৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com , Assam , March 1/2023:- 

1. ‘মিছন ফ্লাড ফ্ৰী’ৰ কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।
হেলিকপ্টাৰৰে দীপৰবিল, ভৰলু, মৰা ভৰলু, বশিষ্ঠ, বাহিনী নদীৰ এৰিয়েল ছাৰ্ভে নগৰ পৰিদৰ্শন কৰে গুৱাহাটী উন্নয়ন মন্ত্ৰীগৰাকীয়ে।

2. উদ্যোগপতি মুকেশ আম্বানিলৈ Z Plus নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ।
ভাৰতৰ লগতে বিদেশতো থাকিব আম্বানিৰ Z Plus নিৰাপত্তা।
উদ্যোগপতি গৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে।

3. ৰাজ্যত নিষিদ্ধ হ’ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ।
বহিঃৰাজ্যৰ গামোচা, মেখেলা-চাদৰ বিক্ৰীত নিষেধাজ্ঞা।
সংশ্লিষ্ট বিভাগক আজিৰে পৰা কাৰ্যকৰী কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
কেন্দ্ৰৰ ১৯৮৫ৰ হস্ততাঁত আৰক্ষণ আইন অনুসৰি এই নিষেধাজ্ঞা।
চৰকাৰৰ এই পদক্ষেপত উৎফুল্লিত শিপিনী সকল।

4. আজিৰে পৰা গুৱাহাটীত পৰিবহণ বিভাগৰ অপাৰেশ্যন ‘ছাৰখাৰ-২’।
কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহণ বিভাগ।
ব্লেক লিষ্টেড হ’ব বহিঃৰাজ্যৰ পঞ্জীয়নভুক্ত বাহনসমূহ।

5. ‘সকলো ঠাইতে পৰীক্ষা সুকলমে অনুষ্ঠিত হৈছে।
প্ৰশ্নকাকত ফাদিলৰ বিষয়ে অৱগত নহয় শিক্ষামন্ত্ৰী।
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কোনো প্ৰতিবেদন পোৱা নাই বুলি মন্তব্য কৰে ডাঃ ৰণোজ পেগুৱে।

6. পুনৰ বৃদ্ধি LPG চিলিণ্ডাৰৰ দাম।
হোলীৰ প্ৰাকমুহূৰ্তত ঘৰুৱা, বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি।
আজিৰ পৰা ১,১০৩ টকা মূল্যত উপলব্ধ হ’ব প্ৰতিটো চিলিণ্ডাৰ।

7. আজি জাগীৰোড কলামন্দিৰ প্ৰাঙ্গণত “লোকসভা প্ৰবাস যোজনা”ৰ অধীনত ভাৰতীয় জনতা পাৰ্টিৰ এক সাংগঠনিক সভা অনুষ্টিত হয়।
উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয়।
সভাত উপস্থিত থাকে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু, মন্ত্ৰী পীযুষ হাজৰিকা, অশোক ভট্ট ৰায়, প্ৰবিন মেধী, মেঘনা হাজৰিকা, কল্যাণ গগৈ, প্ৰদ্যূৎ পল শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।

8. “গাঁৱতহে আছে জীৱনৰ প্ৰকৃত মাদকতা।
আগন্তুক নিৰ্বাচনত নগাঁও সমষ্টি দখল কৰিব বিজেপিয়ে।
ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত বিজেপি দলে চৰকাৰ গঠন কৰাটো নিশ্চিত” বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ।

9. চাইবাৰ অপৰাধৰ বিৰুদ্ধে তীব্ৰ অভিযান মৰিগাঁও আৰক্ষীৰ।
অভিযানত আটক চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড আশ্ৰাফুল ইছলাম।
মৃত ব্যক্তিৰ ছিমকাৰ্ডৰো ব্যৱসায় আশ্ৰাফুল ইছলামৰ।
আশ্ৰাফুলৰ পৰা ছিমকাৰ্ড লৈ গুজৰাটতো সংঘটিত হয় চাইবাৰ অপৰাধ।

10. কাছাৰৰ সোনাইত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰা হৈছে।
জব্দকৃত হেৰ’ইনৰ পৰিমাণ প্ৰায় ৩ কেজি।
দুই সৰবৰাহকাৰী নজৰুল হক আৰু একলাছ উদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
কচুধৰমত আৰক্ষীৰ অভিযানত জব্দ হয় হেৰ’ইনখিনি।

12. নামৰূপ আৰক্ষী, যোগান বিভাগ, আবকাৰী বিভাগৰ অভিযান।
নামৰূপত অবৈধ লালিগুৰ জব্দ কৰা হয়।
নামৰূপ আৰক্ষীয়ে দৈনিক বজাৰৰ পৰা জব্দ কৰে ২২ টা লালিগুৰৰ পেকেট ।

13. যোৰাবাটত জব্দ কৰা হৈছে চোৰাং গৰুভৰ্তি ট্রাক।
ট্রাকখনৰ পৰা জব্দ কৰা হয় ২১টাকৈ গৰু।
বাইহাটাৰ পৰা মেঘালয়লৈ নিয়াৰ সময়তেই আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।

14. কাছাৰত কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে।
আৰক্ষীয়ে ২ কেজি হেৰ’ইন ,৬০৪ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে।
ড্ৰাগছ সৰবৰাহত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

15. বকোৰ কালাতলীত চাঞ্চল্য।
কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষক গ্ৰেপ্তাৰ ।
চাকৰি জীৱনৰ অন্তিম দিনাই গ্ৰেপ্তাৰ হয় অধ্যক্ষগৰাকী।
এগৰাকী ছাত্ৰীৰ আত্মসননক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষগৰাকীক।

16. ছাত্ৰীক যৌন উৎপীড়ন চলাই ৪ মাহ ধৰি পলাতক হৈ অৱশেষত গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষক।
প্ৰধান শিক্ষক গৰাকীৰ নাম ব্ৰজেন শইকীয়া।
পঞ্চম শ্ৰেণীৰ ছাত্ৰীক আছুতীয়াকৈ মাতি নি অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ।
চিচিবৰগাঁও আৰক্ষী চকীত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নাৰায়ণপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষকজনক।

17. পুনৰ বিতৰ্কত জুবিন গাৰ্গ।
জুবিন গাৰ্গ গ’ বেক ধ্বনিৰে উত্তাল শিৱসাগৰ।
শিৱসাগৰত সুৰাৰ ৰাগীত মাতাল হৈ গীত পৰিবেশন কৰাৰ পৰা বিৰত থাকিল শিল্পী গৰাকী।
‘হাৰ্টথ্ৰৱ বুলিয়েই মানুহক এনেকে ঠগিব নোৱাৰিব।
জুবিন গাৰ্গৰ চিনেমা বৰ্জন কৰিব লাগে বুলি উত্তাল পৰিবেশনস্থলি।

18. যোগীঘোপাত ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক।
যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰা আটক কৰে মোস্তাফিজুৰ ৰহমানক।
ভিডিঅ প্ৰস্তুত কৰোতে শিশুক আইনবিৰুদ্ধভাবে ব্যৱহাৰ কৰাৰ অভিযোগত আটক কৰে ইউটিবাৰ জনক।

19. অষ্ট্ৰেলিয়াত ভাৰতীয় যুৱকক গুলীয়াই হত্যা।
মৃত যুৱকজন তামিলনাডুৰ ৰহমতুল্লাহ চৈয়দ আহমদ বুলি চিনাক্ত কৰা হয়।
অষ্ট্ৰেলিয়া আৰক্ষীয়ে গুলীয়াই হত্যা কৰে যুৱকজনক।
এজন চাফাই কৰ্মীক ছুৰীৰে আক্ৰমণৰ অভিযোগ আৰু আৰক্ষীকো আক্ৰমনৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে।

20. ৰাজ্যত পুনৰ বোৱাৰীয়ে হত্যা কৰিলে শাহুক।
ভৰি-ডিঙিত ৰছীৰে বান্ধি কম্বেলেৰে মেৰিয়াই হত্যা।
নিহত মহিলা গৰাকীৰ নাম জমেলা ভানুক।
সৰুক্ষেত্ৰীৰ কমলাবাৰী গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা।
ঘটনাস্থলিত আৰক্ষী উপস্থিত হয়।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *