৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 22/2022:-

1. আজি অসম বিধানসভাৰ আৱাসিক চৌহদত মাল্টি ইউটিলিটি ভৱনৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিন, মন্ত্ৰী পীযুষ হাজৰীকা আৰু বহু গণ্যমান্য ব্যক্তি।

2. ধেমাজিৰ লোক কৃষ্টিৰ সাধক ‘একলব্য গামলৈ’ “প্ৰতিমা পাণ্ডে বৰুৱা বঁটা”।
সদৌ অসম ছাত্ৰ সন্থাই ২৭ ডিচেম্বৰত প্ৰদান কৰিব এই বিশেষ বঁটাটি।
সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ এই বৰ্ষৰ ‘সাহিত্য অকাডেমী বঁটা’।
‘ভুল সত্য’ নামৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা হৈছে ‘সাহিত্য অকাডেমী বঁটাটি’।
তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, লেখিকা ড° জুৰি দত্তলৈ ‘সাহিত্য অকাদেমিৰ অনুবাদ বঁটা’।
‘কচাৰেথিঃ আৰায়া নাৰী’ গ্ৰন্থৰ বাবে এই বিশেষ বঁটা প্ৰদান কৰা হব।

3. শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ।
৩১ ডিচেম্বৰৰ ভিতৰত ওলাব ৩,৮৩০টা নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপন।
লগতে প্ৰকাশ পাব ৫৮৯টা ঠিকাভিত্তিক শিক্ষক পদৰ বিজ্ঞাপনো।
সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিলে এই তথ্য।

4. দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া ছহিদ কনকলতা বৰুৱাৰ আজি ৯৯ সংখ্যক জন্মদিৱস।
জন্মদিন উপলক্ষ্যে গহপুৰ বৰঙাবাৰীস্থিত ছহিদ কনকলতা কুটিৰত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী।

5. “কৰ’নাৰ নতুন ভেৰিয়েণ্টক লৈ আমি সতৰ্ক হ’বই লাগিব”-মহামাৰী কৰ’নাৰ নতুন ভেৰিয়েণ্টক লৈ জয়ন্ত মল্লবৰুৱাৰ প্ৰতিক্ৰিয়া।
“কংগ্ৰেছে ভাৰত জোড়ো ক’ত কেনেকৈ মেনেজ কৰি কৰিছে সেয়া আমি ভালকৈ জানো, আমি লাহে লাহে মুখ খুলিম”- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ জয়ন্ত মল্লবৰুৱাৰ মন্তব্য।

6. ‘অসম ইমানেই ধুনীয়া ঠাই যে মই ইয়ালৈ বাৰে বাৰে আহিব বিচাৰো’- মন্তব্য বলিউডৰ অভিনেত্ৰী তিছকা চোপ্ৰাৰ।
প্ৰাইড ইষ্ট এন্টাৰটেইনমেনটে আয়োজন কৰা নাট প্ৰতিযোগিতাত চূড়ান্ত অতিথি হিচাপে অংশ ল’ব অভিনেত্ৰীগৰাকীয়ে।

7. “BJP চৰকাৰে তেওঁলোকৰ আটাইতকে ডাঙৰ প্ৰতিশ্ৰুতি এতিয়ালৈ পূৰ কৰিব পৰা নাই”- মন্তব্য অখিল গগৈৰ।

8. সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বায়ুসেনাৰ বাহন।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে তীব্ৰ যান-জঁট।
যোৰাবাট সমীপৱৰ্তী পাটৰকুঁছিত সংঘটিত হৈছে এই দুৰ্ঘটনা।
বাহনখনত বিস্ফোৰক থকাৰ সন্দেহ কৰা হৈছে।

9. যোৰহাটৰ মাৰোৱাৰীপট্টিত নিশ এক ভয়ংকৰ অগ্নিকাণ্ড।
ঘটনাৰ ফলত ১০খনকৈ দোকান আৰু আবাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কেইবা কোটি টকাৰ সম্পত্তি জুইত জাহ গ’ল।
৩০খনৰো অধিক অগ্নিনিৰ্বাপকৰ গাড়ীৰে নিয়ন্ত্ৰণলৈ আনে জুই।
শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে।

10. মেৰাপানীত আবকাৰী বিভাগৰ অভিযান।
কেইবা হাজাৰ লিটাৰ চুলাই মদ আৰু বিলাতী সুৰা জব্দ কৰে।
লগতে আটক কৰে কেইবাজন লোককো।

11. মৰিগাঁৱৰ ধৰমতুলত উদ্ধাৰ কৰে চোৰাং গৰু।
শ্বিলঙলৈ সৰবৰাহৰ সময়তে উদ্ধাৰ কৰে ৭টাকৈ চোৰাং গৰু।
আৰক্ষীয়ে জব্দ কৰে দুখন বলেৰ’ পিকআপ বাহন।
লগতে আটক কৰা হৈছে দুই গৰু সৰবৰাহকাৰীক।

12. মিজোৰামত পুনৰ উদ্ধাৰ কৰা হৈছে বন্যজন্তু।
মামিতৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা বগা কেটেলা পহু।
এণ্টনি ললিয়ানা নামৰ লোকজনৰ পৰা উদ্ধাৰ কৰে এই বন্যজন্তুটো।

13. গোৱালপাৰাৰ লক্ষীপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান।
ভূ-মাফিয়া মাজম আলীয়ে দখল কৰা চৰকাৰী ভূমিত উচ্ছেদ।
উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ৩খনকৈ এক্সকেভেটৰেৰে উচ্ছেদ চলাই।
বনাঞ্চলৰ প্ৰায় ৩ বিঘা মাটি বেদখল কৰিছিল মাজম আলীয়ে।
বেদখলকৃত ১২ বিঘা বন বিভাগৰ ভূমিতো প্ৰশাসনে চলাব উচ্ছেদ।

14. বটদ্ৰৱাৰ উচ্ছেদক লৈ শাসক-বিৰোধীৰ মতানৈক্য অব্যাহত।
মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিধায়ক ৰকিবুল হুছেইনে।
“মুখ্যমন্ত্ৰী অসহিষ্ণু হৈ পৰিছে বুলি” তীৰ্যক মন্তব্য কৰে ৰকিবুল হুছেইনে।

15. গুৱাহাটীৰ ‘ওম সাই প্ৰডাকচন’ৰ পদক্ষেপ।
ব্ৰজাৱলী ভাষাত মঞ্চস্থ কৰিব ‘দ্ৰৌপদীৰ বস্ত্ৰ হৰণ’ ভাওনা।
নতুন বৰ্ষৰ ৭ জানুৱাৰীত পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত মঞ্চস্থ হ’ব ভাওনাখন।

16. খানাপাৰাৰ কাৰষ্টাণ্ট কৰা ৰোহন আগৰৱালাক আটক কৰে আৰক্ষীয়ে।
দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে ষ্টাণ্ট কৰা গাড়ীখন।
কাৰ ষ্টাণ্ট কৰি যুৱতীক চুলিত ধৰি চোঁচৰাই নিছিল যুৱকজনে।
যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত আটক কৰা হৈছে কাৰষ্টাণ্ট কৰা ৰোহন আগৰৱালাক।

17. শিলচৰত ৰাজপথতে জ্বলি উঠিল এখন চলন্ত বাহন।
GC কলেজৰ সন্মুখত জ্বলি ভস্মিভূত হ’ল চাৰিচকীয়া বাহন।
স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্রাণ ৰক্ষা একেটা পৰিয়ালৰ তিনিজন লোকৰ।
অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

18. ঢেকীয়াজুলিৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত হস্তনিৰ্মিত বোমা উদ্ধাৰ কৰে।
চিৰাজুলী দলঙৰ তলত উদ্ধাৰ কৰে হস্তনিৰ্মিত ৬টাকৈ বোমা।
ঢেকীয়াজুলি আৰক্ষী আৰু সেনাৰ অভিযানত উদ্ধাৰ কৰা হয় বোমাকেইটা।
কোনো নিষিদ্ধ সংগঠনে কূটাঘাতৰ আশংকাত থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

19. মানাহ ৰাষ্ট্ৰীয় উদ্যানত শৰপহুৰ আক্ৰমণত এজন ব্যক্তি আহত হয়।
আহত লোকজনৰ নাম বস্ক খাড়ীয়া।
বৰ্তমান তেওঁৰ বয়স ৪৮ বছৰ।

20. “আমচোৰ আৰু গাড়ীচোৰৰ মাজত পাৰ্থক্য নাই”- মন্তব্য বিধায়ক অতুল বৰাৰ

 

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *