষিকীত Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰা একাজঁলি শ্ৰদ্ধাঞ্জলী ।
News Editor Sangita Dutta R News India 24