3. বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ তথা লেখক আনন্দচন্দ্ৰ নাথৰ দেহাৱসান।
স্ব-গৃহত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।
শ্ৰীমন্ত শংকৰদেৱ সংঘকে ধৰি বিভিন্ন অনুষ্ঠানত জড়িত আছিল আনন্দচন্দ্ৰ নাথ।
7. বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী বামুণ গাঁও পাহাৰত উদ্ধাৰ কৰা হৈছে এজন লোকৰ মৃতদেহ।
প্ৰায় ৮ মাহ ধৰি সন্ধানহীন হৈ আছিল।
শেষত ডুমেৰগুৰী তৃতীয় খণ্ডৰ নিৱাসী হাফিছ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।
ডুমেৰগুৰি এম আৰ এম হাইস্কুলৰ শিক্ষক হিচাপে কৰ্মৰত হাফিছ উদ্দিনক হত্যাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
8. শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিহুৰ বিশেষ কৰ্মশালা।
কর্মশালাখনত প্ৰশিক্ষকৰূপে অংশগ্রহণ শিল্পী মাধুৰীমা চৌধুৰী এ।
৫ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ আয়োজন হৈছে এই কর্মশালা।
11. ডুমডুমা মহাবিদ্যালয়ৰ অধ্যাপক ড° আজিবুৰ ৰহমানলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান।
মালয়েছিয়াৰ চেলাংগৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দুটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
২২ ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই অনুষ্ঠান।
14. দক্ষিণ-পশ্চিম দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত ভয়ংকৰ ঘটনা।
বাটৰ কুকুৰৰ আক্ৰমণত দুদিনৰ ভিতৰত অকাল মৃত্যুক সাৱটিলে দুই কণমানি ভাতৃয়ে।
জ্যেষ্ঠ ভাতৃৰ কুকুৰৰ আক্ৰমণত মৃত্যু ঘটাৰ দুদিন পিছতে মৃত্যু ঘটে কনিষ্ঠজনৰো।
নিহত কণমানি ভাতৃদ্বয়ক- আনন্দ আৰু আদিত্য বুলি চিনাক্ত কৰা হৈছে।
15. বিয়াৰ ৬ মাহ পিছতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’লে এহাল দম্পতীয়ে।
এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ ত্ৰিচি জিলাত।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।