৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ

Spread the love

Rnewsindia24.com , Assam, March 12/2023:-

1. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে বাংগালুৰু মহীশূৰ এক্সপ্ৰেছ ৱে৷
৮,৪৮০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈছে প্ৰকল্পটো৷
এতিয়াৰে পৰা ৩ ঘণ্টাৰ পৰিৱৰ্তে মাত্ৰ ৭৫ মিনিটতে বাংগালুৰুৰ পৰা মহীশূৰ যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে৷

2. কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।
৬,৭ এপ্ৰিলত হস্তী মহোৎসৱত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে।

3. লাভলীনা বৰগোহাঁইলৈ বীৰাংগনা মূলাগাভৰু বঁটা।
টাই আহোম যুৱ পৰিষদ অসমৰ এই বঁটা ঘোষণা।
টাইপাৰ বিজয়পন্থী গোটৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা।
২৯-৩০ এপ্ৰিলত সোণাৰিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস।
এই দিৱসতে আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীক প্ৰদান কৰা হ’ব বঁটা।

4. সেউজীয়া ক’ৰ্টলৈ সোণোৱালী যাত্ৰা দুলীয়াজানৰ উদীয়মান খেলুৱৈ উদিত গগৈৰ।
লন টেনিছত জুনিয়ৰ শাখাত উইম্বলডনত আজুৰি আনিলে স্বৰ্ণ পদক।
খেলুৱৈগৰাকীৰ বিশ্ব জয়ৰ স্বপ্নক আগুৱাই নিবলৈ ৰাজ্য চৰকাৰৰ লগতে ভাৰত চৰকাৰলৈ সহায়ৰ আহ্বান মাতৃৰ।

5. উত্তৰ-পূবৰ কৃষ্টি-সংস্কৃতিৰে জীপাল AJYCPৰ প্ৰতিষ্ঠা দিৱস।
কলাক্ষেত্ৰত প্ৰতিষ্ঠা দিৱস, ন-পুৰণি সতীৰ্থ সন্মিলন।
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, দীপলিনা ডেকা, বৰ্ণালী কলিতা আৰু ভ্ৰান্তি মেধিয়ে।

6. বোকাজান আৰক্ষীৰ অভিযান।
বোকাজানৰ খটখটিত ২৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে।
এখন বলেৰ’ৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হৈছে ড্ৰাগছভৰ্তি ৩৯০টা চাবোনৰ বাকচ।

7. গুৱাহাটীত উপস্থিত SAI20ৰ প্ৰতিনিধিৰ দল।
বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি ১৯গৰাকী প্ৰতিনিধিক।
সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব SAI20 বৈঠক।

8. চাৰি দিনৰ অন্তত উদ্ধাৰ কৰা হল লখিমপুৰৰ পানীগাঁৱৰ নিৰুদিষ্ট যুৱকৰ মৃতদেহ।
হোলীৰ দিনটোত সোৱণশিৰী নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল পানীগাঁৱৰ যুৱক মানস প্ৰতিম শইকীয়া।

9. “জেউৰা ভাঙি বাৰীত সোমালে ফৰমুতি মাৰিবই।
মহিলাৰ ওপৰত অত্যাচাৰ হওঁতে পাণ্ডৱে বহি চাই থকা নাছিল।
৪০ শতাংশ বিধায়কে বিধানসভালৈ ঘূৰি নাহে ময়ো হাৰিছিলো”- মন্তব্য ভূপেন বৰাৰ।

10. অসম-মেঘালয় সীমান্তৰ বকোৰ গাৰোজানত চেপা উত্তেজনা।
অসমৰ বাসিন্দাৰ তামোলৰ বাৰী তহিলং মেঘালয় দুৰ্বৃত্তৰ।
গাৰোজানৰ আশা মাৰাকৰ তামোলৰ বাৰী ক্ষতি কৰে দুৰ্বৃত্তই।
মেঘালয়ৰ দুৰ্বৃত্তৰ কাণ্ডৰ পিছতে সীমান্ত অঞ্চলটোত উত্তেজনা।

11. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙত বন্যপ্ৰাণী সংৰক্ষণৰ সজাগতাৰে মুকলি ‘কাৰ্বি এথেনিক হাট’৷
কাজিৰঙাৰ কহঁৰাত শনিবাৰে মুকলি কৰা হয় কাৰ্বি জনগোষ্ঠীৰ লোক সকলৰ হস্তশিল্পৰ বিপনিখন।

12. উলুবাৰীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ।
সাংসদ কুইন ওজাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী।
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।

13. আপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল।
অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ সন্দৰ্ভত সংবাদমেল।
২ এপ্ৰিলত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।

14. লামডিং ৰে’লৱে জংচনত মৃতদেহ উদ্ধাৰ কৰা হৈছে।
জংচনৰ ভিতৰৰ উচ্চ শ্রেণীৰ জিৰণী কোঠাত উদ্ধাৰ হয় মৃতদেহটো।
মৃতদেহটো ৰে’ল কৰ্মচাৰী কাঞ্চন পাণ্ডেৰ বুলি চিনাক্ত কৰা হৈছে।

15. মহানগৰীৰ পাণবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী ডাম্পাৰৰ খুন্দা আন এখন ডাম্পাৰত।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখন।

16. যোৰাবাটত জব্দ কৰা হৈছে চোৰাং গৰুভৰ্তি ট্রাক।
তিনিচুকীয়াৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়তে জব্দ কৰে
ট্রাকসহ ১৩টা চোৰাং গৰু ।
আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক গৰাকীক।

17. ঢকুৱাখনাত ভয়াৱহ পথ দুৰ্ঘটনা।
তীব্রবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় এটি শিশু।
শিশুটিৰ নাম হৈছে পঞ্চম শ্ৰেণীত অধ্যয়নৰত পংকজ দাস।

18. মঙলদৈত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্রাগছসহ দুই সৰবৰাহকাৰীক।
জব্দ কৰিছে ৭৬ টা ড্ৰাগছভৰ্টি কনট্ৰেইনাৰৰ লগতে এখন বাইক।

19. ৫ মে’ত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ‘SLAMBOOK’।
ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে৷
প্ৰচাৰ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে।

20. উত্তৰ প্ৰদেশৰ কানপুৰৰ ডেহাটত হৃদয় বিদাৰক ঘটনা।
নিশা শুই থকা সময়তে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হল পিতৃ মাতৃৰ লগতে তিনি সন্তানে।
বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *