৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam April 25/2023:-
1. আজি ঘোষণা কৰা হ’ল চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফল।
প্ৰথম স্থান- শিৱসাগৰ জিলা, দ্বিতীয় স্থান- চৰাইদেউ, তৃতীয় স্থান- গোলাঘাট জিলাই দখল কৰে।
2. ১০ মে’ত পুনৰ নতুন শিক্ষকৰ নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
3. গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পালে ব্ৰেইল হেমকোষে৷
বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি লাভ কৰে।
ব্ৰেইল হেমকোষৰ প্ৰকাশকলৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই আনুষ্ঠানিক পত্ৰ প্ৰদান কৰে।
4. বাংগালুৰুত আজি Zero Shadow Day।
দিনৰ ১২.১৭ বজাত অদৃশ্য হয় সকলো বস্তুৰ ছায়া।
এই বিশেষ মুহূৰ্তটো উদযাপন কৰাৰ উদ্দেশ্যে Indian Institute of Astrophysics য়ে আয়োজন কৰিছে বিশেষ কাৰ্যসূচীৰ।
5. ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিষয়া বিশাল গাৰ্গক দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হয়।
ইতিমধ্যে বিষয়াজনৰ কাৰ্যালয় ছীল কৰি দিয়া হয়।
6. আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হয় কেদাৰনাথ ধাম।
পুৱা ৬.১৫ বজাত খোলা হয় কেদাৰনাথ ধামৰ মূল দুৱাৰ।
পৰৱৰ্তী ৬ মাহৰ বাবে ভগৱানৰ আশীষ ল’ব পাৰিব ভক্তসকলে।
7. ‘অগ্নিবীৰ’ৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে দেশৰ বহু সহস্ৰাধিক যুৱক-যুৱতী।
১৭ এপ্ৰিলৰ পৰা ৩৭৫টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষা অন্ত পৰিব ২৬ এপ্ৰিলত৷
‘অগ্নিবীৰ’ৰ নিযুক্তি প্ৰক্ৰিয়াত কিছু পৰিৱৰ্তন আনিছে ভাৰতীয় সেনাই।
প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছে ONLINE COMMON ENTRANCE।
8. উত্তৰ-পূব সীমান্ত ৰে’লৱেত অন্তৰ্ভুক্ত হল ‘ভাৰত গৌৰৱ’ পৰ্যটক ৰে’ল।
২৭ মে’ৰ পুৱা ৮ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিব ৰে’লখনে।
IRCTCৰ এখন সংবাদমেলত জনালে ৰে’ল বিষয়াই।
9. 6 মে’ত অনুষ্ঠিত হব গুৱাহাটী ক্ৰীড়া সন্থাৰ নিৰ্বাচন।
কিন্তু GSAৰ নিৰ্বাচনত ক্ৰিকেট শাখাৰ পৰা ভোট নপৰিব।
GSAৰ অধীনস্থ ২৩টাকৈ ক্ৰিকেট ক্লাবে সন্থাৰ নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ বিচাৰি দীৰ্ঘদিন ধৰি তুলি অহা দাবীটোৰ প্ৰতি সঁহাৰি নিদিয়াত এই সিদ্ধান্ত।
10. সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু।
মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিশেষ ন্যায়াধীশৰ আদালতত ৰুজু কৰিলে গোচৰ।
CMV2/2023 নম্বৰত ৰুজু গোচৰ কৰা হৈছে।
অজিত ভূঞাসহ তালিকাত ১৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম।
11. বিৰাট কোহলীক IPLৰ ২৪ লাখ টকাৰ জৰিমনা।
RRৰ বিৰুদ্ধে ইনিংছত RCBৰ লেহেমীয়া অভাৰ ৰেটৰ বাবে অধিনায়ক কোহলীক জৰিমনা বিহিলে IPLয়ে।
RCBৰ বাকী সদস্যসকলেও ভৰিব লাগিব নূন্যতম জৰিমনা।
RRৰ বিৰুদ্ধে ৭ ৰাণৰ ব্যৱধানত জয়ী হৈছিল RCB।
12. ‘আজিৰ প্ৰজন্মটো কংগ্ৰেছৰ ভৱিষ্যৎ’।
প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট APCCৰ সভাপতি ভূপেন বৰা।
অসমৰ আগন্তুক লোকসভা নিৰ্বাচন আৰু কৰ্ণাটকৰ ৰাজনীতি সন্দৰ্ভতো ভূপেন বৰাৰ মন্তব্য।
13. মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ৷
কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ শ্বহীদ ন্যাসত আছুৰ প্ৰতিবাদ৷
অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্যবস্তু, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল৷
14. উত্তৰ-পূব সীমান্ত ৰে’লৱেক পুনৰ গঠনৰ দাবী অসম সন্মিলিত মহাসংঘৰ।
পশ্চিমবংগ, বিহাৰ আৰু ছিকিম সংলগ্ন হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিযুক্তিৰ পৰা ৭৫ বছৰ ধৰি বঞ্চিত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ১০ লক্ষাধিক উপযুক্ত যুৱক-যুৱতী।
এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।
15. হত্যা কৰি কাটি লৈ গ’ল জিভা।
অংগচ্ছেদ অৱস্থাত টেক্সাচৰ ৰাজপথত উদ্ধাৰ কৰা হয় ৬টাকৈ গৰুৰ মৃতদেহ।
মৃতদেহৰ কাষত নাই তেজৰ চিন।
ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
16. বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত হত্যাকাণ্ড।
ট্ৰেক্টৰ চালক সুনীল সূত্ৰধৰে মৰিয়াই মৰিয়াই হত্যা কৰে মিস্ত্রী নিকোদিম ঢদৰাক।
প্ৰথমে দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা, তাৰ পাছত মাৰপিট।
ইতিমধ্যে হত্যাকাৰী সুনীল সূত্ৰধৰক আটক কৰে আৰক্ষীয়ে।
17. যোৰাবাট আৰক্ষীয়ে ট্ৰাকসহ জব্দ কৰে ২৯ টাকৈ গো-ধন।
ইটানগৰৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল গৰু কেইটা।
18. নামৰূপত হৃদয়-বিদাৰক ঘটনা।
নাহৰফুটুকীৰ আক্ৰমণত ৭ বছৰীয়া শিশুৰ কৰুণ মৃত্যু হয়।
নামৰূপ চতিশপুৰ চাহ বাগিচাত সংঘটিত হয় এই ঘটনা।
19. প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।
জুবেইৰ আনম মজুমদাৰে লাভ কৰে ৬২,৭৮৩ টা ভোট।
আনুষ্ঠানিকতা ৰক্ষা দলৰ হাইক’মাণ্ডে বিজয়ীক দিব নিযুক্তি।
20. আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ সন্ধান লাভ।
ভাৰত-ম্যানমাৰ সীমান্তৰ আপাৰ চিংহাঙত উদ্ধাৰ কৰা হয় পলাশ মৰাণে পিন্ধা জেকেট।
স্থানীয় লোকে গাঁতত জেকেটটো পুতি থোৱাৰ তথ্য লাভ কৰে পৰিয়ালে।
তথ্যৰ ভিত্তিত ম্যানমাৰ সীমান্তত উপস্থিত হয় পলাশ মৰাণৰ ভাতৃ, স্থানীয় গাঁওপ্ৰধান।
পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ কৰি দিবলৈ প্ৰশাসনক আহ্বান পৰিয়ালৰ।
২০২১ত আলফা (স্বাঃ)ত যোগদান কৰিছিল তিনিচুকীয়াৰ তৰাণি গাঁৱৰ পলাশ মৰাণে।
Post navigation
Go Top