‘বকুল বনৰ কবি’ আনন্দ চন্দ্ৰ বৰুৱা দেৱৰ জীৱনযাত্ৰা ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

আজি বছৰৰ অন্তিম দিন অৰ্থাৎ ৩১ ডিচেম্বৰ।

১৯০৭ চনৰ মৰাণৰ খুমটাই চাহ বাগিছাত আজিৰ দিনটোতে জন্মগ্ৰহন কৰিছিল “বকুল বনৰ কবি” ৰূপে খ্যাত আনন্দ চন্দ্ৰ বৰুৱা জন্ম হৈছিল।

তেওঁৰ পিতৃৰ নাম আছিল প্ৰেমধৰ বৰুৱা আৰু মাতৃৰ নাম আছিল ইন্দ্ৰানী দেৱী।
ঢেকীয়াখোৱাত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেখেত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়লৈ পঢ়িবলৈ গৈছিল।
বিদ্যালয়ৰ হাতেলিখা আলোচনীৰ পাততে তেখেতৰ সাহিত্যিক প্ৰতিভাৰ অংকুৰণ ঘটে।
১৯২৬ চনত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হোৱাৰ পিছত তেখেত বাণাৰসীলৈ উচ্চ শিক্ষাৰ বাবে যায় যদিও পঢ়া সাং কৰিব নোৱাৰিলে।
সেই সময়ছোৱাতে অসমীয়া ছাত্ৰসকলে উলিওৱা হাতে লিখা আলোচনী ‘জাহ্নৱী’লৈ তেখেতে অৰিহণা যোগায়।
অসমলৈ ঘূৰি অহাৰ পিছত প্ৰমীলা দেৱীৰ লগত বৰুৱাৰ বিবাহ পাশত আৱদ্ধ হয়।

১৯৩০ চনত দেউতাকৰ মৃত্যুৰ পিছত তেখেতে ‘অসমীয়া’ নামৰ বাতৰি কাকতত সম্পাদক হিচাপে যোগদান কৰে।
দুবছৰ পিছত তেখেতে যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ত কিছুদিন কাম কৰে।
তিনিচুকীয়াতো অলপ দিন শিক্ষকতা কৰি উঠি তেখেতে পুনৰ যোৰহাটলৈ আহি সাপ্তাহিক ‘বাতৰি’ত সহ-সম্পাদক হিচাপে যোগদান কৰে।
এই বাতৰি কাকতৰ জৰিয়তেই তেখেতে প্ৰথম নীলমণি ফুকনক ‘বাগ্মীবৰ’ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ উপাধি প্ৰদান কৰে।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেত কৰাচীলৈ গৈ ভাৰতীয় বায়ু সেনাত যোগ দিয়ে আৰু ১৯৪৭ চনত ঘৰলৈ ঘূৰি আহি উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত অৱসৰ পৰ্যন্ত চাকৰি কৰে।

১৯৬৯ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।

আনন্দ চন্দ্ৰ বৰুৱা সাহিত্য চৰ্চাৰ বাহিৰেও তেখেত এজন ভাল অভিনেতা আৰু সক্ৰিয় সমাজকৰ্মী আছিল।
১৯৩০ চনত তেখেতে ‘বাণী সন্মিলন’ আৰু ১৯৪৮ চনত ‘চিন্তামণি চক্ৰ’ প্ৰতিষ্ঠা কৰিছিল।
তাৰ বাহিৰেও তেখেত অসম নাট্য সন্মিলন, অসম প্ৰতিযোগিতা সমিতি, যোৰহাট সংগীত বিদ্যালয় আদিৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল।

১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচিত হৈছিল।

আনন্দ চন্দ্ৰ বৰুৱাই একাধাৰে কবিতা, নাটক, অনুবাদ সাহিত্য, উপন্যাস আদি ক্ষেত্ৰত অৱদান আগবঢ়ায়।

প্ৰকাশিত কাব্য পুথিঃ পৰাগ, পুষ্পক, ৰঞ্জন ৰশ্মি, সেই নিমাতী পুৱাৰে পৰা, বকুল বনৰ কবিতা, পাপৰিৰ পৰিমল আদি।

নাটঃ বিজয়া, বিসৰ্জন, কমলা কুৱঁৰী, নল-দময়ন্তী, নীলাঞ্জন আদি।

অনুবাদ পুথিঃ হাফিজৰ সুৰ, কুমাৰ সম্ভৱ, মেঘদূত পূৰ্বমেঘ, ছোভিয়েট কবিতা, এছিয়া জ্যোতি আদি।

অপ্ৰকাশিত ৰচনাসমূহৰ ভিতৰতঃ পঞ্চমী, তেজীমলা, বণিক বন্ধু, মৃগমায়া, বাণীপথ, অসমীয়া সাহিত্য আদি অন্যতম।

১৯৭৩ চনত “পদ্মশ্ৰী” উপাধি লাভ কৰে।
১৯৭৭ চনত “বকুল বনৰ কবিতাৰ বাবে” সাহিত্য অকাডেমি বঁটা লাভ কৰে।

১৯৮৩ চনৰ ২৭ জানুৱাৰীত আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ মৃত্যু হয়।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *