অসম সাহিত্য সভাৰ আদৰণি গীতৰ ৰচক মিত্ৰদেৱ মহন্ত দেৱৰ জীৱনযাত্ৰাঃ
“চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই”।
মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১৩ জুন তাৰিখে যোৰহাটৰ সৰ্বাইবন্ধাত।
তেখেতৰ পিতৃৰ নাম আছিল নিৰঞ্জন দেৱগোস্বামী আৰু মাতৃৰ নাম আছিল বগীতৰা দেৱী।
তেখেতৰ সম্পূৰ্ণ নাম হৈছে- মিত্ৰদেৱ মহন্ত অধিকাৰী।
তেখেত অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা আছিল।
মিত্ৰদেৱ মহন্ত দেৱেই অসম সাহিত্য সভাৰ আদৰণি গীত “চিৰ চেনেহী মোৰ ভাষা জননী” ৰচনা কৰিছিল।
তেওঁ প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল যোৰহাটৰ হেজাৰী প্ৰাথমিক বিদ্যালয়ত।
প্ৰাথমিক শিক্ষা সাং কৰাৰ পাছত ১৯০৪ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত নামভৰ্ত্তি কৰে।
১৯১২ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত আই.এ শ্ৰেণীত নামভৰ্ত্তি কৰে।
১৯১৪ চনত সুখ্যাতিৰে আই .এ পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত সংস্কৃত বিষয়ত (অনাৰ্ছ)সহ বি.এ শ্ৰেণীত নামভৰ্ত্তি কৰে।
কিন্তু আৰ্থিক সমস্যাৰ বাবে কটন কলেজৰ শিক্ষা আধাতে সমাপ্ত কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে।
এই বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়তে ১৯২৫ চনত “ঢাকা বিশ্ববিদ্যালয়”ৰ পৰা এল.টি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হয়।
মহন্ত দেৱে কৰ্ম জীৱনৰ পাতনি মেলে ১৯১৫ চনৰ ৫ জানুৱাৰীত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত।
ইয়াৰ পিছত ১৯৩৭ চনত যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধীক্ষকৰ পদত যোগদান কৰে।
পিছলৈ ১৯৪৭ চনত গোলাঘাট চৰকাৰী হাইস্কুলত প্ৰধান শিক্ষকৰ পদ শুৱনি কৰে।
১৯৪৯ চনত গোলাঘাট গুৰু ট্ৰেইনিং স্কুলৰ অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰে আৰু সেই পদতেই ১৯৫০ চনত অৱসৰ গ্ৰহণ কৰে।
অৱসৰ গ্ৰহণৰ পিছত ধৰ্মীয় পৰম্পৰা অনুসৰি “লেটুগ্ৰাম সত্ৰ”ৰ সত্ৰাধিকাৰৰ নিৰ্মালি গ্ৰহণ কৰি সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে।
মিত্ৰদেৱ মহন্তই ১৯২০ চনত শিৱসাগৰ জিলাৰ ‘লক্ষ্মীপ্ৰিয়া দেৱীৰ’ লগত বৈবাহিক জীৱন আৰম্ভ কৰিছিল।
তেখেতে দুবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈছিল।
১৯৫৫ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সংগীত শাখাৰ সভাপতি হৈছিল।
১৯৬১ চনত অভিনয়ৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰয়াত ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা সংগীত নাটক একাডেমী বঁটা গ্ৰহণ কৰিছিল।
১৯৬৪ চনত অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।
১৯৭০ চনত “যোৰহাট প্ৰাথমিক শিক্ষা পৰিষদ”ৰ অধ্যক্ষ পদত নিযুক্ত হৈছিল।
১৯৮২ চনত অসম সাহিত্য সভাৰ দ্বাৰা “সাহিত্যাচাৰ্য” সন্মানেৰে বিভূষিত হৈছিল।
তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৈ থৈ গৈছে।
তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ সমূহ হৈছে- ব’হাগী বিহুৰ সুৱাগী নাম, জ্ঞান লহৰী, মৌ মহাভাৰত, বৈদেহী বিয়োগ, স্বৰ্গ নে মৰ্ত্য, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ, মইনা পাৰিজাত, টেঙৰী আইতা, চেনেহ জৰী, মিঠা ক খ, অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি ইত্যাদি।
১৯৮৩ চনৰ আজিৰ দিনটোতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায়ে আমাৰ ষ্মৰণীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta R News India 24