৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam February 17/2023:-
1. ৰাজ্যিক নিচামুক্ত আৰু নিষেধাজ্ঞা আয়োগ তথা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যােগত কামৰূপ মে’ট্ৰৰ পামহিত নিৰ্মাণ হোৱা “DE-ADDICTION CUM REHABILITATION CENTRE” ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । “কেন্দ্ৰটিয়ে এখন নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত নিশ্চিত ভাৱে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব” বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্যিক নিচামুক্ত আৰু নিষেধাজ্ঞা আয়োগৰ অধ্যক্ষা মৃদূলা বৰকাকতি, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, অসম আৰক্ষীৰ পশ্চিম গুৱাহাটীৰ ADCP কাকলী বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।
2. বাল্যবিৱাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অভিযান অব্যাহত।
বাল্যবিৱাহৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ জৰিয়তে প্ৰকাশ কৰে-
‘বাল্যবিৱাহৰ বিৰুদ্ধে ৰাজ্যত ৰুজু হৈছে ৪২৩৫টা গোচৰ ।
বাল্যবিৱাহৰ অপৰাধত মুঠ অভিযুক্ত ৬৭০৭ জন, গ্ৰেপ্তাৰ কৰা হৈছে ৩০৪৭জনক’।
3. ৰাজনীতিৰ পথাৰত খোজ অভিনেত্ৰী জুপিতৰা ভূঞাৰ৷
অভিনেত্ৰী জুপিতৰা ভূঞাই যোগদান কৰিলে TMCত৷
জয়ানগৰস্থিত TMCৰ কাৰ্যালয়ত TMCৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে৷
4. অসমত প্ৰথমবাৰৰ বাবে IPL অনুষ্ঠিত হব।
৮ আৰু ১০ এপ্ৰিলত দুখন খেল হ’ব বৰ্ষাপাৰাত৷
মাৰ্চত বৰ্ষাপাৰালৈ আহিব ৰাজস্থান ৰয়েলছৰ দল৷
ৰাজস্থান ৰয়েলছে এসপ্তাহৰ বাবে অনুশীলন কৰিব বৰ্ষাপাৰাত।
ঘোষণা ACAৰ সভাপতি তৰংগ গগৈৰ৷
5. খুমটাইত আন্তঃগাঁও পৰিচ্ছন্নতা প্ৰতিযোগিতা৷
জিলা পৰিষদ এলেকা ভিত্তিত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা৷
বিধায়ক মৃণাল শইকীয়াই ৰহঢলা পথাৰত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি সকলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই৷
6. সৰুপথাৰত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা।
স্বৰ্ণকন্যা নয়নমণি শইকীয়া আৰু লাভলিনা বৰগোহাঁইৰ বাসগৃহত উপস্থিত সভানেত্ৰীগৰাকী ।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনকো প্ৰশংসা আঙুৰলতা ডেকাৰ।
7. অৱশেষত পদত্যাগ কৰিলে টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাই।
BCCIৰ সচিব জয় শ্বাহলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।
উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলৰ বহু সদস্যৰ একাধিক গোপন তথ্য প্ৰকাশ কৰাক লৈ বিতৰ্কত সোমাই পৰিছিল চেতন শৰ্মা।
8. খেলো ইণ্ডিয়াত য়ুথ গেমছত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ধেমাজিৰ পঞ্চমী সোণোৱালে৷
মহাৰাষ্ট্ৰৰ ভূপালৰ ইন্দোৰত যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া য়ুথ গেমছ৷
এই প্ৰতিযোগিতাত ধেমাজিৰ বাটঘৰীয়া আমুলগুৰিৰ পঞ্চমী সোণোৱালে ৪৯ কেজিত ভাৰত্তোলন প্ৰতিযোগিতাত অসমৰ হৈ সোণৰ পদক বুটলিবলৈ সক্ষম হয় ৷
9. APPSC পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ CBI তদন্তৰ দাবীত অটল প্ৰতিবাদকাৰী।
১২ ঘণ্টীয়া অৰুণাচল বন্ধত ইটানগৰৰ ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
ছেভ অৰুণাচল, ফুলফিল আৱাৰ ডিমাণ্ডছ শ্লোগানেৰে উত্তাল পৰিৱেশ।
10. বুঢ়াচাপৰিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী৷
বনভূমিৰ বাহিৰে ৰাজহ গাঁৱত উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ৷
প্ৰশাসনলৈ নিৰ্দেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷
কেৱল অভয়াৰণ্যৰ ভূমিতহে উচ্ছেদ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে৷
11. সংখ্যালঘু নেতা আবুবক্কৰ ছিদ্দিকক আটক কৰা হয়।
উচ্ছেদিত লোকক উচতনি দিয়াৰ অপৰাধত জুৰীয়া আৰক্ষীয়ে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবুবক্কৰক কৰায়ত্ত কৰি গতাই দিয়ে লাওখোৱা-বুঢ়াচাপৰি আৰক্ষীক।
12. জুৰীয়াৰ দগাঁৱত কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ।
CRPFৰ সহযোগত চলোৱা অভিযানত ১টা চাবোনৰ বাকচভৰ্তি ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ব্যৱসায়ী হিফজুৰ ইছলামক।
দীৰ্ঘদিনৰ পৰা হিফজুৰে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।
13. যোৰহাটৰ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড৷
২০০খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়৷
অগ্নিনিৰ্বাপক বাহিনী জুই নিৰ্বাপণ কৰে।
14. হাইলাকান্দিত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৪ হাজাৰ ২০০টা নিচাজাতীয় টেবলেট।
গ্ৰেপ্তাৰ হৈছে যুৱৰাজ পাণ্ডে, জাহিদ হুছেইন লস্কৰ নামৰ দুজন লোক।
15. কামৰূপ জিলাৰ বৰভিটাত ভয়ংকৰ ৰ্দুঘটনা ।
ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় টপাৰ পথাৰ চৰৰ ফৈজুদ্দিন নামৰ যুৱকজন।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখনৰ চালকজনে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰে।
16. সাতগাঁও থানাত ভয়ংকৰ ঘটনা ।
থানাৰ পৰা পলায়ন কৰে শ্বাহ আলম তালুকদাৰে।
ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল শ্বাহ আলম।
17. কাইলৈ মুকলি হ’ব নলবাৰীত নিৰ্মিত সু-উচ্চ শিৱ মুৰ্ত্তি।
শিৱ ৰাত্ৰীৰ দিনটোতে আনুষ্ঠানিক ভাবে মুকলি হ’ব ৯১ ফুট উচ্চতাৰ শিৱ মুৰ্ত্তি।
প্ৰায় ৪০ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ভগৱান শিৱৰ মুৰ্ত্তিটো।
18. শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত আজিৰে পৰা অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি উৎসৱ।
পাঁচদিনীয়া কাৰ্যসূচীৰে শিৱদ’লত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি।
লগতে আন্তৰাষ্ট্ৰীয় শিৱ মহোৎসৱো আয়োজন কৰা হৈছে।
19. ‘ওকণিৰ ভয়ত আমি চুলি নোখোৰাও’।
নুৰুল হুদা কোন? তেওঁলোকে আমাক ৰাখিব নোৱাৰে। উচ্ছেদ হ’বই”- মন্তব্য পীয়ূষ হাজৰিকাৰ।
20. ধেমাজি জিলাৰ জোনাইৰ তেলাম লখিপথাৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
লিগাং চাই বাইকেৰে নিজ ঘৰলৈ বুলি উভতি অহাৰ সময়ত একেটা পৰিয়ালৰ পিতৃ-মাতৃৰ লগতে এটি ৮ বছৰীয়া কন্যা নিহত হয়।
জানিব পৰা মতে, বিপৰীত দিশৰ পৰা অহা এখন ছুইফ্ট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এখন মটৰ চাইকেল, স্কুটী আৰু এজন চাইকেল আৰোহীক মহতিয়াই লৈ যায়।
ইতিমধ্যে ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।