৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 17/2023:- 

1. আজি ৩ ব’হাগ, তাঁতৰ বিহু।
পৰম্পৰা অনুসৰি আজিৰ দিনটোৰ পৰা অসমীয়া শিপিনীয়ে নতুন বছৰত তাঁতৰ বোৱা-কটাৰ কাম আৰম্ভ কৰে।
ৰাজ্যৰ বিভিন্ন ঠাইত এক ৰঙীণ পৰিৱেশৰ মাজত শিপিনীসকলৰ তাঁতৰ বিহু উদযাপন কৰে।

2. ‘মহিলাসকলে নিজৰ লগতে পৰিয়াল আৰু সমাজৰ হিতৰ বাবে কাম কৰিব পৰাকৈ শক্তিশালী হোৱা উচিত’৷
মহিলাসকলক শক্তিশালী হ’বলৈ প্ৰেৰণা আৰু উৎসাহ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে৷

3. প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে ত্ৰিপুৰাত বিদ্যালয় বন্ধৰ ঘোষণা।
১৮ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ বন্ধ থাকিব পাঠদান।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই টুইটযোগে ঘোষণা কৰিলে এই কথা।

4. প্ৰচণ্ড গৰমৰ বাবে মহাৰাষ্ট্ৰৰ এক অনুষ্ঠানত ১৩জনকৈ লোকৰ মৃত্যু।
নৱী মুম্বাইত ‘মহাৰাষ্ট্ৰ ভূষণ বঁটা’ প্ৰদান অনুষ্ঠানত এই অঘটন।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী একনাথ সিন্দে।

5. মে’ মাহত অসম ভ্ৰমণলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷
লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতিগৰাকী৷

6. এতিয়াৰে পৰা আৰক্ষীক লৈ থকা অভিযোগবোৰ ফোনযোগে জনাব পাৰিব৷
৬০২৬৯০৩৪৯০ নম্বৰত ফোন কৰিলেই লাভ কৰিব সুবিধা৷
DGP জি পি সিঙে মুকলি কৰিছে এই নম্বৰটো৷

7. কৰ্ণাটকৰ বিজেপি শিবিৰত আন এক মোক্ষম আঘাত।
প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেটাৰৰ কংগ্ৰেছত যোগদান।
সমাগত নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল শ্বেটাৰ।
দলৰ একাংশ জ্যেষ্ঠ নেতাৰ বেয়া ব্যৱহাৰ, উপহাসৰ বাবেই বিজেপিৰ পৰা পদত্যাগ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।

8. দুলীয়াজানত আছুৰ মুকলি বিহু।
দুলীয়া গাঁৱৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত কৰা হৈছে সপ্তদশ বাৰ্ষিক ৰঙালী উৎসৱ।
অনুষ্ঠানৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা৷

9. জ্যেষ্ঠ সাংবাদিক পুষ্প পাল সিঙৰ দেহাৱসান।
সংবাদ ক্ষেত্ৰৰ লগতে বিভিন্ন সামাজিক কামত ব্ৰতী আছিল পি পি সিং।
ৰক্তদান সম্পৰ্কে ব্যাপক প্ৰচাৰত জড়িত আছিল পি পি সিং।
উত্তৰ-পূব খালচা কেন্দ্ৰৰ সৈতেও জড়িত আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী।

10. APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কাট অফ মাৰ্ক প্ৰকাশ৷
বুধবাৰে ঘোষিত হৈছিল APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল৷
২৬মাৰ্চত অনুষ্ঠিত হৈছিল APSCৰ লিখিত পৰীক্ষা, ৯১৩টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা৷

11. নগাঁৱৰ বৰভেটিত অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানক আটক৷
জালনোটেৰে সামগ্ৰী ক্ৰয় কৰাৰ বাবে আটক কৰে জোৱানজনক৷
নিতৌ জালনোটৰে সামগ্ৰী ক্ৰয় কৰিছিল আব্দুল আলীয়ে৷
ৰাইজে আব্দুল আলীক হাতে-লোটে আটক কৰি গতাই দিয়ে আৰক্ষীক৷

12. মননশীল কবি বিদ্যুৎ বিকাশ ডেকাৰ কাব্য সংকলন ‘এলুমিনিয়ামৰ জোন’ উন্মোচন।
গ্ৰন্থখন উন্মোচন কৰে সাংবাদিক কৌশিক ডেকাই।
অনুষ্ঠানত উপস্থিত থাকে কবি নীলিম মহন্ত, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

13. দক্ষিণ শালমাৰাত অবৈধ সুৰাৰ বিৰুদ্ধে বিএছএফৰ অভিযান৷
মহামায়া চৰৰ পৰা ৪৯০টা বিলাতী সুৰাৰ বটল জব্দ কৰা হয়।
বাংলাদেশলৈ চালান দিয়া অৱস্থাতে বিএছএফে জব্দ কৰে৷
বিএছএফক দেখি পলায়ন কৰে অবৈধ সুৰাৰ বেপাৰীয়ে৷

14. অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ আজি ১৬সংখ্যক প্ৰতিষ্ঠা দিৱস।
খিলঞ্জীয়া জনগণলৈ শুভেচ্ছা জ্ঞাপন কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।
অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হাজাৰ বছৰীয়া অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ মহাসংঘই আইনী আৰু প্ৰয়োজন অনুসাৰে গণতান্ত্ৰিক আন্দোলন চলাই আহিছে ।
ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ (২০০৭) অসমত কাৰ্যকৰী কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰাটো মহাসংঘৰ প্ৰধান উদ্দেশ্য ।

15. নগাঁৱৰ কন্দলী কচুবস্তিত নৃশংস হত্যাকাণ্ড।
বাঁহেৰে মৰিয়াই মৰিয়াই পত্নীক হত্যা সুৰাপায়ী স্বামীৰ।
স্বামীৰ প্ৰহাৰত মৃত্যু হয় সবিকণ বসুমতাৰীৰ।
পাৰিবাৰিক কন্দলৰ ফলতেই সংঘটিত হয় এই হত্যাকাণ্ড।
হত্যাকাৰী স্বামী প্ৰদীপ বসুমতাৰীক আটক অৰে আৰক্ষীয়ে।

16. ইণ্ডো-নেপাল আন্তঃজাৰ্তিক য়ুথ গেম্‌ছ চেম্পিয়নশ্বীপত ভাৰতীয় হেণ্ডবল দলৰ সোণৰ পদক লাভ। ভাৰতীয় দলৰ খেলুৱৈ লীলাম্বৰ মৰাণ আৰু ৰক্তিম মৰাণক অসমত উষ্ম আদৰণি।

17. মুকালমুৱাৰ কান্ধবাৰীত নিশা পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দুচকীয়া বাহন দুৰ্ঘটনাত পতিত।
দুৰ্ঘটনাটোত নিহত হয় বিপ্লৱ মেধি নামৰ এজন আৰোহী।

18. মণিপুৰ পৰ্যটন নিগমৰ অধ্যক্ষ পদ ত্যাগ বিজেপি বিধায়ক কৰম শ্যামৰ৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নংঠমবাম বীৰেন সিঙলৈ পত্ৰ প্ৰেৰণ কৰি পৰ্যটন নিগমৰ কোনো দায়িত্ব দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে কৰম শ্যামে৷

19. ”২৪ৰ লোকসভা নিৰ্বাচনলৈ আমি সাজু৷
১২+ আসন আমাৰ থাকিব, ৩০০+ আসন লৈ আকৌ বিজেপি চৰকাৰ হ’ব বুলি মন্তব্য কৰে ভৱেশ কলিতাই৷

20. নিশা ১টা বজাৰ পিছত জুবিনে প্ৰগ্ৰেম নকৰে!
‘দেউতাই কৈ পঠিয়াইছে, আজিকালি সেইকাৰণে নকৰো।’
মই অকল দেউতাৰ মতে চলো- মন্তব্য জুবিন গাৰ্গৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *