নিমপাতৰ ঔষধী গুণ আৰু উপকাৰীতা।

নিমপাত আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।
অকল পাতেই নহয় ডাল, ৰস, শিপা সকলোবোৰ উপকাৰী।
নিমপাতে আমাৰ দেহৰ বহু বেমাৰ নাশ কৰে।
নিমপাতৰ বৈজ্ঞানিক নাম হৈছে Azadirachta indica.
জানো আহক নিমপাতত কি কি ঔষধী গুণ আছে-
ক) নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা বন্ধ হয়।
খ) নিমৰ গুটি বা পাত খালে কৃ্মি,বাত, অর্শ, কুষ্ঠ বাতৰক্ত আৰু প্রমেহ ৰোগ নিৰাময় হয়।
গ) চকুত চানি পৰা ৰোগ হ’লে মহানিমৰ পাত ৰস গৰুৰ গাখীৰৰ লগত মিহলাই খালে সুফল পোৱা যায়।
ঘ) নিমতেল গাত ঘঁহিলে গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়।
ঙ) তেজ বমি হ’লে বা বদহজম হৈ বমি হ’লে নিম পাতৰ ৰস খালে বন্ধ হয়।
চ) যকৃতৰ বিভিন্ন ৰোগত নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ সুফল পোৱা যায়।
ছ) মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।
জ) নিম পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি ।
ঝ) নিমৰ কোমল পাতৰ গুড়ি গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।
ঞ) জণ্ডিছ আৰু বহুমূত্র ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায়।
গতিকে নিমপাত ব্যৱহাৰ কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24