Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com February 9/2023″- 

1. বাল্যবিৱাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইট।
এই পৰ্যন্ত ২,৬৬৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ ৰাইজৰ সমৰ্থন বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই অভিযান অব্যাহত থকাৰো হুংকাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

2. মুকালমুৱাৰ কালদিত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশন।
অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ষষ্ঠদশ দ্বিবাৰ্ষিক অধিবেশনখন।
অধিবেশনৰ দ্বিতীয় দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

3. কংগ্ৰেছ-AIUDFৰ মাজত পুনৰ হ’ব পাৰে মিত্ৰতা।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ জৰুৰীভাৱে তলব কৰা হৈছে। ধেমাজিৰ বৈঠকৰ মাজতে হঠাৎ দিল্লীলৈ তলব ভূপেন বৰাক।
দিল্লীত আলোচনাৰ অন্তত চূড়ান্ত হ’ব মিত্ৰতা।
অসমৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই মিত্ৰতাৰ বাবে AICCক দিছে হেঁচা।
ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে ভূপেন বৰা।

4. মাৰ্ঘেৰিটাত আলফা (স্বাঃ) আৰু আৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ।
আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুৰ্ধৰ্ষ আলফা কেডাৰ।
লিডুৰ টীকক পাহাৰত সংঘটিত হৈছে এই সংঘৰ্ষ।
পুৱতি নিশা খবৰ লাভ কৰি আলফা (স্বাঃ)ৰ দলৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে।
আৰক্ষীৰ অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত গুলীয়াগুলী।

5. শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ ডলুত নিশা পথ দুৰ্ঘটনা।
দ্ৰুতবেগী মাৰুতি ভানৰ খুন্দাত থিতাতে প্ৰাণ গ’ল বাসন্তী শুক্লবৈদ্য নামৰ এগৰাকী মহিলাৰ।
ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে অৱৰোধ কৰে পথ।
আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বুজনিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ঘাতক মাৰুতিৰ।
পলায়নৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে বাহনখন।
ফলত গুৰুতৰভাৱে আহত হয় চালকসহ দুজন লোক।
ঘটনাস্থলিত আৰক্ষী উপস্থিত হয়।

6. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দালালক গ্ৰেপ্তাৰ কৰা হৈছে।
অধীক্ষকৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰা হয় নৱদীপ বৰা নামৰ দালালটোক।
এজনৰ পৰা ৰোগীৰ পৰীক্ষাৰ নামত লৈছিল ১০ হাজাৰ টকা।
লোকজনে অভিযোগ দিছিল অধীক্ষক অভিজিৎ শৰ্মাক।
নৱদীপৰ লগতে বাণীকান্ত দাস নামৰ ৱাৰ্ড বয়জনকো গ্ৰেপ্তাৰ কৰা হৈছে।
হেমাট’লজী বিভাগৰ পৰা দালালটোৱে ৭ ফেব্ৰুৱাৰীত সংগ্ৰহ কৰিছিল ধনখিনি।
দালালিটো বৃহৎ চক্ৰ জড়িত থকাৰ অভিযোগ।
চক্ৰটোত জ্যেষ্ঠ চিকিৎসকো জড়িত হৈ থকাৰ অভিযোগ উঠিছে।

7. তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি হৈছে।
ইয়াৰে তুৰস্কতে মৃত্যু ১০ হাজাৰতকৈও অধিক লোকৰ।
তুৰস্কত এতিয়াও সন্ধানহীন হৈ আছে এগৰাকী ভাৰতীয় নাগৰিক, বিভিন্ন অঞ্চলত আৱদ্ধ হৈ আছে ১০গৰাকী ভাৰতীয় লোক।
বিশ্বৰ প্ৰায় ৭০খন দেশে ভূমিকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়ালৈ আগবঢ়াইছে সহায়ৰ হাত।
ভাৰতেও ‘অ’পাৰেচন দোস্ত’ৰ অধীনত দেশখনলৈ আগবঢ়াইছে সহায়।

8. “বাল্য বিবাহ কেতিয়াও গ্ৰহণযোগ্য নহয়, কিন্তু যোৰ কৰি আইন এখন জাপি দিলেও সামাজিক ব্যাধি কেতিয়াও শেষ নহয়”।
বাল্য বিবাহক লৈ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ।

9. কাইলৈৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন।
চিমেন চাপৰিৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশ।
প্ৰতিকূল বতৰকো নেওচি ভক্তৰ সমাগম অধিৱেশনস্থলীলৈ।
ভকতৰ বাবে সাজু কৰা হৈছে শ শ প্ৰতিনিধি শিবিৰ।

10. গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভাৰোত্তোলন প্ৰতিযোগিতা।
প্ৰায় ২৪ খন মহাবিদ্যালয়ৰ ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
পুৰুষ-মহিলা ৭টাকৈ বিভাগত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা
পুৰণিগুদামৰ ড৹ বি.কে.বি. কলেজত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।

11. আজিৰে পৰা অসমৰ ৬টা আকাশী পথত হেলিকপ্টাৰ সেৱা।
পৱনহংসই আৰম্ভ কৰিলে এই হেলিকপ্টাৰ সেৱা।
হেলিকপ্টাৰ চলিল ডিব্ৰুগড়-যোৰহাটৰ মাজত।
যোৰহাটৰ পৰা হেলিকপ্টাৰ উৰিব তেজপুৰলৈ।

12. ৰাজ্যত অব্যাহত বাল্য বিবাহবিৰোধী অভিযান।
আজি পুনৰ ১০ অভিযুক্তক আটক কৰে ৰহা আৰক্ষী এ।
ৰহাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আটক কৰে।

13. বুঢ়া চাপৰি অভয়াৰণ্যত চলিব উচ্ছেদ অভিযান।
অভয়াৰণ্যখনৰ চৰচাপৰি এলেকাৰ ছাত্র-ছাত্রীৰ মাজত হাহাকাৰ।
আজিৰে পৰা বন্ধ হ’ল গাভৰু শিক্ষাখণ্ডৰ ৭খনকৈ বিদ্যালয়।
ইতিমধ্যে শিক্ষা বিভাগে প্রেৰণ কৰিছে জাননী।

14. অখিল গগৈৰ বিৰুদ্ধে পুনৰ গোচৰ চলিব NIAৰ ৷
২৩ ফেব্ৰুৱাৰীত NIAৰ আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ৷
বিতু, মানস, ধৈৰ্যৰ বিৰুদ্ধেও চলিব NIAৰ গোচৰ৷

15. অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা ন্যায়ালয়ৰ।
২০১৭ চনলৈকে নিযুক্তি বঞ্চিত প্ৰাৰ্থীক নিযুক্তিৰ নিৰ্দেশ।
ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
অনুকম্পামূলক নিযুক্তি বাতিল কৰিছিল ৰাজ্য চৰকাৰে।
২০১৫ চনত নিযুক্তি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।
ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ১৭ গৰাকী বঞ্চিত প্ৰাৰ্থী।
দীৰ্ঘদিনৰ শুনানিৰ অন্তত চৰকাৰক সিদ্ধান্ত পুনৰ বিবেচনাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

16. কাজিয়াৰ পিছত পদবীৰ ব্যৱহাৰ কৰি কনিষ্টবলৰ দৰমহা বৃদ্ধি বন্ধ কৰি ৰাখিছিল উচ্চপদস্থ বিষয়াই।
যাৰ বাবেই লাঠিৰে মৰিয়াই নিজৰে জ্যেষ্ঠ বিষয়াক হত্যা কৰিলে এজন ৰে’লৱে কনিষ্টবলে।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেৰ কল্যাণস্থিত আৰ পি এফৰ মুখ্য কাৰ্যালয়ত।
আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী ৰে’লৱে কনিষ্টবল পংকজ যাদৱ (৪০)ক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাইছে।

17. উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ নগৰত ভয়ংকৰ দুৰ্ঘটনা।
পথৰ দাঁতিত ৰৈ থকা ৭ জনকৈ শ্ৰমিকক তীব্ৰবেগী বাছে মহটিয়াই ।
ঘটনাত ৪ জনৰ মৃত্যু হয়।
আহত হয় আন ৩ জন লোক।
বৰ্তমান আৰক্ষীয়ে বাছখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

18. বাল্যবিৱাহৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান অব্যাহত।
এই পৰ্যন্ত ৪১৩৫ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে ২৭৬৩জন অভিযুক্তক।

19. অৰুণাচলত বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপাল ।
মেচুকাত সোণম লোছাৰ উৎসৱত অংশগ্ৰহণ অভিনেতাজনে।
‘ইয়াত হ’ব লাগে এখন সেউজ ফিল্ম চিটী।
সময় পালে মই ইয়ালৈ দীঘলীয়া চুটিত আহিম’ বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে।

20. বিধায়ক আশ্ৰাফুল হুছেইনৰ কেনেকৈ ভুল হ’ব পাৰে।
MLA হোষ্টেলৰ আবাসলৈ ছোৱালীজনী এজন ৱৰ্কাৰেহে আনিছিল।
সমষ্টিৰ ছোৱালীজনী অনা সন্দৰ্ভত আশ্ৰাফুলে একো গমে পোৱা নাছিল।
বিজেপিৰ কোনো ইছ্যু নাই বাবে আশ্ৰাফুলক মাজত সাঙুৰি লৈছে বুলি মন্তব্য কৰে কৰিমুদ্দিন বৰভূঞাই।

Mising Autonomous Council
Mising Autonomous Council.

 

Leave a Reply

Your email address will not be published. Required fields are marked *