৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com January 20/2023:- 

1. দেশৰ লাখ লাখ নিবনুৱালৈ সু-খবৰ কঢ়িয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে বিতৰণ কৰিলে নিযুক্তি-পত্ৰ।
ৰোজগাৰ মেলাৰ জৰিয়তে একেদিনাই দেশৰ ৭০ হাজাৰৰো অধিক নিবনুৱাক বিতৰণ কৰিলে নিযুক্তি-পত্ৰ।
ভাৰ্চুৱেলী নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

2. ২৬ জানুৱাৰীৰ পূৰ্বে KLOৰ সৈতে কোনোধৰণৰ শান্তি চুক্তি স্বাক্ষৰিত নহয়।
একপ্ৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পাকচক্ৰত সোমাই পৰিছে KLO।
KLOৰ অধ্যক্ষ জীৱন সিংহক জিৰণি লোৱাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

3. ডিব্ৰুগড়ৰ মৰাণত ভয়ংকৰ ঘটনা৷
প্ৰচণ্ড শীতে এসপ্তাহত প্ৰাণ ল’লে দুটিকৈ শিশুৰ৷
১৩ জানুৱাৰীত মিৰিহোলাৰ ৰাজেন মুড়াৰ ডেৰমহীয়া সন্তান উজ্জ্বল মুড়াৰ মৃত্যু।
১৭ জানুৱাৰীত চানী ধানোৱাৰৰ ছমহীয়া পুত্ৰ তন্ময় ধানোৱাৰৰ মৃত্যু হয়৷
উৰুখা পঁজাতে বাস কৰিছিল দুৰ্ভগীয়া পৰিয়াল দুটাই৷
২৭ ডিচেম্বৰত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হৈছিল শিশু দুটিৰ বাসগৃহ৷

4. গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন৷
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা মেলাৰ আজি দ্বিতীয়টো দিনত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ১৮গৰাকী তিৱা ৰজাক প্ৰদান কৰে ৰাজভাট্টা৷
ঐতিহাসিক মেলাখনে মধ্য যুগৰ পৰা পাহাৰীয়া আৰু ভৈয়ামৰ জনজাতি তথা সম্প্ৰদায়সমূহৰ মাজত যোগাযোগ আৰু ভাতৃত্ববোধৰ সমন্বয়ক হিচাপে সোণসেৰীয়া একতাৰ এনাজৰী স্বাক্ষৰ বহন কৰি আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মেলাত উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী৷

5. নগাঁৱৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ছাডেন ভিজিট।
বিদ্যালয়ৰ বেয়া ফলাফলৰ বাবে অধ্যক্ষক ধমক ৰনোজ পেগুৰ।
গুণোৎসৱৰ মাজতে বিদ্যালয়খনত ছাডেন ভিজিট দিলে মন্ত্ৰী গৰাকীয়ে।

6. কাব্যঋষি নীলমণি ফুকনৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মালিগাঁওস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

8. দিছপুৰ আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক।
বৰাকৰ বদৰপুৰৰ পৰা গ্ৰেপ্তাৰ হ’ল প্ৰৱঞ্চক ছামচুদ্দিন লস্কৰ।
APSCত চাকৰি দিয়াৰ নামত ছামচুদ্দিনে সংগ্ৰহ কৰিছিল কেইবা লক্ষাধিক টকা।

9. চিনেমা চিনেমাই, তাক লৈ ৰাজনীতিকৰণ কৰিব নালাগে – পাঠান চিনেমাক লৈ মন্তব্য জুবিন গাৰ্গৰ।

10. গুৰুতৰভাৱে অসুস্থ সকলোৰে আপোন এগৰাকী কলিজা আইতা।
অতি সংকটজনক অৱস্থাত GMCHৰ ICUত চিকিৎসাধীন হৈ আছে কলিজা আইতাগৰাকী।
প্রতিটো সময়তে GMCHৰ চিকিৎসকৰ দলে স্বাস্থ্যৰ বুজ লৈছে আপোন আইতাৰ।

11. গুৱাহাটীৰ নন্দিতা দাসলৈ ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা।
গণৰাজ্য দিৱসত নন্দিতাই গ্ৰহণ কৰিব সাহসিকতাৰ বঁটা।
২০২১ৰ ২৭ নৱেম্বৰত দুৰ্বৃত্তই অপহৰণৰ চেষ্টা চলাইছিল নন্দিতাক।
অপহৰণকাৰীৰ কবলৰ পৰা সাহসিকতাৰে আত্মৰক্ষা কৰিছিল নন্দিতাই।

13. গুৱাহাটীক বানমুক্ত কৰাৰ বাবে অচিৰেই চলিব উচ্ছেদ অভিযান ৷
ভৰলুৰ দুয়োপাৰে হোৱা বেদখল তৎতকালে উচ্ছেদৰ নিৰ্দেশ ৷
জু-ৰোডৰ পৰা ৰাজগড় পথলৈ চলিব উচ্ছেদ ৷
বেদখল উচ্ছেদ কৰি যান-বাহন চলাচল কৰিব পৰাকৈ পথ নিৰ্মাণ কৰিব ৷
জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত লোৱা হয় এই সিদ্ধান্ত ৷
বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলৰ লগতে পৌৰ প্ৰশাসন সঞ্চালকালয়, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী জল ব’ৰ্ড ৷

14. গুৱাহাটীৰ মাজমজিয়াত প্ৰায় ২ কোটি টকাৰ গাঞ্জা জব্দ কৰে।
গীতানগৰ আৰক্ষীয়ে খানাপাৰাত জব্দ কৰে গাঞ্জাখিনি।
মণিপুৰৰ পৰা এখন ট্ৰাকত অনা হৈছিল ৩ কুইণ্টলৰো অধিক গাঞ্জা।
গ্ৰেপ্তাৰ কৰে ৰাজু দে’ আৰু থংগীয় মগ নামৰ দুই সৰবৰাহকাৰীক।

15. গুৱাহাটীত গাঞ্জাভৰ্তি ট্ৰাক জব্দ কৰা হৈছে।
নাগালেণ্ড পঞ্জীয়নভুক্ত এখন ট্ৰাকত আনিছিল ৩২০ কেজি গাঞ্জা৷
খানাপাৰাত মহানগৰ আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন৷

16. ৰাজ্যবাসীলৈ সুখবৰ৷
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক স্কচ বঁটা৷
বনাঞ্চল সম্প্ৰসাৰণ, একত্ৰীকৰণ, উন্নয়নৰ বাবে কাজিৰঙালৈ এই বঁটা৷
স্কচ গ্ৰুপৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই বঁটা৷
বঁটা লাভ কৰি উৎফুল্লিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়া-কৰ্মচাৰী সকল।

17. মুকালমুৱাৰ কালদিস্থিত দেৱদামোদৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সদৌ অসম দেৱদামোদৰ সংঘৰ অধিৱেশন।
অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখন।
আজি ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লাই খুঁটা স্থাপন কৰা হয়।
অধিৱেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

18. পুনৰ বৃদ্ধি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ সময়সীমা৷
২৭ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা৷
দেশৰ নিৰ্বাচন আয়োগে বৃদ্ধি কৰে সময়সীমা৷
প্ৰথমে ১৭ জানুৱাৰীলৈ বৃদ্ধি কৰিছিল চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ সময়সীমা৷
প্ৰতিবছৰে ৫ জানুৱাৰীত প্ৰকাশ পাইছিল চূড়ান্ত ভোটাৰ তালিকা৷
CEO ৰ কাৰ্যালয়ে জনালে এই তথ্য৷

19. গোৱালপাৰাৰ টিপলাই কাহিবাৰীত গুলীয়াগুলী।
নিশা প্ৰায় ১১ বজাত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ।
AS22F5594 নম্বৰৰ বলেৰ’ বাহনত আহিছিল ডকাইতৰ দলটো।
গোৱালপাৰাৰ DSP অনুৰাগ শৰ্মাৰ নেতৃত্বত চলিছিল অভিযান।
অৱশ্যে হতাহত হোৱা নাই আৰক্ষীৰ কোনো লোক।
গ্ৰেপ্তাৰ কৰা হৈছে দুই ডকাইত ছানিদুল ইছলাম, বাহাৰুল ইছলাম ওৰফে মাগো।

20. গোৱালপাৰা জিলাৰ ৰংজুলিত নিশা গুলীয়াগুলীৰ ঘটনা।
আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত গুলীয়াগুলী।
অৱশ্যে এই ঘটনাত দুই দলৰেই কোনো লোক হতাহত হোৱা নাই।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *