৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 12/2023:- 

1. আজি ৰাষ্ট্ৰীয় যুৱ দিৱস।
ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত স্বামী বিবেকানন্দৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় যুৱ দিৱসৰ আয়োজন।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
উপস্থিত থাকে ভৱেশ কলিতা, সিদ্ধাংকু অংকুৰ বৰুৱা, মন্ত্ৰী পীযুষ হাজৰীকা, পৰিমল শুক্লবৈদ্য, দিলীপ শইকীয়া, পল্লৱলোচন দাস, পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল ।

2. কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ ।
হুবলীৰ ৰোড শ্ব’ত উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীক।
ৰোড শ্ব’লৈ ওলাই আহে হাজাৰ হাজাৰ জনতা।

3. গুৱাহাটীৰ অপৰাধ হ্ৰাস কৰাৰ বাবে চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
শীঘ্ৰে গুৱাহাটীত সংস্থাপন কৰা হ’ব দুহাজাৰ নতুন CCTV কেমেৰা।
CCTV কেমেৰা সংস্থাপনৰ ক্ষেত্ৰত অচিৰে আহিব এখন নতুন আইন।
মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা ৫জনতকৈ অধিক কৰ্মচাৰী থকা চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানেও লগাব লাগিব CCTV.

4. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ভোগালীৰ উপহাৰ।
কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মনে ৭ কিলো ওজনৰ এটা শিলঘৰীয়া মাছ, বৰা চাউলৰ পিঠা, মুড়িৰ লাড়ু, দৈ আজি সামগ্ৰী উপহাৰ হিচাপে দিয়ে মুখ্যমন্ত্ৰীক।

5. দক্ষতা বিকাশৰ ক্ষেত্ৰত কেবেনিটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
অষ্টম উত্তীৰ্ণৰ পাছত ITI উত্তীৰ্ণই পাব HSLCৰ সমমৰ্যাদা।
দশম উত্তীৰ্ণসকলে পাব HSৰ সমমৰ্যাদা।
ইয়াৰ বাবে গঠন কৰা হ’ব সুকীয়া ব’ৰ্ড।
ইয়াৰ বাবে প্ৰস্তুত কৰা হ’ব সুকীয়া পাঠ্যক্ৰমো।
এই কথা সংবাদমেলযোগে জনালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

6. ভাৰতৰ দুটা কফ ছীৰাপক লৈ WHOৰ এলাৰ্ট।
শিশুৰ বাবে দুয়োবিধ ঔষধ ব্যৱহাৰৰ অনুপযোগী ঘোষণা।
এবিধ ঔষধ হৈছে AMBRONOL SYRUP। আনবিধ ঔষধ হৈছে DOK-1 Max SYRUP।
নিৰ্মাতা উত্তৰপ্ৰদেশৰ MARION BIOTECH।
কফ ছীৰাপ দুটাত অতিৰিক্ত বিষাক্ত পদাৰ্থ থকা বুলি উল্লেখ কৰে WHO এ।
উজবেকিস্তানত ১৯টা শিশুৰ মৃত্যুৰ পাছতে এই তথ্য প্ৰকাশ কৰে WHOএ।
এই দুয়োবিধ ঔষধৰ বাবেই শিশুৰ মৃত্যুৰ অভিযোগ উঠিছিল।

7. ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত বোমাৰে আক্ৰমণ সেনাৰ।
মিজোৰাম সীমান্তত ম্যানমাৰ সেনাৰ এয়াৰ ষ্ট্ৰাইক।
উগ্ৰপন্থীৰ শিবিৰত বিমানেৰে বোমা নিক্ষেপ।
বোমা আক্ৰমণত নিহত হৈছে কেইবাগৰাকীও বিদ্ৰোহী।
অৱশ্যে ভাৰতৰ সীমান্তত কোনোধৰণৰ ক্ষতি সাধন কৰা নাই।
ম্যানমাৰৰ জুন্তাৰ নিৰ্দেশ অনুসৰি বিদ্ৰোহীৰ শিবিৰত চলিছে আক্ৰমণ।

8. যোৱা কালিৰে পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ।
অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত উদ্বোধনী অনুষ্ঠান।
এই অনুষ্ঠানতে অসম আৰক্ষীলৈ ব্ৰেথ এনালাইজাৰ প্ৰদান কৰে।
পথ সুৰক্ষা মিত্ৰক প্ৰদান কৰে পথ সুৰক্ষা কিট।
জিলা পৰিবহণ বিষয়াক প্ৰদান কৰে প্ৰজেক্টৰ।

9. শিলচৰত আৰক্ষীৰ অভিযান।
জব্দ কৰে ১ কোটি টকাৰ বাৰ্মিজ চুপাৰি ।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰিবামত দুখন ট্ৰাকৰ পৰা জব্দ চুপাৰিখিনি।
ট্ৰাক দুখনৰ পৰা ৫০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে।
বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰে চুপাৰি খিনি।

