৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 7 / 2023 :-

1. কাজিৰঙাত গজ মহোৎসৱৰ মুকলি অনুষ্ঠান।
অনুষ্ঠানত অংশগ্ৰহন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
‘প্ৰকৃতিক সন্মান কৰাৰ সংস্কৃতি আমাৰ দেশৰ পৰিচয়৷
মানৱ সমাজৰ দৰে জীৱ-জন্তুকো আমি সন্মান কৰিব লাগে’- এই মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে।

2. ডিব্ৰুগড়ত যোগ মহোৎসৱ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বৰাকে ধৰি এই যোগ মহোৎসৱত উত্তৰ-পূবৰ কেইবাগৰাকী মন্ত্ৰী-সাংসদে অংশগ্ৰহন কৰে।

3. গুৱাহাটী উচ্চ ন্যায়ালয়ত মুকলি কৰা হ’ল ‘ভৰষা’ নামেৰে এটা এপ৷
মহিলাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে মুকলি কৰে এই এপটো৷

4. ২৪ গৰাকীৰ পৰা ৩০গৰাকীলৈ বৃদ্ধি হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা।
৫৯ হাজাৰতকৈ অধিক গোচৰ পেণ্ডিং হৈ আছে উচ্চ ন্যায়ালয়ত।
ন্যায়ালয়ৰ আন্তঃগাঠনি মজবুত কৰিবৰ বাবে সকলো প্ৰকাৰে সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে।
ঘোষণা মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

5. অশোক শৰ্মাই কৰা এক মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷
‘অশোক শৰ্মাই কাক উদ্দেশ্যে কৰি কৈছে নাজানো৷
চৰকাৰে দায়িত্ব সহকাৰে কাম কৰি আছে, এইক্ষেত্ৰত সভাপতিয়ে আলোচনা কৰিব’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

6. ৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত দুধনৈ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ।
সোণালী জয়ন্তী উদযাপনক লৈ ঐতিহ্যমণ্ডিত দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশ৷

7. অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ।
লিডুৰ কয়লাখনিত উদ্ধাৰ ৬ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা প্ৰাঞ্জলৰ মৃতদেহটো।
আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে চলা তীব্ৰতৰ অভিযানৰ পাছতে কয়লাখনিৰ সুৰংগৰ মাজত পুতি থোৱা অৱস্থাত প্ৰাঞ্জলৰ মৃতদেহ নিশা উদ্ধাৰ কৰে।

8. ষ্টাৰ চিমেণ্টৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাজেন্দ্ৰ চামৰিয়ালৈ ফৰ্বছ ইণ্ডিয়া লীডাৰশ্বিপ এৱাৰ্ড।
২০২৩ বৰ্ষৰ এই এৱাৰ্ডৰ অধীনত ‘আঞ্চলিক গোলিয়াথ’ বঁটা আগবঢ়োৱা হৈছে ৰাজেন্দ্ৰ চামৰিয়ালৈ।
ফৰ্বছ ইণ্ডিয়া লীডাৰশ্বিপ এৱাৰ্ডৰ অধীনত ১২টাকৈ কেটেগৰীত প্ৰদান কৰা হয় ২০২৩ বৰ্ষৰ বঁটা।
ষ্টাৰ চিমেণ্টৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালকজনৰ উপৰি ফৰ্বছ ইণ্ডিয়া লীডাৰশ্বিপ এৱাৰ্ডৰ অধীনত বঁটা লাভ কৰিছে আন কেইবাটাও প্ৰতিষ্ঠানৰ বিষয়াই।

9. হোটেল ৰেডিচন ব্লুত বিশেষ সংবাদমেল।
সংবাদমেল সম্বোধন কৰিছে সৌৰভ গাংগুলীয়ে ।
উপস্থিত থাকে ৰিকি পণ্টিং,ছেইন ৱাটছন আৰু বহু বিশিষ্ট ব্যক্তি।

10. অসমীয়াৰ স্বাভিমান গামোচা জ্বলোৱাক লৈ নাৰায়ণপুৰত উত্তেজনা৷
দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সচিব বীৰধন পাতিৰে সংঘটিত কৰে এই কাণ্ড৷
পঞ্চায়তৰ কামৰ মাজতে চৌহদত সচিবজনে জ্বলাইছিল গামোচা৷

11. ‘সমাধানৰ পথত অসম-অৰুণাচল সীমা বিবাদ৷
মাটিৰ ভাগ-বাটোৱাৰা কৰিব দুয়োখন ৰাজ্যই’৷
সীমান্তৰ চিজুচাত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

12. তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱ কলাক্ষেত্রত সমবায় মেলা।
অহা ১০-১২ এপ্ৰিললৈ চলিব এই মেলা।
সমবায় আন্দোলনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ লক্ষ্য চৰকাৰৰ।

13. ইনফিনিটি কাৰাটে একাডেমীৰ উদ্যোগত আৰু মেচ কাৰাটে গীল্ডৰ সহযোগত বাইহাটাত দুদিনীয়া প্ৰশিক্ষণ শিবিৰ।
মুখ্য প্ৰশিক্ষকৰূপে উপস্থিত থাকে কমনৱেল্থ আৰু সৰ্বভাৰতীয় বিশ্ববিদ্যালয়ৰ কাৰাটে চেম্পিয়নশ্বিপৰ সোণৰ পদক বিজয়ী চেনচাই চাংডো আবাব।

14. ‘ইমান দিনে চুপ-চাপ আছিলোঁ৷
সকলো ৰাইজে বিচাৰিছিল BTCৰ পৰিৱৰ্তন, পৰিৱৰ্তনৰ নামত BTC ধ্বংসহে কৰিব বিচাৰিছে’৷
বিজনীৰ পাণবাৰীৰ BPFৰ জনসভাত অংশ লৈ এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে৷

15. হোজাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ সংবাদমেল।
হোজাই আৰক্ষীয়ে জিলাখনত ড্ৰাগছ বিৰোধী অভিযান চলোৱা সন্দৰ্ভত আয়োজন কৰে এই সংবাদমেল।

16. বোকাজানৰ খটখটীত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে প্রায় ২ লক্ষাধিক টকাৰ গাঞ্জা সহ দুই সৰবৰাহকাৰী।
জব্দকৃত গাঞ্জাখিনিৰ ওজন ২০কেজি ৪৪ গ্ৰাম ।

17. দুলীয়াজানত অনুষ্ঠিত হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ চিজন-৩ৰ সামৰণি।
এই লীগত অসমৰ বিভিন্ন প্ৰান্তৰ ৩৯৩ টা দলৰ ৪২০০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ কৰিব।

18. গুৱাহাটীত উদ্ধাৰ কৰা হৈছে এগৰাকী অধিবক্তাৰ মৃতদেহ।
শুকুৰবাৰে ভেটাপাৰাৰ স্বৰ্ণলতা পথত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় অধিবক্তাগৰাকীৰ মৃতদেহ।
মৃতদেহটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কন্দৰ্প ওঝাৰ বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

19. আলফাৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত আলফাৰ শিৱিৰৰ পৰা পলায়ন কেডাৰৰ।
ম্যানমাৰ শিৱিৰৰ পৰা পলায়ন কৰি তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰজনে।
আত্মসমৰ্পণকাৰী কেডাৰ জনৰ নাম মিণ্টু মৰাণ ওৰফে মদন অসম বুলি জানিব পৰা গৈছে।
২০২১ৰ ছেপ্টেম্বৰতে আলফা স্বাধীনত যোগদান কৰিছিল মিণ্টু মৰাণে।

20. লতাশিল খেলপথাৰত ৪ দিনীয়াকৈ অনুষ্ঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী।
অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মা আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ।

Leave a Reply

Your email address will not be published. Required fields are marked *