৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 21/2022:- 

1. আজি গুৱাহাটীৰ খাৰঘুলিত জাইকা প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে অশোক সিংহল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উপদেষ্টা (জাপান) অশোক চাওলা, ভাৰতত জাপানৰ দূতাবাস মিছনৰ মন্ত্ৰী আৰু উপ-প্ৰধান কুনিহিকো কাৱাজু, জাইকা-ভাৰত কাৰ্যালয়ৰ মুখ্য প্ৰতিনিধি মিৎছুনোৰি ছাইটো, অসম চৰকাৰৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ (মেট্ৰ’ )ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু বহু গন্য মান্য ব্যক্তি।

2. আজিৰে পৰা তৃতীয় বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ দক্ষতা পৰীক্ষা।
অসম ডাউন টাউন ইউনিভাৰচিটীত অনুষ্ঠিত হৈছে এই পৰীক্ষা।
পুৱাৰে পৰা পৰীক্ষাকেন্দ্ৰটোত ভিৰ হৈছে পৰীক্ষাৰ্থীৰ।

3. গুৱাহাটীৰ যোৰপুখুৰীস্থিত লুচ দ্যা কেফেত গ্ৰন্থ উন্মোচন অনুষ্ঠান।
‘আকৃতি-অসম টাইপ হাউছৰ অনন্য যাত্ৰা’ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ইন্দ্ৰাণী ৰাজখোৱা বেনাৰ্জীয়ে।
গ্ৰন্থখন উন্মোচন কৰে IAS, অসমৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই।
DY365ৰ পৰিচালন সঞ্চালিকা দ্বীপান্বিতা জয়ছোৱালে অংশগ্ৰহণ কৰে এই বিশেষ অনুষ্ঠানত।

4. বন্ধ হ’ব পাৰে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’।
কোভিডৰ বাবে ‘ভাৰত জোড়ো যাত্ৰা’ স্থগিত কৰাৰ পৰামৰ্শ দিছে ৰাহুল গান্ধীলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য এ।
কেৱল দুটা ভেকচিন লোৱা লোককহে যাত্ৰাত অংশ ল’বলৈ দিবলৈ আৰু মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে।
এই সাৱধানতা মানি চলা সম্ভৱ নহ’লে যাত্ৰা স্থগিত কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীৰ।

5. নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন।
নিশা শ্ৰমিকৰ মূৰৰ ওপৰত সৰি পৰিল লোৰ ৰড।
দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হয় মিংমাং চেঙেলীসূঁতিৰ সুৰেন মিচং।

6. ৰেগিঙৰ অপৰাধত যোৰহাট জে বি কলেজৰ ৪ ছাত্ৰক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে।
ছাত্ৰ একতা সভাৰ ২ জন বিষয়ববীয়াৰ পদ খাৰিজ কলেজ কৰ্তৃপক্ষৰ।
হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে জিণ্টু ছেত্ৰী, বিশাল ৰংপি, বিক্ৰমাদিত্য বৰা।
লগতে আকাশজ্যোতি শইকীয়া নামৰ আন এজন ছাত্ৰকো হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে।
অংকুৰ চাউদাং নামৰ ছাত্ৰ জনক হোষ্টেল প্ৰৱেশত আজীৱন নিষিদ্ধ ঘোষণা কৰে।

7. “২০২৩ ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা ২.০ৰ আবেদনৰ সময়সীমা” | বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

8. এতিয়াৰে পৰা প্ৰাক্তন ছাত্ৰ থাকিব নোৱাৰিব ছাত্ৰাবাসত।
ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এই নিৰ্দেশনা।
ছুপ্ৰিম কৰ্টে ইতিপূৰ্বে জাৰি কৰা নিদেৰ্শনা কাৰ্যকৰি কৰাৰ নিৰ্দেশ।
প্ৰতিখন কলেজৰ অধ্যক্ষলৈও
নিদেৰ্শনাৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে।

9. “বিজেপিয়ে সমগ্ৰ ভাৰতৰ ভিতৰতে এদিন ভোটা তৰাৰ দৰে জিলিকিব অসমৰ নাম”- মন্তব্য দিগন্ত কলিতাৰ।

10. গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ কৰা হৈছে ৫ সহস্ৰাধিক নিচাযুক্ত টেবলেট আৰু ২২ গ্ৰাম ব্ৰাউন ছুগাৰ।
আটক কৰা হৈছে ডিমাপুৰৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী যুৱতীক।
যুৱতী গৰাকীৰ নাম ৰহিলা পাৰবিন।
নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ আনিছিল সামগ্ৰীখিনি।

11. চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ।
পুৰণি পেন্সন নীতি প্ৰতিষ্ঠাৰ দাবীত ৰূপায়ণ কৰিলে ধৰ্ণা কাৰ্যসূচী।
যদিহে দাবী পূৰণ নকৰে তেন্তে পৰৱৰ্তী সময়ত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ।
চচলৰ প্ৰতিবাদথলীত দিলে এই হুংকাৰ।

12. মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা।
দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হোৱাত ১৫ গৰাকী ছাত্ৰীৰ মৃত্যু হয়।
শিক্ষামূলক ভ্ৰমণলৈ গৈছিল শিক্ষাৰ্থীৰ দলটো।
মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত দুৰ্ঘটনাত পতিত হয় ছাত্ৰী কঢ়িয়াই নিয়া বাছখন।

13. তিনিচুকীয়াত সেনা-উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী।
সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত হয় এজন সাধাৰণ লোকৰ।
ডিগবৈ-পেঙেৰী পথৰ ঢেকীয়াজানত সংঘটিত ঘটনাৰ পাছতেই সেনাই অঞ্চলজুৰি তীব্ৰতৰ কৰিছে অভিযান।
পথটোৰে বন্ধ কৰি দিয়া হৈছে যাতায়াত।

14. পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ।
বিস্ফোৰণত প্ৰাণ হেৰুৱালে ১২ জন লোকে।
অগ্নিদগ্ধসকলৰ কেইবাজনৰো সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে।

15. কাছাৰত ইনকাম চাৰ্টিফিকেট জাল কৰাৰ অভিযোগত এজনক গ্রেপ্তাৰ কৰা হৈছে।
ধৃত যুৱকজনৰ নাম মোবাৰক হুছেইন লস্কৰ।
EWSৰ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিছিল মোবাৰকে।

16. ধেমাজিত উৎকোচৰ অভিযোগত নিলম্বিত দুই লাট মণ্ডল।
লাট মণ্ডল জিতু শইকীয়া আৰু মনোৱাৰ হুছেইনক নিলম্বন কৰা হৈছে।
বসুন্ধৰা ২.০ আঁচনিৰ নামত উৎকোচ বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় লাট মণ্ডল দুজন।

17. দেশৰ ভিতৰতে দ্ৰুত বিকশিত বৃহৎ ৰাজ্য হিচাপে প্ৰথম স্থান লাভ কৰিছে অসমে।
মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে বুলি মন্তব্য মন্ত্ৰী-বিধায়কৰ।
ইণ্ডিয়া টুডেৰ সমীক্ষাত উৎফুল্লিত হৈ পৰিছে মন্ত্ৰী-বিধায়কসকল।

18. চীনত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।
২৪ ঘণ্টাত চীনত আক্ৰান্ত হৈছে ৩ হাজাৰ ১০১ গৰাকী।
চীনত নিৰূপণ কৰা হৈছে নতুন নিয়ম।
কেৱল শ্বাস-প্ৰশ্বাসজনিত কাৰণত মৃত্যু হ’লেহে ধৰা হ’ব ক’ভিড মৃত্যুৰ পৰিসংখ্যা।

19. ৰহাত ৩ জানুৱাৰীত অনুষ্ঠিত হ’ব জোঙালবলহু দিৱস।
জোঙালবলহু দিৱসক লৈ ব্যাপক প্ৰস্তুতি উদযাপন সমিতিৰ।
মুকলি সভাত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

20. “সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পাছতো আজমলক গ্ৰেপ্তাৰ কৰিবলৈ বুকুত দম নাই মুখ্যমন্ত্ৰীৰ”- মন্তব্য লুৰিনজ্যোতি গগৈৰ।

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *