৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 26/2022:-

Mising Autonomous Council
Mising Autonomous Council.

1. দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ চিকিৎসাধীন।
AIIMS ত ভৰ্তি হৈ আছে।
বৰ্তমান বিশেষ কেবিনত চিকিৎসা চলি আছে ৬৩ বছৰীয়া মন্ত্ৰী গৰাকীৰ।

2. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ছিপাঝাৰ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তীৰ লাইখুটা স্থাপন।
২১ ,২২ আৰু ২৩ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সোণালী জয়ন্তী অনুষ্ঠান।

3. তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আটছাৰ মহাৰজত জয়ন্তী।
গৌৰৱোজ্জ্বল ৭৫টা বছৰ গৰকিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।
গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ভিন্ন কাৰ্যসূচীৰ আয়োজন।
প্ৰথম দিনা কাৰ্যসূচীত ‘ড্ৰাগছমুক্ত অসম গঢ়ক’ ৰ্শীষক মটৰ চাইকেল ৰেলী।
ৰেলী উদ্বোধন কৰে গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাই।

4. তিনিচুকীয়াৰ পানীতোলাত শোকাৱহ ঘটনা।
বিধ্বংসী অগ্নিকাণ্ডত মাতৃসহ ডেৰ বছৰীয়া পুত্ৰ মৃত্যু হয়।
জুইত ভস্মীভূত হ’ল মাতৃ-শিশু।
শুই থকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ড।

5. বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক আটক কৰে আৰক্ষীয়ে।
উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়ক শ্বেৰমান আলীয়ে।
৪০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে ৪৫ টাকৈ পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে।

6. পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হোৱা Mr India 2022ত Men’s athletic শাখাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে দেৰগাঁৱৰ ধ্ৰুৱ তামুলীয়ে।
এই শাখাত চেম্পিয়নৰ খিতাপ লাভ কৰা ৰাজ্যৰ
প্ৰথমজন বডি বিল্ডাৰ ধ্ৰুৱ।
বৰ্তমান অসম আৰক্ষীত কৰ্মৰত হৈ আছে ধ্ৰুৱ তামুলী।

7. ছিপাঝাৰৰ পশ্চিম দৰং একাডেমীৰ ন-পুৰণি সতীৰ্থ সন্মিলন।
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ND24 ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই।
দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে পশ্চিম দৰং একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সতীৰ্থ সন্মিলন।

8. বৰপেটাত জলপানি কেলেংকাৰিত পুনৰ এজন অধ্যক্ষক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰে জনপ্ৰিয় মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছিৰাজুল হকক।
মহাবিদ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে অধ্যক্ষ ছিৰাজুল হকক।
মহাবিদ্যালয়ৰ OTP ব্যৱহাৰ কৰি লুণ্ঠন চলাইছিল জলপানিৰ ধনৰ।
ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই সৰকাইছিল জলপানিৰ কেইবা কোটি টকা।
ঈশান উদয় স্ক’লাৰশ্বিপৰ নামত সংঘটিত হৈছিল ভয়ংকৰ অনিয়ম।

9. এবছৰৰ বাবে নিলম্বন অসমৰ বাস্কেটবলৰ পুৰুষৰ দলক।
খেলুৱৈৰ লগতে প্ৰশিক্ষক আৰু মেনেজাৰকো নিলম্বন কৰিছে অসম অলিম্পিক সন্থাই।
এবছৰত কোনো খেলত অংশগ্ৰহন কৰিব নোৱাৰিব এই দলটোৱে।
উত্তৰ-পূৱ অলিম্পিকৰ ফাইনেলত খেলুৱৈ সকলে অসভ্য আচৰন কৰিছিল।

10. যোৰহাটৰ চটাইৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত নাহৰফুটুকীৰ সন্ত্ৰাস।
বনকৰ্মীসহ কেইবাজনো লোক আহত হয়।
আহতকেইজনক JMCH ত ভৰ্তি কৰোৱা হৈছে।

11. নতুন দিল্লীত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আজি তৃতীয়টো দিন।
জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছে নৰ্থ-ইষ্ট ফেষ্টিভেল।
ৰাতি সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে জুবিন গাৰ্গে।

12. মণিপুৰৰ ম্যানমাৰ সীমান্তত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰে।
জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ মূল্য প্ৰায় ৪.৩০ কোটি টকা।
সীমান্তৰ মৰে জিলাৰ টিমনাওত অভিযান চলাই অসম ৰাইলচে।

13. ডিব্রুগড় আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰে বৃহৎ সংখ্যক মাৰণাস্ত্র।
উদ্ধাৰ কৰে দুটা চীনা গ্রেনেড, দুটা এ কো চিৰিজৰ ৰাইফলৰ মেগজিন।
১২ জাঁই সক্রিয় গুলী, দুটা বোমাত ব্যৱহৃত সামগ্রী, পিষ্টলৰ চাইলেন্সাৰো উদ্ধাৰ কৰে আৰক্ষীয়ে।
এখন চাহ বাগিচাৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এই অস্ত্ৰ-শস্ত্ৰ সমূহ।

14. ধুবুৰী সাহিত্য সভাৰ শতবৰ্ষ উদযাপন।
১০০ খন পতাকা উত্তোলনেৰে আৰম্ভ শতবৰ্ষ অনুষ্ঠানৰ।
অনুষ্ঠানত অংশগ্রহণ কৰে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল।

15. সোণাৰীৰ ভয়ংকৰ ঘটনা।
বন্যহস্তীৰ আক্ৰমণত নিহত হয় দুজন ব্যক্তি।
বনবিভাগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
ৰাইজৰ ৰোষত পৰিল ঘটনাস্থলীত উপস্থিত হোৱা বনকৰ্মীৰ।
মঞ্জুৰি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।

16. পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে এখন বাইকে।
নিহত হয় দুই বাইক আৰোহী।

17. বিশিষ্ট কবি-সমাজকৰ্মী পাৰি ৰংপিৰ দেহাৱসান।
অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল পাৰি ৰংপি।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱতি লয় ব্যক্তি গৰাকীয়ে।
কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্বত আছিল ৰংপি।

18. তিনিচুকীয়াৰ মাকুমত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
মাকুমৰ চট’হাপজানৰ ৰিলায়েন্স JIO মাৰ্টত ডকাইতি।
প্ৰতিষ্ঠানটোৰ পৰা লুটিলে ১০ লক্ষাধিক টকা।
প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰী ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা হৈছে।
আৰক্ষীয়ে ৪ জন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰে।

19. “মই এতিয়ালৈকে প্ৰায় ৩৫ হাজাৰ গান ৰেকৰ্ড কৰিছোঁ।
অহা বছৰ গিনিজ বুক অৱ ৰেকৰ্ডলৈ মোৰ নাম যাব।
সকলোকৈ বেছি গান ৰেকৰ্ড কৰা ব্যক্তি হিচাপে”- মন্তব্য জুবিন গাৰ্গৰ।

20. জ’ বাইডেনৰ দেশত বৰদিন পালন কৰা নহ’ল।
প্ৰখৰ তুষাৰ ধুমুহাৰ কবলত সমগ্ৰ উত্তৰ আমেৰিকা।
নিউয়ৰ্ক চহৰতে ১৮ নাগৰিকৰ মৃত্যু হৈছে।
এই পৰ্যন্ত BOMB তুষাৰ ধুমুহাৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হৈছেগৈ।

Mising Autonomous Council
Mising Autonomous Council .

Leave a Reply

Your email address will not be published. Required fields are marked *