৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 29/2023:- 

1. গুৱাহাটীত ICAIৰ উদ্যোগত বিশেষ চাৰ্টাৰ্ড একাউটেণ্ট (CA) সন্মিলন।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সন্মিলন খন।
দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

2. ৪ মে’ৰ পৰা টিংখাঙৰ
লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত ৰঙালী উৎসৱ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতাত অংশ ল’ব দেশ-বিদেশৰ বহু প্ৰতিযোগীয়ে৷
৫ মে’ত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিভা ভৌমিক।
টিংখাঙত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে বিধায়ক তথা মন্ত্ৰী বিমল বৰাই৷

3. পাকিস্তানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পাৰভেজ ইলাহীৰ বাসগৃহত অভিযান।
দুৰ্নীতিৰ গোচৰত জড়িতৰ অভিযোগ পাৰভেজ ইলাহীৰ বিৰুদ্ধে।
নিশাৰ অভিযানত পাৰভেজ পৰিয়ালৰ ১১ সদস্যৰ লগতে এগৰাকী কৰ্মচাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
দেৱালৰ গেট ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰক্ষী দলটোৱে।
১২ কোটি টকাৰ কেলেংকাৰিৰ অভিযুক্ত আছিল পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইলাহী।

4. আজিৰে পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ৷
চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী উৎসৱত আজি উলিওৱা হ’ব সাংস্কৃতিক শোভাযাত্ৰা৷
শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে প্ৰবীণ অভিনেতা বিষ্ণু খাৰঘৰীয়াই৷
শোভাযাত্ৰাত উপস্থিত থাকে নবীন-প্ৰবীণ বহু অভিনেতা-অভিনেত্ৰী৷

5. ১১ মে’ৰ বৰ্ষপূৰ্তিত একেলগে ৫০ হাজাৰক নিযুক্তিৰ সিদ্ধান্ত।
৩ মে’ত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ ফলাফল।
৪ মে’ত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ ফলাফল।
নিযুক্তি প্ৰাপ্তসকলে ১ জুনত যোগদান কৰিব লাগিব চাকৰিত।
মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

6. অনুশাসনৰ নামত চৰম মইমতালি মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ৷
একাধিক ছাত্ৰৰ চুলি খবলা-খবলিকৈ কাটিলে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে৷
ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈনগৰত অৱস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ আৰু অভিভাৱকে৷

7. ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদত কেইবা কোটি টকীয়া কেলেংকাৰি৷
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰমূৰীয়াই হিচাপ দিব পৰা নাই প্ৰায় ১৩কোটিৰো অধিক ধনৰ৷
তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীৰ কাৰ্যকালত সংঘটিত হৈছে এই কেলেংকাৰি৷

8. তামিলনাডুত অনুষ্ঠিত ২১সংখ্যক ৰাষ্ট্ৰীয় ফেড কাপ জুনিয়ৰ ২০ অনূৰ্ধ্ব এথলেটিকত চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ সফলতা৷
লৰাৰ ১৫০০মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে মেহদী হাচানে।
৩:৪৯:৭৩মিনিট সময়েৰে দৌৰ সম্পূৰ্ণ কৰি পদক অৰ্জন কৰে মেহদীয়ে৷
এই প্ৰদৰ্শনেৰে এছিয়ান জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন মেহদীৰ৷

9. তিনিচুকীয়াৰ অম্বিকাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷
যাত্ৰীবাহী বাছে মহটিয়াই নিলে এখন SANTRO বাহনক৷
বহু দূৰলৈকে যাত্ৰীবাহী বাছখনে চোঁচৰাই নিয়ে বাহনখনক৷
বহুসময় SANTRO বাহনৰ ভিতৰতেই আবদ্ধ হৈ পৰে চালক৷
স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে চালকজনক৷
পেঙেৰী-বৰডুমচা পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনা সংঘটিতৰ অভিযোগ৷
বাহনখনৰ তিনিজন আৰোহী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

10. কাজিৰঙাৰ হালধিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হয় ২জন আৰু আহত হয় ২জনকৈ লোক।

12. নগাঁৱত ২৯ লাখ ২১ হাজাৰ নকল টকা জব্দ কৰে ৰূপহীহাট আৰক্ষীয়ে।
লগতে নকল টকা প্ৰস্তুত কৰা ৰফিকুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ কৰে।

13. কেৰালাৰ আলাপ্পুজাৰ কায়ামকুলামৰ ৰামাপুৰমৰ ৰেলৱে লেভেল ক্ৰছত উদ্ধাৰ হয় আৰক্ষী বিষয়াৰ মৃতদেহ।
নিহত আৰক্ষী বিষয়াগৰাকী অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক কে হৰিকৃষ্ণন বুলি চিনাক্ত কৰা হৈছে।

14. কামৰূপ সোণতলী আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুভৰ্তি বাহনৰ লগতে ২৪টা গৰু।
আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক।

15. হাইলাকান্দিত আৰক্ষীৰ অভিযানত ড্ৰাগছ জব্দ।
নাগাচেৰাত এখন এল্ট’ বাহনৰ পৰা জব্দ কৰে ৩২০ গ্ৰাম ড্ৰাগছ ।
আৰক্ষীয়ে আটক কৰিছে তিনি ড্ৰাগছ সৰবৰাহকাৰীক।

16. কাজিৰঙাৰ হালধিবাৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
ৰখাই থোৱা ট্রাকত খুন্দা মাৰে বলেৰ’ পিকআপ ভানে।
থিতাতে নিহত হয় পিকআপ ভেনখনৰ দুজন আৰোহী।

17. দক্ষিণ কামৰূপৰ বকোৰ মালিবাৰীত বন বিভাগৰ অভিযান।
অভিযানত মাটি খননত ব্যৱহৃত এখন JCB জব্দ কৰা হৈছে।

18. সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱালৈ দামোদৰদেৱ বঁটা ২০২৩।
আউনীআটি সত্ৰই প্ৰদান কৰিব এই বিশেষ সন্মানটি।

19. সাৰৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ নলবাৰী আৰক্ষী৷
DAP সাৰ অবৈধভাৱে কঢ়িয়াই জালত বীজ ভাণ্ডাৰৰ গৰাকীৰ পুত্ৰসহ চাৰিজন৷
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাকসহ জব্দ কৰে ২৫০ বেগ DAP সাৰ৷

20. গুণোৎসৱত দুৰ্বল প্ৰদৰ্শনৰ পাছতে মহানগৰীত তৎপৰ শিক্ষা বিভাগ।
এসপ্তাহৰ ভিতৰত অনিয়ম শুধৰণিৰ সুযোগ বিদ্যালয়ৰ প্ৰধানক।
নিৰ্দেশনা জাৰি কামৰূপ মহানগৰ জিলাৰ IS দীপিকা চৌধুৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *