৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 27/2023:- 

1. বন অধিকাৰ আইন ২০০৬ অধীনত আজি গহপুৰৰ বৰপুখুৰী খেলপথাৰত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান।
উক্ত অনুষ্ঠানত ১৫৮৮ টা জনজাতীয় পৰিয়ালক আনুষ্ঠানিক ভাৱে ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ইউ.জি.ব্ৰহ্ম, সাংসদ পল্লব লোচন দাস, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, উৎপল বৰা, প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বহু গণ্যমান্য ব্যক্তি।

2. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাৰ্বি আংলঙৰ তবলা শিল্পী শ্ৰেয়া ভট্টাচাৰ্য।
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটাপ্ৰাপ্ত শিল্পীগৰাকীৰ নামত আছে দীৰ্ঘ সময় ধৰি তবলা বাদনৰ অভিলেখ।
কালচাৰেল অলিম্পিয়াড অফ পাৰফৰ্মিং আৰ্টছৰ দৰে মঞ্চতো সন্মানিত হৈছে শ্ৰেয়া ভট্টাচাৰ্য।

3. ICCৰ এদিনীয়া ৰেংকিং তালিকাৰ প্ৰথম স্থানত টীম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ ছিৰাজ।
নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বিস্ফোৰক প্ৰদৰ্শনৰ পিছত শীৰ্ষ স্থান দখল কৰিলে ভাৰতৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

4. হিমালয়ৰ শিখৰত সৰুপথাৰৰ দুই যুৱতী।
উত্তৰাখণ্ডৰ কেডাৰকান্থত উপস্থিত হয় অসমৰ এটি ২০জনীয়া পৰ্বতাৰোহণকাৰী দল।
সফলতাৰে অতিক্ৰম কৰিছে ১২ হাজাৰ ৫০০ ফুট উচ্চতা।

5. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২২ বৰ্ষৰ ২০ চেপ্টেম্বৰ তাৰিখে গহপুৰত SOPD আঁচনিৰ অধীনত ৯৯.৫১ লক্ষ টকা ব্যয়েৰে নিৰ্মিত পেৰেড গ্ৰাউণ্ডৰ শিলান্যাস কৰি ঘোষণা কৰিছিলে যে, ২০২৩ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড এই পেৰেড গ্ৰাউণ্ডতে অনুষ্ঠিত কৰা হ’ব।
আজি গণৰাজ্য দিৱসৰ প্ৰাকমুহুৰ্তত আনুষ্ঠানিক ভাৱে এই গ্ৰাউণ্ডৰ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
উদ্বোধন স্থলিত উপস্থিত থাকে সাংসদ পল্লব লোচন দাস, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক উৎপল বৰা আৰু প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বহু গণ্যমান্য ব্যক্তি।

6. চিৰাঙৰ বাসুগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ড্ৰাগছভৰ্তি ৬টা কণ্টেইনাৰসহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী ফুলচান্দ আলী।
পলাই সাৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহৰত জড়িত মছজিদৰ ইমাম আমিনুল ইছলাম।

7. কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বন বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ।
ঘটনা সন্দৰ্ভত বিহাৰৰ দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ব্যৱসায়ী দুজন হৈছে সন্তোষ কুমাৰ গুপ্তা আৰু সঙ্গীত গুপ্তা।
বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ।
কামাখ্যা আউট পোষ্ট, গুৱাহাটী বন বিভাগে চলাইছিল অভিযান।

8. পশ্চিম বংগৰ মধুপুৰ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মধুপুৰ উৎসৱ।
সত্ৰখনৰ প্ৰথমজন সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি উপলক্ষ্যে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে এই উৎসৱ।
নাম-প্ৰসংগৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা মধুপুৰ উৎসৱক কেন্দ্ৰ কৰি মধুপুৰ সত্ৰত বিৰাজ কৰিছে উখল-মাখল পৰিবেশৰ।

9. গোগামুখত টি এম পি কেৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান।
২ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব অধিৱেশনৰ লগতে যুৱ মহোত্‍সৱ।
অনুষ্ঠানত উপস্থিত থাকিব ড° হিমন্তবিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বহু গণ্যমান্য ব্যক্তি।

10. NEPNI Group Of Instititionৰ বাৰ্ষিক সমাৰোহ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত সমাৰোহ অনুষ্ঠান আয়োজন কৰে।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে KKHSOUৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাস আৰু বহু গণ্যমান্য ব্যক্তি।

11. ‘বিজেপি বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত হ’ব লাগে’।
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ।

12. পাঠান ছবিত অভিনয় কৰিছে অসম সন্তান দিগন্ত হাজৰিকাই৷
বলীউডৰ বাদছাহ শ্বাহৰূখ খান আৰু দীপিকা পাদুকনৰ সৈতে একেলগে অভিনয়ৰ সুযোগ লাভ কৰিছে দিগন্ত হাজৰিকাই।
“ইমান বয়স হোৱাৰ পাছতো এজন ডেকা ল’ৰাৰ অভিনয় কৰিছে শ্বাহৰুখ খানে। গতিকে চাবই লাগিব শ্বাহৰুখ খানৰ পাঠান”- মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।

13. অসমৰ আৰক্ষী বিষয়ালৈ ৰাষ্ট্রপতিৰ পদক।
গণৰাজ্য দিৱস উপলক্ষে আগবঢ়োৱা হৈছে এই পদক।
DIG কংকণজ্যোতি শইকীয়ালৈ বিশেষ সেৱা পদক।
১৪ গৰাকী আৰক্ষী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে।

14. বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ ঘন্টীয়া অনশন৷
বৰপেটাক ৰে’লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ ঘন্টীয়া অনশন সাব্যস্ত কৰে সংগঠনটোৱে।

15. ২৭ জানুৱাৰীৰ পৰা ৰহাত অনুষ্ঠিত হ’ব চুতীয়া যুৱ সন্মিলনী অসমৰ ৭৬ সংখ্যক মহাৰজত জয়ন্তী।
উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।

16. আজি দেউৰীসকলৰ মাঘ বিহুৰ উৰুকা।
নাৰায়ণপুৰৰ কিনাপথাৰত দেউৰী সমাজত বিহুৰ প্ৰস্তুতি।
কেবাখনো গাঁৱৰ ৰাইজে মিলি আয়োজন কৰিছে মাঘ বিহু।

17. গুৱাহাটী ৰে’ল ষ্টেচনত GRPৰ অভিযান।
অভিযানত জব্দ কৰে ৪০ কিলোগ্রাম গাঞ্জা।
জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ২০ লাখ টকা।

18. জাগীৰোডৰ টোপাতলীত ভয়ংকৰ অগ্নিকাণ্ড।
অৰ্জুন উপাধ্যায়ৰ গোহালি আৰু খেৰৰ মেজিত জুই।
জুইত জাহ যায় গোহালীত থকা দুটা ছাগলী।
স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

19. আগৰতলাত পিস্তলসহ গ্রেপ্তাৰ হৈছে এজন যুৱক।
যুৱক জনৰ নাম হৈছে গান্ধীগ্রামৰ বিমান দাস।
আৰক্ষীয়ে জব্দ কৰে এটা পিস্তল, ৪৬জাঁই সক্রিয় গুলী, দুটা মেগজিন ।
লগতে এখন বাহনো জব্দ কৰিছে।

20. শোণিতপুৰৰ চাৰিদুৱাৰৰ মালদাঙত উদ্ধাৰ কৰা হৈছে ৩টা হস্তনিৰ্মিত বন্দুক আৰু ১২জাঁই সজীৱ গুলী।
গোপন তথ্যৰ ভিত্তিত নিশা অভিযান চলাইছিল চাৰিদুৱাৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *