৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
Mising Autonomous Council.
Rnewsindia24.com December 28/2022:-
1. আজি ভাৰতীয় জাতীয় কংগ্রেছৰ ১৩৮ সংখ্যক প্রতিষ্ঠা দিৱস।
প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
পতাকা উত্তোলনস্থলিত কংগ্ৰেছ নেতা , প্ৰাক্তন মন্ত্ৰী , বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধক্ষ্য, শৰৎ বৰকটকী উপস্থিত থাকে।
2. দিল্লী বিমান বন্দৰত ১৩ গৰাকী যাত্ৰীৰ দেহত কৰণা ভাইৰাছ থকাৰ সন্দেহ কৰা হৈছে।
কৰণা টেষ্ট কৰাৰ পাছত যাত্ৰীকেইগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
‘জানুৱাৰীৰ প্ৰথম সপ্তাহত নতুন SOPৰ বিষয়ে সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে।
এইপৰ্যন্ত চিন্তাৰ কোনো প্ৰয়োজন নাই।’
দেশৰ ক’ভিড পৰিস্থিতিক লৈ মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰৰ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।
3. কাইলৈৰ পৰা অসম গ্লন্থমেলা।
গ্রন্থৰ সুৱাসেৰে সুবাসিত হ’ব চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰ।
১২দিনীয়া কার্যসূচীৰে আৰম্ভ হ’ব অসম গ্রন্থমেলা।
এইবাৰৰ গ্রন্থমেলাত অংশ ল’ব দেশ-বিদেশৰ ১৫০ৰো অধিক প্রকাশন গোষ্ঠীয়ে।
বাৰেৰহণীয়া অনুষ্ঠানেৰে আয়োজন কৰা গ্রন্থমেলাৰ পূর্বে আজি ঘোষণা কৰা হয় অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটা।
সাহিত্যিক, শিক্ষাবিদ ড° প্ৰণৱজ্যোতি ডেকালৈ অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটা ২০২২ ।
তেখেতৰ ‘শ্ৰেষ্ঠ গল্প’ গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
এই বঁটাটিত থাকিব লেখকৰ বাবে ৫ লাখ টকা আৰু প্ৰকাশনৰ বাবে ৩ লাখ টকা।
4. অসম কলেজ শিক্ষক সন্থাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশন।
উঃ লখিমপুৰ মহাবিদ্যালয়ত এই অধিৱেশন।
আজি ৬৭ খন পতাকা উত্তোলন কৰা হয়।
মূল পতাকা উত্তোলন কৰে অসম কলেজ শিক্ষক সন্থাৰ সভাপতি ড° হিমাংশু মৰলে।
5. পিকনিককলৈ SOP।
বনভোজস্থলীত এইকেইটা কাম কৰিব নোৱাৰিব-
সুৰা সেৱন কৰিব পোৱাৰিব,
মদৰ বেচা-কিনা কৰিব নোৱাৰিব,
লাউডস্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব,
DJ বা উচ্চ প্ৰাৱল্যৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব,
প্লাষ্টিক বা পচি নোযোৱা সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব,
বনভোজস্থলি বা নৈৰ পাৰত কোনো বস্তু দলিয়াব নোৱাৰিব।
মহানগৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে জাৰি কৰিলে এই নিৰ্দেশনা।
6. গোলাঘাটত আটছাৰ মহাৰজত জয়ন্তী উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা।
মাদলৰ মাতত মুখৰিত হৈছে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণ, অতুল বৰা আৰু বিভিন্ন জাতি-জনগোষ্ঠীয়ে।
7. জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী।
ভয়ংকৰ সংঘৰ্ষৰ ফলত ৩টাকৈ সন্ত্ৰাসবাদী নিহত হয়।
এখন ট্ৰাকৰ গতিবিধিত সন্দেহ হোৱাত সেনাই তালাচী চলাই।
ট্ৰাকখনত মাৰাণস্ত্ৰসহ লুকাই আছিল কেইবাটাও সন্ত্ৰাসবাদী।
8. ৩১ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত হ’ব পাৰে শিলাবৃষ্টি।
ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিব আকাশ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই তথ্য।
9. ৰঞ্জি ট্ৰফীত অসম সন্তান ৰিয়ান পৰাগৰ সাফল্য।
হাইদৰাবাদৰ বিৰুদ্ধে ২৮ টা বলত ৮টা বাউণ্ডেৰী আৰু ৬টা ছিক্সাৰেৰে ৰিয়ানে সংগ্ৰহ কৰিলে ৭৮ ৰান।
মাত্ৰ ১৯টা বলতে অৰ্ধশতক অৰ্জন কৰিলে অসম সন্তান ৰিয়ান পৰাগে।
10. দুৰ্ঘটনাত পতিত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিয়ালৰ বাহন।
কৰ্ণাটকৰ মাইচুৰুৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন।দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় প্ৰধানমন্ত্ৰীগৰাকীৰ ভাতৃ প্ৰহ্লাদ মোদীৰ লগতে পৰিয়ালৰ আন লোকসকল।
উল্লেখ্য যে প্ৰহ্লাদ মোদীয়ে তেওঁৰ পুত্ৰ, বোৱাৰী আৰু নাতিৰ সৈতে বান্দিপুৰালৈ বাহনেৰে গৈ থকা অৱস্থাত ডিভাইডাৰত খুন্দা মাৰে।
আহত হোৱা আটাইকেইজনক ভৰ্তি কৰোৱা হয় নিকটৱৰ্তী হাস্পতালত।
11. ডিগবৈ মিছনপাৰাত অঘটন।
ঘৰৰ ওপৰৰ পৰা পৰি এজন শ্রমিকৰ মৃত্যু হয়।
গোপী দেৱনাথ নামৰ এজন লোকৰ ঘৰত সংঘটিত এই ঘটনা।
দেৱনাথৰ বাসগৃহৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু হয় শ্রমিকজনৰ।
নিহত শ্ৰমিকজন বগাপানী চাহ বাগিচাৰ ইউচুফ হবহ বুলি জানিব পৰা গৈছে।
12. সোণাৰিত প্রচণ্ড শীতত মৃত্যু হ’ল এগৰাকী মহিলা।
সোণাৰি দলঙৰ সমীপত দীৰ্ঘদিন বাস কৰিছিল মহিলাগৰাকীয়ে।
এতিয়াও চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়।
13. কৰিমগঞ্জৰ বাংলাদেশ সীমান্তত গুলীচালনা।
গৰুৰ চোৰাং ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
সীমান্তৰ বালিয়াবস্তিত সংঘটিত হৈছে এই ঘটনাত।
আৰক্ষীৰ গুলীচালনাৰ মাজতে পলাল গৰুৰ চোৰাং ব্যৱসায়ী।
নিলাম বজাৰৰ বালিয়া সীমান্তত উদ্ধাৰ কৰে দুটাকৈ চুৰি গৰু।
ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে চেণ্ডেল, চোকা অস্ত্ৰ।
14. চলিত মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে।
৯ ডিচেম্বৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত।
‘বিশ্বৰ ১০০ খন দুখীয়া দেশৰ শীৰ্ষত ভাৰত।
১২০০ টকা অৰুণোদয় দিয়াৰ নামত প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে।’
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূপেন বৰা।
15. ঢকুৱাখনাৰ সোণাৰি চাপৰিত জব্দ কৰে ১৭ টাকৈ গৰু।
আৰক্ষীয়ে আটক কৰে চাৰিজনকৈ সৰবৰাহকাৰীক।
16. বিশ্বনাথ জিলাৰ ১ নং আদাভেটিৰ পৰা উদ্ধাৰ কৰে এটা ৩০৩ ৰাইফল।
বিশ্বনাথ আৰক্ষীৰ অভিযানত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে ৰাইফলটো।
১৬ ডিচেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰাং চিকাৰী আটাউৰ ৰহমান নামৰ ব্যক্তিজনক।
ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিতেই অভিযানকাৰী দলে উদ্ধাৰ কৰে ৰাইফলটো।
17. দেৰগাঁৱত উদ্ধাৰ কৰা হৈছে অচিনাক্ত ব্যক্তিৰ মৃতদেহ।
অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি দেৰগাঁৱত তীব্ৰ চাঞ্চল্য।
হাবিগাঁৱৰ ইটা ভাটাৰ সমীপৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো।
এই পৰ্যন্ত মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
18. মেৰাপানী সীমান্তত পুনৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে।
মেৰাপানী গমাৰিত আৰক্ষীৰ অভিযানত জব্দ কৰে কয়লা ভৰ্তি ট্ৰাকখন।
জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS03AC6155.
19. লামডিং ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান।
অভিযানত গাঞ্জাসহ আটক কৰে ৩জন।
১৩১৭৪ নং আগৰতলা শিয়ালদা কাঞ্চনজংঘা এক্সপ্রেছত চলাইছিল এই অভিযান।
আটক কৰে নাবাল কিশোৰ ৰয়, কুলেশ্বৰ ৰয়, ৰাজদীপ মাহাতক।
জেকেটৰ ভিতৰত শৰীৰত বেণ্ডেজ কৰি লৈ আনিছিল গাঞ্জাখিনি।
20. গুৱাহাটীৰ হাতীগাওঁত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ।
পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইন আক্ৰমণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
আক্ৰমণকাৰীক ধুবুৰী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উথাপন হয়।
Mising Autonomous Council .
Post navigation
Go Top