৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 21/2023:- 

1. ছিট বেল্ট পৰিধান নকৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সোনাকে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহনত যাত্ৰা কৰি থকা অৱস্থাত ছিট বেল্ট খুলি প্ৰস্তুত কৰিছিল এটা ভিডিঅ’।
সেইবাবে শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীক জৰিমনা বিহিলে আৰক্ষীয়ে।
অৱশ্যে বৃহস্পতিবাৰে ছিট বেল্ট পৰিধান নকৰা সন্দৰ্ভত ক্ষমা খুজিলে প্ৰধানমন্ত্ৰী সোনাকে।

2. ‘কেৱল অসমত হে চলিছে কমতাপুৰক লৈ চৰ্চা। পশ্চিমবংগ, বিহাৰত কমতাপুৰক লৈ চলা নাই কোনো চৰ্চা’- কমতাপুৰ প্ৰসংগক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

3. পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক মানৱ ডেকা।
শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে বিদ্যালয়খনৰ গুণগত শিক্ষা, আন্তঃগাঁথনিৰ আদি বিভিন্ন সমস্যা সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

4. কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা এমহীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো।
কীৰ্তন ঘৰত সেৱা আৰু গুৰুজনাৰ আশীষ গ্ৰহণ কৰাৰ লগতে সেৱাশ্ৰমখনত উপস্থিত হৈ ৰাইজৰ মংগল কামনা কৰে বিটিআৰ প্ৰধানগৰাকীয়ে।

5. চৰাইদেউৰ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি।
UNESCO-এ প্ৰদান কৰে এই স্বীকৃতি।
২০১৪ চনত প্ৰথমবাৰৰ বাবে মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।
দেশৰ পৰা চলিত বৰ্ষত কেৱল অসমৰ বাবে UNESCO লৈ যাব মনোনয়ন।
পেৰিছলৈ প্ৰেৰণ কৰিব এই মনোনয়ন।
ছেপ্টেম্বৰত UNESCOৰ পৰ্যবেক্ষকৰ দল আহিব চৰাইদেউলৈ।
ইয়াৰ ভিত্তিতে ২০২৪ৰ মাৰ্চৰ ভিতৰত চূড়ান্ত স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা।

6. নগাঁৱৰ ৰাইডঙীয়াৰ শংকৰদেৱ শিশু নিকেতনত উদুলি-মুদুলি পৰিৱেশ।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী।
পুৱা বন্তি প্ৰজ্বলনৰ পাছতে ২৫খনকৈ ধ্বজা উত্তোলন কৰা হয়।
মুকলি সভাত অংশ ল’ব বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামীয়ে।
লগতে উপস্থিত থাকে ND24ৰ সঞ্চালক কিশোৰ বৰা।
নিশা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব কণ্ঠশিল্পী সুবাসনা দত্তই।

7. অৰুণাচলৰ ছিজুচাত সপ্তম বাৰ্ষিক পাকে পাগা হৰ্ণবিল উৎসৱ সম্পন্ন।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ বন মন্ত্ৰী মামা নাটুং।
প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ গুৰুত্ব আৰোপ কৰে আৰু দিল্লী-অৰুণাচল ডাবল ইঞ্জিন চৰকাৰৰ কাম কাজৰ প্ৰশংসা কৰে মন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত বহু গন্যমান্য লোকে অংশ গ্ৰহন কৰে।

8. মৰাণৰ চাৰিলেনযুক্ত পথত হ’ব বিমানৰ জৰুৰী অৱতৰণ ব্যৱস্থা।
আজি নিৰ্মাণকাৰ্যৰ শুভ উদ্বোধন কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু উপায়ুক্ত বিশ্বজিত পেগুৱে।

9. অতৰ্কিতে বন বিষয়াক লগত লৈ চানডুবি পৰিদৰ্শন কৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এ।
চানডুবিৰ চৌপাশে থকা সম্পদসমূহ সংৰক্ষণ কৰি ৰখাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।
অহা বছৰ বন বিভাগে অসমত ৫ কোটি গছপুলি ৰোপণ কৰাৰ কথাও সদৰি কৰিলে বন মন্ত্ৰী গৰাকীয়ে।

10. আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত সাধনী ভৱনৰ চৌহদত চুতীয়া উন্নয়ন পৰিষদৰ ২০২১-২২ বৰ্ষৰ পুঁজিৰে নিৰ্মিত অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ‘বীৰাঙ্গনা সাধনী’ ৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
লগতে বীৰাঙ্গনা গৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাই মন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱা, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰা আৰু বহু গন্যমান্য ব্যক্তি।

11. বৰপেটা জিলাৰ বাঘমাৰাত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক আৰু আহত হয় দুজন যুৱক।
নিহত যুৱকজনৰ নাম ভাতনাপাইটি গাঁৱৰ অজগৰ আলী।
আহত যুৱককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়।

12. জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত ভয়াৱহ বাছ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন বাছ।
মহিলাসহ ৫ গৰাকী যাত্ৰী থিতাতে নিহত হয় আৰু আহত হয় ১৫ গৰাকী কৈ লোক।
গুৰুত্বৰভাৱে আহত হোৱা সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

13. চিকিৎসালয় স্থানান্তৰক লৈ কোকৰাঝাৰত ব্যাপক প্ৰতিবাদ।
ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰিত কৰাৰ বাবে প্ৰতিবাদ।
হাস্পতালখন কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

14. দুলীয়াজানৰ মৃনালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান।
ৰূপালী জয়ন্তীৰ অংশ ৰূপে আয়োজন কৰা হৈছে বৰ্ণিল কাৰ্যসূচীৰ।
বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ বাবে স্বাস্থ্য শিৱিৰ আৰু মুকলি সভাৰো আয়োজন কৰা হয়।

15. ছিপাঝাৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
ষ্টেট বেংকৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা।
ট্রাকৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক।
আহত লোক দুজন হৈছে- তাইছুদ্দিন আহমেদ আৰু আইনুল হক।
দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

16. আৰক্ষীৰ জালত পৰিছে গাঞ্জা সৰবৰাহকাৰী।
যোৰাবাটত ১০১ কেজি গাঞ্জাসহ ২ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
ত্ৰিপুৰাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি।
আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক।

17. তামাৰহাটৰ হাতীধুৰাত পথ দুৰ্ঘটনা।
বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭জনকৈ স্কুলীয়া ছাত্র-ছাত্রী।
আহত ছাত্র-ছাত্রীকেইজনৰ ঘৰ তামাৰহাটৰ পোকালাগি গাঁৱত বুলি জানিব পৰা গৈছে।

18. পাঠান ছবিখনক লৈ দেশজুৰি চৰ্চা চলি থকাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পাঠানক লৈ প্ৰতিক্ৰিয়া৷
“মুম্বাইৰ পৰা মোলৈ সকলোৱে ফোন কৰে, শ্বাহৰুখ খানে ছবিখনক লৈ মোক ফোন নাই কৰা৷
মই এই ছবিখন চাব নাযাও৷
আমি সকলোৱে পাঠান এৰি ড০ বেজবৰুৱা-২ ছবিখনহে চাব লাগে বুলি” মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

19. বিলাসীপাৰাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ১০৩ বৰ্ষীয় অধিৱেশন।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই অধিৱেশন।
অধিৱেশনত অংশ গ্ৰহন কৰে দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে।

20. তিতাবৰৰ সীমান্তৱৰ্তী অঞ্চল বান্দৰচলিয়াৰ তাঁতী গাঁৱত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ।
তিনিদিনীয়াকৈ আয়োজন কৰা এই নাট মহোৎসৱত নাট প্ৰদৰ্শন কৰিব দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ ৭টা নাট্য দলে।

Mising Autonomous Council
Mising Autonomous Council .

Leave a Reply

Your email address will not be published. Required fields are marked *