অসমৰ কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱাৰ জীৱনযাত্ৰা।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

আজি ২৭ এপ্ৰিল অৰ্থাৎ ২০১৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অসমৰ কুইজ মাষ্টাৰ দিলীপ কুমাৰ বৰুৱা।

তেখেত জন্ম হৈছিল ১৯৪৩ চনৰ ১৬ মাৰ্চত দৰং জিলাৰ ছিপাঝাৰৰ ভুক্তাবাৰী গাৱত।
পিতৃৰ নাম আছিল সত্যনাথ বৰুৱা আৰু মাতৃৰ নাম আছিল স্বৰ্ণলতা বৰুৱা।

দিলীপ কুমাৰ বৰুৱা আছিল অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।

তেখেত তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল।

বৰুৱা দেৱক অসমৰ “কুইজৰ জনক” বুলি অভিহিত কৰা হয়।

ছিপাঝাৰ চিৰাখোৱা প্ৰাথমিক বিদ্যালয়ত বৰুৱাই প্ৰাথমিক শিক্ষা আৰু ছিপাঝাৰতে হাইস্কুলীয়া শিক্ষা লাভ কৰে।
১৯৫৭ চনত শ্বিলঙৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ ছেইণ্ট এন্থনীজ কলেজৰ পৰা কলা শাখাত ইণ্টাৰমিডিয়েট উত্তীৰ্ণ হয়।
১৯৫৯ চনত তেখেতে কটন কলেজৰ অৰ্থনীতিৰ স্নাতক শাখাত উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইক’ন’মিক্‌ছৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ শিক্ষা অৰ্জন কৰে।
তাত তেখেতে অমৰ্ত্য সেন, জগদীশ ভাগৱতী, এইচ্ছ কে মনমোগন সিং, পদ্ম দেশাই, আই জি পেটেল আদি খ্যাতনামা অৰ্থনীতিবিদৰ সান্নিধ্য লাভ কৰে।

শিক্ষাজীৱন সাং কৰি ১৯৬৬ চনৰ ১৬ নৱেম্বৰত তেখেতে কটন কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে আৰু ১৯৭৮ চনৰ ২৯ ডিচেম্বৰত এই বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্বভাৰ লাভ কৰে।

২০০০ চনৰ ১ মাৰ্চত কটন মহাবিদ্যালয়ৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰে।
২০০১ চনৰ ১৩ ফেব্ৰুৱাৰীত হাফলং মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাম কৰি অৱসৰ গ্ৰহণ কৰে।
ইয়াৰ মাজত ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈকে গুৱাহাটীস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালকৰূপে সেৱা আগবঢ়ায়।

অৱসৰৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত ২০০১-০৯ চনলৈকে অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে।
ইয়াৰ লগতে তেখেতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, অসম ডনবস্ক’ বিশ্ববিদ্যালয়, গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০১-০২ চনত ৰাজ্যিক পৰিকল্পনা আয়োগ আৰু ২০০১-০৬ চনলৈ তেখেত দ্বিতীয় অসম ৰাজ্যিক বিত্তীয় আয়োগৰ সদস্য আছিল আৰু সপ্তম দৰমহা আয়োগৰো সদস্য আছিল।

ভাৰত চৰকাৰৰ প্ৰশাসনীয় সংস্কাৰ আয়োগৰ ৰাজ্যিক পৰ্যায়ৰ অধ্যয়নৰ তেখেত পৰামৰ্শদাতা আছিল য’ত অসম, বিহাৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাৰ অধ্যয়ন কৰা হৈছিল।অসম চৰকাৰৰ আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গঠন কৰা ৰাজহুৱা সমিতিৰো তেখেত সদস্য আছিল।

২০১০-১৪ চনত তেখেত ৰাজ্যিক হিচাপ পৰীক্ষণ উপদেষ্টা ব’ৰ্ডৰ সদস্য আছিল।
শেহতীয়াকৈ তেখেত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰাক্‌ পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ পাঠ্যক্ৰম সঞ্চালক আৰু পৰামৰ্শদাতা হিচাপে সেৱাৰত হৈ আছিল।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ সংস্কাৰ সমিতিৰো দায়িত্ব গ্ৰহণ কৰিছিল।

বৰুৱা দেৱে ইন্দিৰা বৰুৱাৰ সৈতে বিবাশপাশত আবদ্ধ হৈছিল।

তেখেতে ১৯৬৭ চনত কটন মহাবিদ্যালয়ত অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা পাতি পৰিচালনা কৰে।
১৯৮৫ চনত তেখেতে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ আমন্ত্ৰণক্ৰমে অসমৰ টেলিভিজন জগতত কুইজ প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটায়।
উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰৰ পাঠ্যপুথিৰ লগতে তেখেতে কেইবাখনো কুইজৰ কিতাপ লিখিছে।

দিলীপ কুমাৰ বৰুৱাই অসমৰ কুইজ আৰু তৰ্ক প্ৰতিযোগিতাৰ জগতলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে তাৰ বাবে তেওঁ সদায় আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব।

২০১৭ চনৰ ২৭ এপ্ৰিলত বৰুৱা দেৱে শেষ নিশ্বাস ত্যাগ কৰে।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।

ধন্যবাদ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *