৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 24/2023:-

1. আজি আচাৰ্য দয়ালকৃষ্ণ বৰা ভাষা-সংস্কৃতি গৱেষণা সংস্থাৰ দ্বাৰা প্ৰকাশিত ” বৈষ্ণৱ পণ্ডিত আচাৰ্য দয়ালকৃষ্ণ বৰা ৰচনাৱলী-১” শীৰ্ষক গ্ৰন্থখনি শুভ উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে তীৰ্থাঙ্ক দাস কলিতা, ফনীন্দ্ৰ নাথ শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী আৰু বহু গণ্যমান্য ব্যক্তি।

2. মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হয় বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।
সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু বহু গণ্যমান্য ব্যক্তি।

3. আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।
ভাৰতবৰ্ষত প্ৰতি বছৰে ২৪ জানুৱাৰী তাৰিখে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।
ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্য ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ে’ ২০০৮ চনৰ পৰা এই ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ আয়োজন কৰি আহিছে।
ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা বাধা-বিঘিনি আৰু লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটি।

4. দুটা বছৰ পিছত গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনালে আলফা স্বাধীনে।
আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত নৰম স্থিতি গ্ৰহণ কৰিছিল।
সেই সময়ছোৱাত স্বাধীনতা আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনোৱা নাছিল আলফা স্বাধীনে।

5. জাগীৰোড সমষ্টিৰ ন-খোলাত ৰেইজ’ড নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা নৱনিৰ্মিত “হৃদয়ানন্দ মহন্ত সোঁৱৰণী শান্তি আলয়” নামৰ বৃদ্ধাশ্ৰম খন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰ পীযুষ হাজৰিকাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বিত্তমন্ত্ৰী তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, ফণীন্দ্ৰনাথ শৰ্মা, লগতে স্বৰ্গীয় হৃদয়ানন্দ মহন্ত দেৱৰ পৰিয়ালবৰ্গ, ৰেইজ’ড বেচৰকাৰী সংস্থাৰ বিষয়ববীয়া সকল আৰু আন আন বিশিষ্ট ব্যক্তি সকল।

6. নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম এদিনীয়াত আন এক কৃতিত্ব অৰ্জন কৰিলে শুভমন গিলে।
পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ বিশ্ব অভিলেখ স্পৰ্শ কৰিলে টীম ইণ্ডিয়াৰ।
অপেনাৰ শুভমন গিলে
৩খনীয়া এদিনীয়া শৃংখলাত যৌথভাৱে সৰ্বোচ্চ ৰানৰ ৰেকৰ্ড শুভমন গিলৰ নামত।

7. মণিপুৰত বিজেপি নেতাক হত্যা।
থৌবাল জিলাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই থৈ যায় বিজেপি নেতা এল ৰামেশ্বৰ সিঙক।
মণিপুৰ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন চাকৰিয়াল কোষৰ সাধাৰণ সম্পাদক আছিল সিং।

8. মৰিগাঁৱত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ মাজতে মুখ্যমন্ত্ৰীলৈ উপহাৰ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৃন্দাবনী বস্ত্ৰ, কৃষ্ণৰ ফটো, গীতা-ভাগৱত উপহাৰ দিলে আইতা তিলোত্তমা বৰুৱাই।
৪ বছৰীয়া প্ৰচেষ্টাৰে আইতাই লিখি উলিয়াইছে গীতা-ভাগৱত।
লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন উপহাৰ দিলে ভাৰ্গৱজ্যোতি নাথে।

9. পাঠান ছবিখন চলিবই, ইয়াকে লৈ ছবিগৃহত দিয়া হ’ব সম্পূৰ্ণ সুৰক্ষা’।
লগতে কোনো লোককে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সকীয়নি DGP ভাস্কৰজ্যোতি মহন্তৰ।

10. ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ নাৰায়ণপুৰৰ বৰখামটি পথাৰত অনুষ্ঠিত হব অসম সাহিত্য সভাৰ অধিৱেশন।
অধিৱেশনৰ বাবে পূৰ্ণগতিত চলিছে প্রস্তুতি।
৮০০ বিঘা ভূমিজুৰি অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনৰ বাজেট ৬ কোটি ৬৯ লাখ টকা।
১০০ শতাংশই কাম সম্পূৰ্ণ হোৱা বুলি জনাইছে উদযাপন সমিতিয়ে।
পিছে বলপূৰ্বক পুঁজি সংগ্রহৰ অভিযোগ উত্থাপিত হৈছে উদযাপন সমিতিৰ বিৰুদ্ধে।

11. ”আমি যদি পূবত এআইইউডিএফ পশ্চিমত।
আমাৰ নীতিৰ বিৰুদ্ধে এআইইউডিএফ।
সেয়ে আমি এআইইউডিএফৰ বিৰোধীতা কৰিম” – মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ।

12. ‘প্ৰাক্তন কংগ্ৰেছীৰে চলিছে বিজেপিৰ ইঞ্জিন।
গেৰুৱা বসন পিন্ধি পুনৰ সক্ৰিয় ছিণ্ডিকেট চক্ৰ’- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

13. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহি আছে G-20ৰ প্ৰতিনিধি দল।
৪ ফেব্ৰুৱাৰীত কাজিৰঙাত উপস্থিত হ’ব G-20ৰ প্ৰতিনিধি দলটি।
এদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হ’‍ব দলটো।

14. গড়চুক আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ।
গোপন সূত্ৰৰ ভিত্তিত চলা আৰক্ষীৰ অভিযানত আটক কৰে ৩ মহিলাসহ এজন যুৱক।
অভিযানত জব্দ কৰে ৫ পেকেট ড্ৰাগছসহ ৬২ টা কণ্টেইনাৰ আৰু লক্ষাধিক টকাৰ সা-সামগ্ৰী।

15. যোৰহাটৰ টোকলাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
অভিযানকালত জব্দ কৰে ৬৬.৩৪ গ্ৰাম ড্ৰাগছ।
লগতে নগদ ১ লাখ ১৬ হাজাৰ টকা জব্দ কৰে।

16. বকোৰ বীৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন ট্ৰাকৰ সৈতে দুখন ডাম্পাৰৰ সংঘৰ্ষ।
সংঘৰ্ষত অগ্নিদগ্ধ হৈ মৃত্যু হয় দুজন চালকৰ।
মৃত চালক দুজনৰ নাম মনোজ দাস, ভদ্ৰেশ্বৰ পাটগিৰি।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত জ্বলি উঠে তিনিখন বাহন।
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা৷

17. ‘সুযোগ পালে পাঠান চাম, চিনেমা হললৈ চিনেমা আহিলে চাম’ ।
পাঠানক লৈ বিতৰ্ক চলি থকাৰ মাজতে পাঠান সন্দৰ্ভত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ৷

18. গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বৰপেটাৰ বহৰিত চাঞ্চল্য।
বহৰিৰ বুনাগোসাঁই থানত বান্দালী জানৰ পাৰ জেহাদী ক্লাবৰ নামত ভাবুকি পত্ৰ মুখ্যমন্ত্ৰীলৈ।
দম আছে যদি বান্দালী ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক।
ভাবুকি পত্ৰত উল্লেখিত আছে বহু বিতৰ্কিত কথাও।

19. ‘গুণোৎসৱ ভাল, কিন্তু ইয়াৰ পাছত কৰিবলগীয়া কিছু কাম আছে ৷
বিশিষ্ট শিক্ষাবিদেৰে গঠন কৰিব লাগে বিদ্যালয় মূল্যাংকন আয়োগ ৷
NAAC অহাৰ পাছত মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহ উপকৃত হৈছে আৰু বিদ্যালয়সমূহৰ বাবেও NAACৰ দৰে এটা অনুষ্ঠান পাতিব লাগে বুলি লংকাত এই মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

20. গহপুৰত মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি।
গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ব্যস্ততা।
পেৰডৰ অনুশীলনত ব্যস্ত অসম আৰক্ষী, বিভিন্ন শিক্ষানুষ্ঠানৰ NCC কেডেট আৰু স্কাউট-গাইডৰ সদস্যসকল।

Mising Autonomous Council
Mising Autonomous Council .

Leave a Reply

Your email address will not be published. Required fields are marked *