৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam March 26/2023:-
1. প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ ‘মন কী বাত’ অনুষ্ঠান।
মন কী বাত’ত ভাৰ্ছুৱেলি অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
2. স্বৰ্ণ জয়ৰে ইতিহাস ৰচিলে লাভলীনা বৰগোহাঁয়ে।
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন লাভলীনাৰ।
৭৫ কিলো শাখাত মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন হ’ল লাভলীনা।
অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰক পৰাস্ত কৰি স্বৰ্ণিল ইতিহাস লাভলীনাৰ।
3. সামৰণি পৰিল USTMত অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মেঘালয়ৰ শিক্ষামন্ত্ৰী ৰাক্কাম এ চাংমা।
4. গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ছাত্ৰ দিৱস উপলক্ষ্যে বিশেষ কাৰ্যসূচী।
“২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰায় ৩.৫০ লাখ শিক্ষাৰ্থীয়ে পাব ১,৪৫০ টকাকৈ।
কিতাপ-বহী কিনাৰ বাবদ শিক্ষাৰ্থীসকলে পাব এই ধন।
১৬,৭৬৩গৰাকী শিক্ষাৰ্থীক হোষ্টেল খৰচৰ বাবদ চৰকাৰে দিব ৭,১৫৮ টকাকৈ”।
সংবাদমেলত এই মন্তব্য শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ।
5. আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস।
সমগ্ৰ ৰাজ্যৰ লগতে উৰিষ্যাৰ সম্বলপুৰস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধনা গৃহত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় মৃত্যু তিথি।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সম্বলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অজামবৰ মহান্তি আৰু বহু গণ্য মান্য ব্যক্তি।
6. গোলাঘাট জিলা মইনা পাৰিজাতৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ আজি অন্তিম দিন।
সমাৰোহত ৮ খন আঞ্চলিক মইনা পাৰিজাতৰ ৫ শতাধিক শিশুৱে অংশ গ্ৰহন কৰিছে।
গোলাঘাটৰ শেনছোৱাত অনুষ্ঠিত শিশু সমাৰোহ খনি উপলক্ষে উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা ।
7. সাধাৰণ সভাত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথৰ পদত্যাগ।
লগে লগে ভংগ হৈ পৰে প্ৰেছ ক্লাবৰ বৰ্তমানৰ সমিতিখন।
শীঘ্ৰে অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন।
10. টীয়কৰ শতবৰ্ষ গৰকা পৰ্বতীয়া গাঁৱৰ নামঘৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
নামঘৰৰ দ্বাৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানতো অংশ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
11. আজি অসম লোকসেৱা আয়োগৰ CCE 2022ৰ পৰীক্ষা।
পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি কৰিছে অসম আৰক্ষীয়ে।
পুৱা ১০ বজাৰ পৰা ১২ বজালৈ , ২ বজাৰ পৰা ৪ বজালৈ হয় পৰীক্ষা।
পৰীক্ষা সময়ত অনৈতিক কাৰ্য ৰোধৰ বাবে অসম আৰক্ষীৰ এই বিশেষ ব্যৱস্থা।
12. প্ৰথমবাৰলৈ অসমৰ ইতিহাসত অনুষ্ঠিত হ’ব এখন গাঁৱৰ সোণালী জয়ন্তী মহোৎসৱ।
অহা ৪, ৫ আৰু ৬ এপ্ৰিলত গহপুৰৰ নিগম গাঁৱৰ সোণালী জয়ন্তী মহোৎসৱ।
মহোৎসৱত অংশ ল’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
13. তিনিদিনীয়া ভ্ৰমণসূচীৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল।
২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাজনৈতিক দলৰে বৈঠক।
১ বজাৰ পৰা নাগৰিক প্ৰতিনিধি, সামাজিক সংগঠনৰে বৈঠকত মিলিত হ’ব।
২৮ মাৰ্চৰ বিয়লি সংবাদ মাধ্যমক সম্বোধন কৰিব মুখ্য নিৰ্বাচন আয়ুক্তই।
৫ এপ্ৰিলৰ পাছত প্ৰকাশ পাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা।
13. আজি মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত নামিব জিণ্টিমণি।
মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে অসমৰ জিণ্টিমণি কলিতাই।
মুম্বাই ইণ্ডিয়ানছ নামিব মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত।
সন্ধিয়া ৭.৩০ বজাত দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হয় মুম্বাই ইণ্ডিয়ানছত।
মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশৰ নিয়মীয়া খেলুৱৈ জিণ্টিমণি।
14. অৰুণাচলৰ ইটানগৰত বিধ্বংসী অগ্নিকাণ্ড।
আই জি পাৰ্কৰ ফৰেষ্ট কলনিত পুৱতি নিশা লাগে জুই।
জুইত জাহ যায় ৩০টাতকৈও অধিক বাসগৃহ।
15. অন্ত পৰিল ডিব্ৰুগড়ত দুদিনীয়াকৈ আয়োজিত জি-২০ সন্মিলন।
২০ খন সদস্য ৰাষ্ট্ৰৰ লগতে ৯ খন অতিথি দেশৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণ কৰা এই সন্মিলনত অন্তিম দিনা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নৈশ বিহাৰ আৰু নৈশ ভোজৰ আয়োজন কৰা হয়।
16. ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান দখল কৰি পৰৱৰ্তী সময়ত এগৰাকী সু চিকিৎসক হিচাপে প্ৰতিষ্ঠিত হোৱা ডা০ পাৰ্থপ্ৰতীম বেজবৰুৱাৰ অকাল মৃত্যু।
শনিবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা যুৱ চিকিৎসকজনে আজি হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।
যুৱকজনৰ মৃত্যুৱে তেওঁৰ জন্মভূমিৰ লগতে কৰ্মস্থলীত শোকৰ ছাঁ পেলাইছে।
17. অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু।
হোটেলৰ কোঠাত ৰহস্যজনক ভাৱে উদ্ধাৰ ভোজপুৰী অভিনেত্ৰী গৰাকীৰ মৃতদেহ।
18. বঙাইগাঁৱত সদৌ চাওতাল ছাত্ৰ সন্থাৰ ১৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।
জিলা পুথিভঁৰালত বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় এই অনুষ্ঠান।
19. এটা মাল্টিনেশ্যনেল ছফ্টৱেৰ কোম্পানীৰ ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মজীৱন আৰম্ভ কৰি অৱশেষত সেই কোম্পানীৰে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছে অসমৰ এগৰাকী যুৱক।
নাম তেওঁৰ আব্দুল আলিম।
ঘৰ বৰপেটা জিলাত।
২০১৩ চনত হাতত মাত্ৰ এহাজাৰ টকা লৈ চেন্নাইলৈ গৈছিল আব্দুল আলিমে।
আৰু তাৰ পিছতে তাত আৰম্ভ হৈছিল তেওঁৰ কঠিন যাত্ৰা।
20. মাজুলীৰ নলদোৱা গাঁৱত অঘটন।
পানী ভৰ্তি বাল্টিঙত সোমাই মৃত্যু হয় মায়াং কুলী নামৰ এটি ডেৰ বছৰীয়া কনমানিৰ।