10. বিহপুৰীয়াত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।
বিহপুৰীয়া জলসম্পদ বিভাগৰ কাৰ্যালয়ত
প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই।
নিম্নমানৰ জিঅ’ বেগ ব্যৱহাৰৰ অভিযোগ ছাত্ৰ সন্থাৰ।
সমগ্ৰ বিষয় তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহনৰ আহ্বান প্ৰতিবাদ কাৰীৰ।

11. বাক্সাৰ শালবাৰীৰ ভকুৱামাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
ভকুৱামাৰী চ’কত চাৰিখনকৈ দোকান ভস্মীভূত হয়।অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।
বৈদ্যুতিক বিজুতিৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

12. নাজিৰাত ভয়ংকৰ ঘটনা সংঘটিত হয়।
চিকিৎসাৰ অভাৱত মৃত্যু হয় একেটা পৰিয়ালৰ দুই শিশুৰ।
নাজিৰাৰ চণ্টক ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রত সংঘটিত হয় এই ঘটনা।
স্বাস্থ্য কেন্দ্রটোত নাই কোনো স্থায়ী চিকিৎসক।
স্বাস্থ্য কেন্দ্র ঘেৰাও কৰি প্ৰতিবাদ কৰে ৰাইজে।

13. মহানগৰ আৰক্ষীৰ অভিযানত।
অভিযানত ৯ খনকৈ চুৰি বাইক উদ্ধাৰ কৰে।
বিভিন্ন স্থানত অভিযান চলাই উদ্ধাৰ কৰে বাইককেইখন।
বাইকসহ আটক কৰে ৪ টাকৈ চোৰক।

14. দৰং-ওদালগুৰি জিলা সীমান্তত গুলীচালনা।
১ নং বৰঝাৰস্থিত SBI গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্বৃত্তৰ গুলী।
বাইকত অহা ৩ দুৰ্বৃত্তৰ গুলীচালনা।

15. অসম জাতীয় বিদ্যালয়ত ভোগালী চ’ৰা অনুষ্ঠান।
প্ৰতীকী ৰূপত নীতি-নিয়মেৰে জ্বলোৱা হ’ল মেজি।
ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ নাম-প্ৰসংগৰে জীপাল হৈছে বিদ্যালয় চৌহদ।

16. নগাঁৱত অধিবক্তাৰ ঘৰত প্ৰশাসনে বুলড’জাৰ চলালে।
হাফিজুৰ ৰহমান নামৰ এগৰাকী অধিবক্তাৰ ঘৰ উচ্ছেদ কৰে পৌৰসভাই।
ম্যাদী পট্টাৰ মাটি বেদখল কৰি নিৰ্মাণ কৰিছিল অট্টালিকা।

17. ডিমৌৰ মহমৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি।
কোলাত ৩ মহীয়া কেচুৱা লৈ বোনাচ নিবলৈ আহিছিল মহিলা শ্ৰমিক।
প্ৰচণ্ড শীতত কোলাতেই মৃত্যু হল ৩ মহীয়া কেচুৱাটো।
অসুখীয়া সন্তানসহ শাৰী পাতিবলৈ বাধ্য কৰাইছিল বাগিচাখনৰ পৰিচালকে।
নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

18. “কংগ্ৰেছ নহ’লে চলিব নোৱাৰে বদৰুদ্দিন আজমল।
কংগ্ৰেছৰ সৈতে বাৰে বাৰে মিত্ৰতা বিচাৰে আজমলে।
AIUDFৰ সৈতে আৰু কেতিয়াও মিত্ৰতা নহয়।
২০২১ত AIUDFৰ সৈতে মিত্ৰতা ভুল আছিল।
মিত্ৰতা নোহোৱা হ’লে আমাৰেই চৰকাৰ হ’লহেঁতেন।
জয়ৰাম ৰমেশে কোৱাৰ পাছত কোনোৱে কোৱাৰ প্ৰয়োজন নাই”- মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

19. ভিয়েটনামত উজলিল অসমৰ কিশোৰী।
দুলীয়াজানৰ কিশোৰী আস্থাজিতা মেছে আঁজুৰিলে আন্তঃৰাষ্ট্ৰীয় বঁটা।
আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত কিশোৰী শাখাত শ্ৰেষ্ঠ হল আস্থাজিতা।
কেইবাখনো দেশৰ ৪০গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল এই প্ৰতিযোগিতাত।

20. তিনিচুকীয়াৰ বৰডুমচাত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰা হৈছে।
এখন ট্ৰাকৰ পৰা জব্দ কৰে ৬০৩ কাৰ্টন সুৰা লগতে ৮৬ লাখ ৩৩ হাজাৰ ৮০০ নগদ ধন।
সুৰাভৰ্তি ট্ৰাকসহ ৬ জনকৈ সুৰা মাফিয়া আটক কৰে আৰক্ষীয়ে।

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *