৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com December 30/2022:-
1. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান।
আহমেদাবাদত শেষ নিশ্বাস ত্যাগ হীৰাবেন মোদীয়ে।
১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ হীৰাবেন মোদীয়ে।
পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বন্দে ভাৰত এক্সপেছ।
মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছতেই শুভ উদ্বোধনী কাৰ্যসূচীত অংশ ল’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
2. ফুটবলৰ যাদুকৰ পেলেৰ দেহাৱসান।
ফুটবলাৰগৰাকীৰ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পেলে।
পেলেই ব্ৰাজিলৰ হৈ ১৯৫৮ত খেলিছিল প্ৰথম বিশ্বকাপ।
দেশৰ হৈ ৪ বাৰকৈ বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছিল পেলেই।
3. ক্ৰিকেটাৰ ঋষভ পণ্টৰ বাহন
ৰুৰকীত দুৰ্ঘটনাগ্ৰস্ত হয়।
বাহনখনে ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে ঋষভ পণ্ট উঠি অহা বাহনখন।
দিল্লীৰ পৰা উত্তৰাখণ্ড অভিমুখী আছিল ঋষভ পণ্ট।
ভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাত পাইছে ক্ৰিকেটাৰগৰাকীয়ে।
উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ ক্ৰিকেটাৰ ঋষভ পণ্টক।
প্লাষ্টিক ছাৰ্জাৰী কৰা হ’ব ক্ৰিকেটাৰগৰাকীক।
4. অগপৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা।
উক্ত সভাত সমষ্টি পুনৰ নিৰ্ধাৰণ, পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচনক লৈ আলোচনা।
সভাত উপস্থিত থাকে সভাপতি অতুল বৰা আৰু দলীয় নেতা সকল।
5. শিশু শিল্পী চিমু চৌধুৰীৰ নতুন গীত মুকলি।
‘আই লাভ ইউ’ শীৰ্ষক গীতটো মুকলি কৰে অভিনেতা নয়ন নীলিমে।
চাংসাৰি বিজি খেলপথাৰত মুক্তি দিয়া হয় ভিডিঅ’ গীতটি।
গীতটোত অভিনয় কৰিছে চিমু চৌধুৰীৰ লগতে কণ কণ শিল্পীয়ে।
6. “লোকসভা নিৰ্বাচনলৈ বিজেপিৰ লগত মিত্ৰতা অটুত থাকিব।
সমষ্টি ভিত্তিক এতিয়ালৈ আলোচনা হোৱা নাই”- মন্তব্য মন্ত্ৰী অতুল বৰাৰ।
7. তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাৱৰ্তন সমাৰোহ ।
ৰাজ্যপাল জগদীশ মুখীৰ পৌৰহিত্যত School of Engineering ৰ গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে এই সমাৰোহ
বিশ্ববিদ্যালয় খনৰ ৭০গৰাকী ছাত্ৰ ছাত্ৰীক পি এইছ ডি আৰু ৮৭৩গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।
8. গুৱাহাটীত অভিনেতা নিপন গোস্বামীৰ জীৱনভিত্তিক উপন্যাস উন্মোচন।
জোতি চিত্ৰবনৰ সভাগৃহত উন্মোচন কৰে ‘এটুকুৰা আকাশ’ নামৰ উপন্যাসখন।
অভিনেতাজনৰ জীৱনক লৈ ৰুণা লাইলাই ৰচনা কৰি উলিয়াইছে গ্ৰন্থখন।
গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে।
9. ২৮ ডিচেম্বৰৰ পৰা শ্বিলঙত অনুষ্ঠিত হোৱা Indian Audit & Account Departmentৰ নৰ্থ ইষ্ট জন টেবুল টেনিছত উজলিল অসম দল।
প্ৰতিযোগিতাখনত অসম দলে টীম ইভেন্টত নাগালেণ্ডক ৩-০ ব্যৱধানত পৰাজয় কৰি চেম্পিয়ন দলৰ খিতাপ দখল কৰে।
চেম্পিয়ন হোৱা অসম দলটোত আছে মানস প্ৰতীম দাস, ছাইদুল আলম আহমেদ, চিংকু ৰাজখোৱা আৰু মানস ঘোষ।
৪০ বছৰ উৰ্ধৰ ইভেন্টত অসমৰ মানস প্ৰতিম দাসে চেম্পিয়নৰ খিতাপ দখল কৰে।
আনহাতে মহিলাৰ ইভেন্টত অমন্দা লাইকৰে ফাইনেলত প্ৰৱেশ কৰে।
10. নৱবৰ্ষৰ আৰম্ভণিতে গুৱাহাটীত হ’ব ‘ব্ৰহ্মপুত্ৰ কাৰ্নিভেল’ মহোৎসৱ৷
মহোৎসৱস্থলী পৰিদৰ্শন কৰে পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷
উমানন্দ মন্দিৰৰ সমীপতে হব এই মহোৎসৱ।
11. নগাঁৱত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰে তিনিটাকৈ দুৰ্ধৰ্ষ ডকাইক।
ইটাচালিৰ খাটোৱাল আৰু ছোট ৰূপহীৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক।
ডকাইতকেইটা ক্ৰমে ওমৰ ফাৰুক, কিতাপ আলী আৰু ইজাজ ওৰফে ইজু।
12. হোজাইত গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰা হৈছে।
১০কেজি গাঞ্জাসহ ৰে’ল ষ্টেচনৰ সমীপৰ পৰা আটক দুই সৰবৰাহকাৰীক।
ট্ৰেইনযোগে ডিমাপুৰৰ পৰা সৰবৰাহ কৰিছিল গাঞ্জাখিনি।
13. মিজোৰামত ৬.৬৬ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে।
জব্দ ২০,০০০ টা নিচাজাতীয় টেবলেট।
টুইখুৰহলুত দুখন বাহনৰ পৰা জব্দ টেবলেটখিনি।
আৰক্ষীয়ে আটক কৰিছে ৪ সৰবৰাহকাৰীক।
14. দক্ষিণ কামৰূপৰ সোণতলিত ভয়ংকৰ অগ্নিকাণ্ড।
ডেকাচাং বজাৰত সংঘটিত এই অগ্নিকাণ্ড।
জুইত জাহ যায় প্রায় ১৫খন দোকান।
15. কোকৰাঝাৰৰ ভোটগাঁৱৰ মোকৰাপাৰা টুনুপাৰাত উত্তপ্ত পৰিস্থিতি।
ভূমি বিবাদক কেন্দ্র কৰি দুই পক্ষৰ মাজত সংঘৰ্ষ হয়।
সংঘৰ্ষত গুৰুতৰভাৱে আহত এজনৰ GMCHত মৃত্যু হয়।
নিহত লোকজনৰ নাম সজিৎ শ্বেখ।
16. মহানগৰীৰ ISBTত 7.56mm পিষ্টল উদ্ধাৰ কৰা হৈছে।
ৰাজু দেৱ আৰু আব্দুৰ ৰহমান নামৰ ব্যক্তিদুজনৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো।
শিলচৰৰ পৰা গুৱাহাটীলৈ পিষ্টলটো লৈ আহিছিল লোক দুজনে।
বৰ্তমান দুয়োকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
17. মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা।
প্ৰায় ডেৰশ ফুট দ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহনখন।
এগৰাকী মহিলাসহ নিহত ৫ গৰাকী যাত্ৰী।
জখাউথাৰ-আইজল সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত আহত হয় ৩জনক আইজলৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
পুৱা প্ৰায় ৪ বজাত সংঘটিত এই দুৰ্ঘটনা।
18. ৰঞ্জি ট্ৰফিৰ ৰোমাঞ্চকৰ মেচত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ জয়।
ৰঞ্জি ট্ৰফীৰ মেচখনত ১৮ ৰানত পৰাস্ত হয় হায়দৰাবাদ।
ৰিয়ান পৰাগক মেন অব দ্য মেচৰ সন্মান।
ৰিয়ান পৰাগে দুয়োটা ইনিংছতে দখল কৰে ৪টাকৈ উইকেট।
বেটেৰেও ২৮টা বলত বিস্ফোৰকভাৱে সংগ্ৰহ কৰে ৭৮ ৰান।
মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ৩ জানুৱাৰীৰ পৰা আছে অসমৰ পৰৱৰ্তী মেচ।
৩খন মেচৰ অন্তত অসমৰ এই পৰ্যন্ত সংগ্ৰহ ১১ পইণ্ট।
19. দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ সংঘৰ্ষ৷
আধাঘণ্টা ধৰি বনাঞ্চলৰ ভিতৰত বনকৰ্মী-চোৰাং চিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী৷
৭জনীয়া বনকৰ্মীৰ দললৈ গুলী চলাইছিল চোৰাং চিকাৰীয়ে৷
প্ৰত্যুত্তৰত বনকৰ্মীৰো চোৰাং চিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা৷
গুলীয়াগুলীৰ মাজতে সুযোগ লৈ পলায়ন কৰে চোৰাং চিকাৰীয়ে।
অৰুণাচলৰ পৰা চোৰাং চিকাৰীৰ দলটো বনাঞ্চলত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
20. গুৱাহাটী শোধনাগাৰ সন্মুখত শ্ৰমিক সংগঠন ইউনাইটেড ৱাৰ্কমেন প্ৰতিবাদ।
প্ৰায় শতাধিক ঠিকা ভিত্তিক শ্ৰমিক কৰ্মচাৰীৰ ৯ ঘন্তীয়া ধৰ্ণা আৰু অনশন ধৰ্মঘট কাৰ্যসূচী।
হাতে হাতে প্লে কাৰ্ড আৰু বেনাৰ লৈ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।