৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam April 23/2023:-
1. আজি বিশ্ব গ্ৰন্থ দিৱস।
১৯৯৫ চনৰ ২৩ এপ্ৰিলত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল।
2. ডিব্ৰুগড়ৰ কাৰাগাৰৰ সুকীয়া কোঠাত ৰখা হৈছে অমৃতপাল সিঙক।
অমৃতপালক জেৰা চলাব RAW, IBয়ে।
নিৰাপত্তাৰ খাতিৰত পঞ্জাবৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হৈছে অমৃতপালক।
পুৱা গ্ৰেপ্তাৰ হৈছিল ‘ৱাৰিছ পঞ্জাব ডে”ৰ নেতা অমৃতপাল সিং।
3. দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।
বিগত ২৪ ঘণ্টাত ১০,১১২ গৰাকী আক্ৰান্ত হৈছে ক’ভিডত।
বৰ্তমানলৈ দেশত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৭,৮০৬ গৰাকী।
4. বিপ্ৰা ফাউণ্ডেশ্যনৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস।
দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী মাৰোৱাৰী হাস্পতালত আয়োজন ৰক্তদান শিবিৰৰ।
সৰ্বমুঠ ১৪ হাজাৰ ইউনিট ৰক্তদান কৰাৰ লক্ষ্য ফাউণ্ডেশ্যনটোৰ।
5. মাজুলীত প্ৰকৃতিৰ কালৰূপ।
কেইবাখনো ফেৰীৰ যাত্ৰা বাতিল।
বিয়লি অফলামুখ ঘাটৰ পৰা চলা নাই এখনো ফেৰী।
নদীৰ মাজত আবদ্ধ ১০৮ নৌকা এম্বুলেন্স সেৱা।
ৰোগীৰ মাজত হাহাকাৰ, তীব্ৰ বতাহে কোবাইছে ১০৮ নৌকা এম্বুলেন্স।
6. ৰঙিয়াৰ ভাতকুছিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন।
দুৰ্ঘটনাত থিতাতে নিহত হয় পিতৃ-কন্যা।
নিহত শিৱপ্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা।
নিহত চন্দ্ৰমা বৰুৱা আছিল নৱ-বিবাহিতা।
আহত হৈছে এটি শিশুসহ চাৰিগৰাকী লোক।
মঙলদৈৰ পৰা বৰপেটালৈ যোৱাৰ পথত এই ঘটনা সংঘটিত হয়।
7. শ্ৰীনিৱাসৰ ঘৰত জাননী আঁৰিলে অসম আৰক্ষীয়ে।
২ মে’ত পুৱা ১১ বজাত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ।
অংকিতা দত্তই শ্ৰীনিৱাসৰ বিৰুদ্ধে আনিছিল লিংগ বৈষম্য, মানসিক নিৰ্যাতনৰ অভিযোগ।
ৰুজু কৰিছিল গোচৰ।
সময় অনুসৰি হাজিৰ নহ’লে শ্ৰীনিৱাসক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।
8. T20 ক্ৰিকেটত ৬ হাজাৰ ৰাণ সম্পূৰ্ণ সূৰ্যকুমাৰ যাদৱৰ।
চলিত IPLত পঞ্জাৱ কিংছৰ বিৰুদ্ধে এই যোগ্যতা অৰ্জন কৰে ক্ৰিকেটাৰগৰাকীয়ে।
ৱাংখড়ে ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে মেচখনত ২৬টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰে সূৰ্যকুমাৰ যাদৱে।
9. মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা।
ৰটলাম-ড০ আম্বেদকাৰ নগৰ ডেমু ৰে’লত অগ্নিকাণ্ড।
ৰে’লখনৰ জেনেৰেটৰত জুইৰ সূত্ৰপাত হয়।
ঘটনাত কোনো লোক হতাহত হোৱা নাই।
ৰটলামৰ প্ৰীতম নগৰ ষ্টেচনত সংঘটিত এই ঘটনা
10. ডুমডুমাৰ বাদলাবেটাত অঘটন।
ধুমুহাৰ ফলত গছ পৰি এজন যুৱকৰ মৃত্যু হয়।
মৃত যুৱকজনৰ নাম দেৱ কুমাৰ ঠাকুৰ।
11. মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
পুনে-বাংগালুৰু ঘাইপথত ট্ৰাক-বাছৰ মাজত সংঘৰ্ষ।
দুৰ্ঘটনাত চাৰিগৰাকী যাত্ৰী থিতাতে নিহত হয়।
12. মালিত আত্মঘাতী বোমাৰুৰ আক্ৰমণ।
আক্ৰমণত ১০ জনকৈ লোক নিহত হয়।
বোমা বিস্ফোৰণত ৬০ জনকৈ লোক আহত হয়।
এই পৰ্যন্ত কোনেও স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব।
13. ওদালগুৰিৰ ওৰাঙত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হয় এজন বাইক আৰোহী।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে বাইক।
মৃত বাইক আৰোহীজন হৈছে বাবুল ইছলাম।
14. চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীত বন বিভাগৰ অভিযান।
অভিযানত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে।
15. বশিষ্ঠৰ লতাকটাত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো।
ঘটনাস্থলিত আৰক্ষীয়ে উপস্থিত হয়।
16. ভেটাপাৰাৰ এম তৈয়াবুল্লা হকী ষ্টেডিয়ামত মহিলা হকী প্ৰশিক্ষণ শিবিৰ ।
২১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই শিবিৰত ২২ খন জিলাৰ ১৫০ গৰাকী যুৱতী খেলুৱৈ এ অংশগ্ৰহন কৰে।
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ উদ্যোগ আৰু অসম হকী সন্থাৰ সহযোগত আয়োজিত হৈছে শিবিৰটো।
17. ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ বিধ্বংসী ৰূপ।
প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিৰ ফলত তিনিচুকীয়া, চাবুৱাতো বিস্তৰ ক্ষতি সাধন হয়।
18. গুৱাহাটীত পুনৰ কিশোৰী ধৰ্ষণ।
১৫ বছৰীয়া ধন দাস নামৰ এজন ছাত্ৰই ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ।
পুৱা ঘৰৰ পৰা টিউচনৰ বাবে ওলাই গৈছিল কিশোৰীগৰাকী।
টিউচনলৈ যাওঁতে এজন বন্ধুৱে আন এজন বন্ধুৰ অফিচত লিপ্ত হয় জঘন্য কাণ্ডত।
কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে দুই বন্ধুক।
19. ‘মোৰ পুত্ৰ সিংহৰ দৰে সাহসী।
এগৰাকী যোদ্ধাৰ দৰে আত্মসমৰ্পণ কৰিছে মোৰ পুত্ৰই।’
পৰিয়ালে অমৃতপালৰ হৈ আইনী যুঁজ চলাই যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য অমৃতপাল সিঙৰ মাতৃ বলবিন্দৰ কৌৰৰ।
20. ‘অংকিতাৰ সৈতে কোনো যোগাযোগ হোৱা নাই বিজেপিৰ’।
অংকিতা দত্ত সন্দৰ্ভত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত মুখ খুলিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।
Post navigation
Go Top