৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com January 26/2023:- 

1. আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস।
দিল্লীৰ কৰ্তব্যপথত পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।
পতাকা উত্তোলন কৰি অভিবাদন গ্ৰহণৰ পাছতে গণৰাজ্য দিৱসৰ বৰ্ণিল পেৰেড।
প্ৰদৰ্শিত হয় দেশৰ শৌৰ্য-বীৰ্য-পৰাক্ৰম।
গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ এল ছিছি।
খানাপাৰাত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰে APCCৰ সভাপতি ভূপেন বৰাই। গোলাঘাটত পতাকা উত্তোলন কৰে মন্ত্ৰী অতুল বৰাই।
কোকৰাঝাৰত পতাকা উত্তোলন কৰে প্ৰমোদ বড়ো এ।
তেজপুৰত পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই।
লখিমপুৰত পতাকা উত্তোলন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
নলবাৰীত পতাকা উত্তোলন কৰে মন্ত্ৰী অশোক সিংঘালে।
ডিব্ৰুগড়ত পতাকা উত্তোলন কৰে যোগেন মহনে।
নগাওঁ জিলাত পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
দৰং জিলাত পতাকা উত্তোলন কৰে মন্ত্ৰী বিমল বৰাই।
আমিনগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত দাসে।

2. আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।
বাগদেৱীৰ বন্দনাৰ বাবে শিক্ষানুষ্ঠানসমূহত ব্যাপক ব্যস্ততা।
সৰস্বতী পূজাত নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ল গ্ৰন্থ প্ৰদৰ্শনী ।
নগাঁও মহাবিদ্যালয় অট’নমাচৰ ব্যতিক্ৰমী চিন্তা।
বাগদেৱীৰ পূজাৰ সমান্তৰালকৈ শিক্ষানুষ্ঠানখনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গ্ৰন্থ প্ৰদৰ্শনী ।
মহাবিদ্যালয়খনৰ ২২ টা বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থ প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই।

3. ‘এইবাৰ ব’হাগ বিহুক ডাঙৰ সামাজিক উৎসৱ ৰূপে পালন কৰা হ’ব ৷
১৪ এপ্ৰিলত গুৱাহাটীত হ’ব বৃহৎ আয়োজন ৷
১০-১৫ হাজাৰ ঢুলীয়া-নাচনীয়ে পৰিৱেশন কৰিব বিহু ৷
এই অনুষ্ঠানেৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লক্ষ্য লোৱা হৈছে ৷
অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷’ খানাপাৰাত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে ৷

4. ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান ।
মৰাণৰ বিশিষ্ট শিল্পী হেমপ্ৰভা চুতীয়ালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
শিল্পকৰ্মলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীগৰাকীলৈ এই সন্মান।
মিজোৰামৰ সাংস্কৃতিক কৰ্মী কে চি ৰুনৰেমছাংগিলৈ পদ্মশ্ৰী সন্মান।
মেঘালয়ৰ সাংস্কৃতিক কৰ্মী ৰিছিংবৰ কুৰকালাঙলৈ পদ্মশ্ৰী সন্মান।
নাগালেণ্ডৰ সাংস্কৃতিক কৰ্মী মোৱা ছুবঙলৈ পদ্মশ্ৰী সন্মান।
মাজুলীৰ বিশিষ্ট মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।

5. মৰিয়নীত দ্ৰুত বেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল বন্যহস্তীৰ।
গিৱন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে’ল পথৰ ৩৭৫৩ নম্বৰৰ খুটাৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
নিশা গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে ৰে’ল পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সময়তে নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় বন্যহস্তীটোৰ।
ৰে’ল বিভাগৰ চৰম গাফিলতিৰ বাবে বন্যহস্তীটোৰ মৃত্যুৰ অভিযোগ।

6. ঢেকীয়াজুলিৰ মিঠামত গুলীচালনা।
সোণাৰী দোকানীলৈ লক্ষ্য কৰি গুলীচালনা।
দুৰ্বৃত্তৰ গুলীত আহত হয় ব্যৱসায়ী নিবাস কৰ্মকাৰ।
দুচকীয়া বাহনত আহিছিল ৩ অস্ত্ৰধাৰী দুৰ্বৃত্ত।
এটা গুলী হাতত লাগে ব্যৱসায়ীজনৰ।
গুলীচালনা কৰি পলায়ন কৰে ৩ দুৰ্বৃত্তই।

7. মহানগৰীৰ ফাঁচীবজাৰৰ ৰাজহংস হোটেলত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।
মুখত হেঁচি হেঁচি কাপোৰ ভৰাই ডিঙি চেপি হত্যা তাজনিমা খাতুন নামৰ এগৰাকী মহিলাক।
মহিলাগৰাকীক হত্যা কৰি এতিয়াও পলাতক অৱস্থাত হত্যাকাৰী ফইজুদ্দিন।
নাম পোহৰলৈ আহিলেও এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই তাজনিমা খাতুনৰ প্রকৃত ঠিকনা।

8. গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে প্রতি বছৰে ঘোষণা কৰা সেনাৰ পদকৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে অসমৰ ৬গৰাকী সেনা বিষয়া আৰু জোৱান।
এইবাৰ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক।

9. NEPNI গ্ৰুপ অফ ইনষ্টটিউচনৰ ১৬ তম শপত গ্ৰহণ সমাৰোহ।
মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সমাৰোহ।
শিক্ষানুষ্ঠান খনত অধ্যয়নৰত মুঠ ১৩০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহন কৰে শপত গ্ৰহণ সমাৰোহত।

10. গণৰাজ্য দিৱসৰ দিনাই ধিঙৰ উধানতলাত গুলীচালনাৰ ঘটনা ৷
গুলীচালনাত গুলীবিদ্ধ ৱাহিদুৰ ইছলাম নামৰ এজন লোক ৷
ছামীম আকতাৰ নামৰ এজন লোকে ৱাহিদুৰলৈ লক্ষ্য কৰি চলাইছিল গুলী ৷
সংকটজনক অৱস্থাত গুলীবিদ্ধ ৱাহিদুৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ঘটনা সন্দৰ্ভত ডুমডুমীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

11. সৰস্বতী পূজাৰ মাজতে লখিমপুৰ মেৰবিল এম ভি স্কুলত অঘটন।
শিক্ষকে প্ৰহাৰ কৰিলে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক।
বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক সহঃ শিক্ষক ক্ষীৰোদ বৰুৱাই কাৰ্যালয় কক্ষত বহুৱাই উপৰ্যুপৰি প্ৰহাৰ কৰাত চিকিৎসাধীন হ’বলগীয়া হয় ছাত্ৰীগৰাকী।
বিনা অনুমতিত বিদ্যালয়ৰ পৰা আন চাৰিজনী লগৰীয়াৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল ছাত্ৰীগৰাকী।

12. প্ৰণৱজিৎ চলিহালৈ (ৰমু) ৰ ‘সিংহপুৰুষ’ উপাধি।
উজনি অসম মুছলিম কল্যান পৰিষদে এই সন্মান আগবঢ়াইছে।
অসম আন্দোলনৰ সময়ত ২২৩ বাৰ কাৰাগাৰলৈ গৈছিল প্ৰণৱজিৎ চলিহা।

13. এতিয়াৰ পৰা নাকেৰে সুমুৱাই দিৱ ক’ভিডৰ ভেকচিন।
কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে দেশৰ প্ৰথমটো নাসিকা ভেকচিন।

14. অৰুণোদয় আচনিত নতুনকৈ সন্নিৱিষ্ট হ’ব ৮লাখ হিতাধিকাৰী।
জটিল ৰোগত আক্ৰান্ত পৰিয়ালে লাভ কৰিব অৰুণোদয় আচনিৰ ধন।
৪০ লাখ দৰিদ্ৰ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড।
বিধৱা মহিলাৰ মাহিলী পেঞ্চন ৩০০টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত।
১এপ্ৰিলৰ পৰা আয়ুষ্মান অসম আচনি, দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৫লাখ টকাৰ চিকিৎসা ব্যয়।
ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

16. তিৰুমালা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা।
তিৰুপতিৰ সমীপৰ চন্দ্ৰগিৰি মণ্ডলত ভক্তৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৪জন লোক।

17. উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ তামকুহিৰাজ চহৰৰ অভাৰব্ৰীজত ভয়ংকৰ দুৰ্ঘটনা।
বিহাৰৰ দুই ভাতৃয়ে বাইক চলাই গৈ থকা সময়তে পিছফালৰ পৰা অহা এখন চাৰিচকীয়া বাহনে তেওঁলোকক খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় দুয়োজনে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

18. ৰাজস্থানৰ টংক জিলাৰ দেওলী অঞ্চলৰ কল্যাণপুৰ গাঁৱত শোকাবহ ঘটনা।
পুখুৰীৰ পাৰত সন্ধিয়া খেলি থাকোতেই হঠাৎ পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটিল দুই ভগ্নীসহ তিনি কণমানিৰ।
আৰক্ষীয়ে গাঁওবাসীৰ সহযোগত দ’ পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে কণমানি কন্যা শিশু কেইটিৰ মৃতদেহ।
কণমানি শিশু কেইটিৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

19. “আব্দুল খালেকে পাঠান চিনেমা খনৰ প্ৰচাৰৰ বাবে হকে বিহকে যিতি কথা কৈ ফুৰিছে”- মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।

20. বঙাইগাঁৱৰ নিত্যবজাৰত শোকাৱহ ৰে’ল দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক।
ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *