৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam March 17/2023:-
1. আজি ঘোষণা হ’ল খুমটাই সমষ্টিত অনুষ্ঠিত হোৱা আন্তঃগাঁও আৰু আন্তঃচাহ বাগিচাৰ ফলাফল।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰে।
“কেৱল খুমটায়েই নহয়, অতি শীঘ্রে সমগ্র ৰাজ্যৰ জিলাসমূহৰ মাজতো অনুষ্ঠিত কৰা হ’ব স্বচ্ছতাৰ প্রতিযোগিতা” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
2. অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যৰ মডেল হাস্পতালসমূহত চিকিৎসক-নাৰ্ছকে ধৰি আন কৰ্মচাৰীৰ অভাৱৰ কথা বৰ্ণনা কৰিলে বিধায়কসকলে।
স্বাস্থ্য বিভাগৰ সমস্যা সমাধানৰ বাবে এইবাৰ স্বাস্থ্য উৎসৱ পতা হ’ব বুলি ঘোষণা কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই।
অসম চৰকাৰৰ বাজেটক ফাঁকিবাজ আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
“আমি বাজেটখনক ধিক্কাৰ দিছো”- মন্তব্য ৰিপুণ বৰাৰ।
3. বাতিল হোৱা মেট্ৰিকৰ MILৰ পৰীক্ষাৰ নতুন দিন ঘোষণা।
১ এপ্ৰিলত অনুষ্ঠিত হব MIL ৰ পৰীক্ষা।
ছেবা কৰ্তৃপক্ষই প্ৰকাশ কৰিলে নতুন সূচী।
4. অৱশেষত দোষমুক্ত হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।
গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা কৰে বৰ্ষাশ্ৰীক।
5. মে মাহৰ ভিতৰতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হব।
ঘোষনা ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ।
6. পুনৰ উৎকােচ লৈ ভিজিলেঞ্চৰ জালি পৰিল লাট মণ্ডল।
চিলিং মাটি মিয়াদি পট্টালৈ ৰূপান্তৰিত কৰাৰ অজুহাতত এজন লােকৰ পৰা উৎকোচ লোৱাৰ সময়তে ভিজিলেঞ্চৰ দলে হাতে-লােটে গ্ৰেপ্তাৰ কৰে লাটমণ্ডল জনক।
ধৃত লাটমণ্ডলজনৰ নাম টংকেশ্বৰ নাথ।
হাজাে ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত।
7. মহানগৰীত ভয়ংকৰ শিশু অপহৰণৰ ঘটনা।
খেলি থকা অৱস্থাতে গীটানগৰৰ পৰা অপহৃত হয় দুই শিশু৷
অপহৃত দুই শিশু হৈছে বিবেক কুমাৰ আৰু অজিত কুমাৰ।
বিহাৰৰ দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
8. ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ হল লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত এ।
এই ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত।
9. ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ।
শ শ পৰীক্ষাৰ্থী আৰু অভিভাৱকক লগত লৈ ডিব্ৰুগড় ছাত্ৰই শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।