৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 7/2023:-
1. হৃদৰোগী সকললৈ ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ।
গুজৰাটৰ ৰাজপুত আৰু আহমেদাবাদত বিনামূলীয়াকৈ চিকিৎসাৰ বাবে প্রেৰণ কৰিব অসমৰ হৃদৰোগীক।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি স্বাক্ষৰিত হ’ল বুজাবুজিৰ চুক্তি।
প্ৰথম পৰ্যায়ত ১ হাজাৰ গৰাকী ৰোগীক প্ৰেৰণ কৰিব চৰকাৰে।
শ্ৰীশ্ৰীসত্য চাই হাৰ্ট হাস্পতালে আগবঢ়াব চিকিৎসা সেৱা ।
২৬ জানুৱাৰীত গুজৰাটলৈ প্রেৰণ কৰাৰ সম্ভাৱনা প্রথমটি দলক।
2. প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান।
হেল্থ চিটী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মন্ত্ৰী গৰাকীয়ে।
দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল লাহৰীঘাটৰ প্ৰাক্তন মন্ত্ৰীগৰাকী।
আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় নজৰুল ইছলাম।
কংগ্ৰেছৰ কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰীজন।
3. চিটী বাছত উঠি গুৱাহাটী পৰিদর্শন কৰিলে মন্ত্ৰী অশোক সিংঘালে।
বিভাগীয় কাম-কাজৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে।
পল্টনবজাৰৰো সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰিলে মন্ত্ৰী অশোক সিংঘলে।
4. ধেমাজিত আৰক্ষী বিষয়াৰ গুলীত নিহত হয় প্ৰাক্তন আৰক্ষী বিষয়া।
SI আলোক কোঁৱৰৰ গুলীত নিহত হয় প্ৰাক্তন আৰক্ষী বিষয়া অমূল্য বৰুৱা।
ঘটনাৰ পাছতে আত্মসমৰ্পণ কৰে SI আলোক কোঁৱৰে ।
ধেমাজিৰ ভেহপৰাত সংঘটিত হৈছে এই ঘটনা।
ভূমি সংক্ৰান্তীয় বিষয়ত অমূল্য বৰুৱাক হত্যাৰ সন্দেহ।
ডিব্ৰুগড় সদৰ থানাত নিয়োজিত আছিল SI আলোক কোঁৱৰ।
5. BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
ঘৰত অবৈধ অস্ত্ৰ মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় বিধায়ক গৰাকীক।
তেখেতৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে AK47, M16 ৰাইফল।
কোকৰাঝাৰ সদৰ থানাত জেৰা অব্যাহত আছে।
6. চানমাৰিত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ আজি দশমটো দিন।
অসম গ্রন্থমেলাৰ বাকৰিত
চন্দ্রপ্রসাদ শইকীয়াক স্মৰণ কৰি সাহিত্য, সমাজ, সংস্কৃতিৰ গৱেষণাধৰ্মী আলোচনী ‘স্বৰ্ণলিপি’ৰ বিশেষ সংখ্যা উন্মোচন। আলোচনীখন উন্মোচন কৰে প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।
উন্মোচন অনুষ্ঠানত বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।
চন্দ্রপ্রসাদ শইকীয়াৰ অনবদ্য অৱদানক সোঁৱৰণ কৰি বক্তব্য ৰাখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।
7. বজালীত পূৰবী ডেইৰীৰ কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম হোৱা গো-পোৱালিৰ প্ৰদৰ্শনী।
প্ৰদর্শনীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, নন্দিতা গাৰ্লছা আৰু বহু গন্যমান্য ব্যক্তি।
8. বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট প্ৰতিযোগিতাত উজলিল অসমৰ দল৷
দেশৰ ১০খন ৰাজ্যই অংশগ্ৰহণ কৰা নাট প্ৰতিযোগিতাত অসমৰ বৃহৎ সফলতা৷
নাট্যকাৰ তাপস তৰুণ শইকীয়াই শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ পাণ্ডুলিপিৰো বঁটা লাভ কৰে নাটকখনে৷
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় বিজ্ঞান নাটক মহোৎসৱত এই সফলতা অৰ্জন কৰে নাট্যদলটিয়ে৷
যোৰহাটৰ টীয়কৰ বলমা চন্দ্ৰকমল বেজবৰুৱা হাইস্কুলে পৰিৱেশন কৰে নাটখন৷
নাট্যদলটিয়ে পৰিৱেশন কৰা নাটখন আছিল ‘ভেকা ভেকা ভেকচিন’৷
9. ডিব্ৰুগড় জিলাৰ মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান।
অনুষ্ঠানটিত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক অমিয় কুমাৰ ভূঞা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল দাস লগতে বহু গণ্য-মান্য ব্যক্তি।
10. ৮ জানুৱাৰীত অনুষ্টিত হব দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা৷
অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হব।
তেজপুৰৰ সেনা গ’লফ ক’ৰ্ছত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন৷
11. পৰিবহণ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ মহানগৰীত চিটীবাছৰ চালক-হেণ্ডিমেনৰ প্ৰতিবাদ ৷
প্ৰতিবাদত স্তব্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷
নানান অজুহাতত চিটীবাছ জব্দ কৰাৰ অভিযোগ প্ৰতিবাদ সাব্যস্ত কৰে।
শতাধিক চিটীবাছ জব্দ কৰিছে পৰিবহণ বিভাগে ৷ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰে বাছ মালিক-কৰ্মচাৰী এ।
জব্দ কৰা বাছ নিশাৰ ভিতৰতে মোকলাই দিয়াৰ দাবী, অন্যথা নিশাও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ ৷
পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মোতায়েন আৰক্ষী ৷
12. মহানগৰীৰ ATMৰ পৰা ধন লুট।
ফটাশিল আমবাৰীৰ SBIৰ ATMৰ পৰা লুটিলে ৯৮ হাজাৰ টকা।
দুষ্টচক্ৰই কৌশলেৰে লুটি নিলে ধন।
অসীম বৈশ্য নামৰ এজন লোকে ATMৰ পৰা উলিয়াইছিল ধন।
কাৰিকৰী বিজুতিৰ বাবে মেচিনৰ পৰা উলিয়াব পৰা নাছিল ধন।
কাৰ্ডখন ATMত সোমাই থকাৰ বাবে কৌশলেৰে লুটি নিলে ধনখিনি।
13. ১০ জানুৱাৰীত অনুষ্ঠিত হব গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া মেচ।
আজিয়েই গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ ৮ গৰাকী তাৰকা ৷
ইতিমধ্যে ২৩ হাজাৰ মেচৰ টিকট বিক্ৰী কৰিছে আয়োজক সকলে।
বৰষুণ আৰু সাপৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে খেলখন সুকলমে অনুষ্ঠিত হৈ যাবলৈ মা কামাখ্যাত আশিস লয় অসম ক্ৰিকেট সন্থাই ৷
14. চিৰাং জিলাৰ বিজনী পৌৰসভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন।
বিজনী ছোৱালী হাইস্কুলৰ খেলপথাৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে সোণালী জয়ন্তী উৎসৱ।
15. প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত বৃহৎ সাংগীতিক মহাসমাৰোহৰ আয়োজন ।
১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব AR Rahmanৰ সংগীতানুষ্ঠান ।
২ হাজাৰ টকাৰ পৰা ১লাখ ৫০ হাজাৰ টকালৈ হ’ব টিকটৰ মূল্য ।
Book My Show & Paytm Insiderৰ দ্বাৰা ক্ৰয় কৰিব পাৰিব টিকট৷
16. আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ।
পতাকা উত্তোলনেৰে শুভাৰম্ভ মহোৎসৱ।
চৰাইদেউ মৈদাম প্ৰাংগণত পৰ্যটন বিভাগৰ সহযোগত আয়োজিত হয় এই মহোৎসৱ।
17. কাছাৰত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
সোণাই নতুন বজাৰৰ পৰা জব্দ কৰা হৈছে ২০ হাজাৰ ইয়াবা টেবলেট ।
বিনায়ক ফাৰ্নিচিঙছ নামৰ দোকানখনৰ পৰা জব্দ কৰা টেবলেটখিনি।
আৰক্ষীয়ে আটক কৰে দোকানখনৰ স্বত্বাধিকাৰী বিষ্ণু দেৱক।
টেবলেটখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা।
18. শুৱালকুছিত অনুষ্ঠিত হ’ব ক্ৰছ ক্রান্তি প্রতিযোগিতা।
বিভিন্ন প্ৰান্তৰ খেলুৱৈ উপস্থিত হয় শুৱালকুছিত।
বৰ্তমান ব্যাপক প্রস্তুতি চলিছে শুৱালকুছিৰ খেলপথাৰ।
19. মেৰাপানীত জব্দ কৰা হৈছে বার্মিজ চুপাৰিভর্তি দুখন ট্রাক।
নাগালেণ্ডৰ পৰা মেৰাপানী হৈ অসমত প্ৰৱেশ কৰিছিল ট্ৰাক দুখন।
CRPF এ জব্দ কৰে ট্ৰাকদুখন।
জব্দকৃত চুপাৰিখিনিৰ মূল্য কেইবা লক্ষাধিক টকা।
20. শ্ৰী লংকাৰ বিৰুদ্ধে চলিত তৃতীয়খন T20ত সূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিং।
মাত্ৰ ৪৫ টা বলত শতক অৰ্জন কৰিলে সূৰ্য কুমাৰ যাদৱে।